মঙ্গলদৈ, বাইহাটাৰ পিছত এইবাৰ ছিপাঝাৰত আনক প্ৰসাদ খোৱাই এঘৰীয়া হ’ল ব্ৰাহ্মণ সম্প্ৰদায়ৰ এটি দুৰ্ভগীয়া পৰিয়াল। ছিপাঝাৰ সমষ্টিৰ ২ নম্বৰ ঘোঁৰাশাল গাঁৱৰ আনন্দিপাৰাত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।
ব্ৰাহ্মণ সম্পদায়ৰ এঘৰীয়া কৰা ব্যক্তিয়ে প্ৰসাদ গ্ৰহণ কৰাৰ বাৱে ৰাজহুৱা শাস্তিৰ সন্মুখীন হ’ল আনন্দিপাৰাৰ একে সম্প্ৰদায়ৰে দীনেশ চন্দ্ৰ শৰ্মাৰ পৰিয়াল। ইয়াৰ পিছতে মঙ্গলদৈৰ অতুল শৰ্মাৰ পৰিয়ালৰ দৰেই এতিয়া দিকবিদিক হেৰুৱাইছে দীনেশ চন্দ্ৰ শৰ্মাৰ পৰিয়ালে।
শাস্তিৰ সন্মূখীন হোৱা ব্ৰাহ্মণ পৰিয়ালটোৰ ধৰ্মীয় সকামত প্ৰসাদ খাবলৈ আহিছিল স্থানীয় ব্ৰাহ্মণ সমাজে পূৰ্বে এঘৰীয়া কৰা এজন লোকজন। এনে লোকক পূজাৰ প্ৰসাদ খাবলৈ দিয়াটো অপৰাধ গণ্য কৰি আনন্দিপাৰাৰ ব্ৰাহ্মণৰ খেলে সমাজচ্যুত কৰিলে দীনেশ চন্দ্ৰ শৰ্মা নামৰ লোকজনৰ পৰিয়ালটোক।
লগতে পঢ়ক ইউনিফর্ম পিন্ধি মহিলাৰে অনৈতিক কাৰ্য আৰক্ষীৰ, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে হ’ল নিলম্বিত
পৰিয়ালটোৱে সংবাদ মাধ্যমক জনোৱা মতে সোমবাৰে স্থানীয় ব্ৰাহ্মণ সমাজৰ খেলৰ সভাপতি/সম্পাদকৰ স্বাক্ষৰ সম্বলিত এক পত্ৰ তেওঁলোকে লাভ কৰে। তাত উল্লেখ কৰা মতে, সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্ভূক্ত পৰিয়ালসমূহৰ গৃহত হোৱা কোনো অনুষ্ঠানতে ভাগ ল’ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে।
ইফালে এবছৰ ধৰি জটিল ৰোগত ভুগি সৰ্বস্বান্ত আৰু শয্যাশায়ী হৈ আছে অতি দৰিদ্ৰ লোক দীনেশ শৰ্মা। নিজৰ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানৱীয় সিদ্ধান্তৰ বলি হৈ মানসিকভাৱে ভাগি পৰিছে এতিয়া পৰিয়ালটো।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ