এক লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে উত্তৰ প্ৰদেশ৷ এগৰাকী হাইস্কুলীয়া ছাত্ৰই নিজৰ বন্ধুকে অতি নৃসংশভাৱে হত্যা কৰিছে৷ হত্যাৰ কাৰণ জানিলে আপোনাৰ চকু কপালত উঠাই নহয়, বাকৰুদ্ধও হৈ পৰিব৷
ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ১৬ বছৰীয়া হাইস্কুলীয়া এগৰাকী ছাত্ৰই অষ্টম শ্ৰেণীত অধ্যয়নৰত তেওঁৰ এজন ১৩ বছৰীয়া বন্ধুক হত্যা কৰি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে৷
শিক্ষাৰ্থীগৰাকীয়ে হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষী থানা উপস্থিত হৈ আৰক্ষীৰ আগত কয় যে তেওঁ স্কুল যাবলৈ ভাল নাপায় বাবে জে’লত বন্দী হৈ থাকিবলৈ এগৰাকী বন্ধুক হত্যা কৰি আহিছে৷
লগতে পঢ়ক আকৌ ব্ৰাহ্মণ সমাজৰ ৰোষত ব্ৰাহ্মণ পৰিয়াল! এঘৰীয়া লোকক প্ৰসাদ দি এঘৰীয়া আন এঘৰ ব্ৰাহ্মণ
আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা সোমবাৰে শিক্ষাৰ্থীগৰাকীয়ে সন্ধিয়া এজন বন্ধুক ডিঙিত কাচৰ টুকুৰাৰে ৰেপি হত্যা কৰে৷ পিছত অভিযুক্ত ছাত্ৰজনে নিজেই গাৰ্ডেন এনক্লেভ আৰক্ষী চকীত উপস্থিত হৈ নিজৰ অপৰাধ স্বীকাৰ কৰি কয় যে তেওঁক ‘জে’ললৈ পঠিয়াব লাগে, কাৰণ তেওঁ পঢ়া-শুনা কৰিব নিবিচাৰে।’
আৰক্ষীক অভিযুক্ত ছাত্ৰজনে জনোৱা মতে, সোমবাৰে সন্ধিয়া তেওঁ বন্ধুক ফোন কৰি মাতি আনি দুয়ো কথা পাতি আছিল৷ কথা পাতি থকাৰ মাজতে হঠাতে পূৰ্বৰে পৰা পৰিকল্পনা কৰাৰ মতে অভিযুক্ত ছাত্ৰজনে কাঁচৰ বটল এটা ভাঙি বন্ধুৰ ডিঙিত ৰেপি হত্যা কৰে।
আৰক্ষীৰ মতে, অভিযুক্ত ছাত্ৰজনে স্কুললৈ যোৱাটো পচন্দ কৰা নাছিল৷ কিন্তু তথাপিও পৰিয়ালৰ লোকে তেওঁক হেঁচা দি স্কুললৈ পঠিয়াই আহিছিল।পঢ়া-শুনাতো তেওঁ অতি দুৰ্বল আছিল। স্কুললৈও তেওঁ খুব কমেইহে গৈছিল। কোৱা হৈছে যে অভিযুক্ত ছাত্ৰজনে এমাহত ১০ দিনতকৈ অধিক ছুটী লৈছিল।
লগতে পঢ়ক প্লেটফৰ্মত শুই আছিল পত্নী, স্বামীয়ে দাঙি নি পেলাই দিয়ে চলন্ত ৰে’লৰ আগত, তাৰ পাছত কি হ’ল?
তেওঁ ভাবিলে জে’ললৈ গ’লে আৰু পঢ়া-শুনা কৰিব নালাগে, স্কুললৈও যাব নালাগে। ইয়াৰ পিছত তেওঁ কেনেকৈ জে’ললৈ যাব লাগে সেইটো বিচাৰি উলিয়াবলৈ ধৰিলে। ৭ মাহ ধৰি কেনেকৈ জে’ললৈ যাব পাৰি সেয়া ভাবি কটাইছিল অভিযুক্ত ছাত্ৰজনে। ইয়াৰ পাছত ছাত্ৰজনে কাৰোবাৰ পৰা জানিব পাৰিলে যে কাৰোবাক হত্যা কৰাৰ পিছত তেওঁ বহুদিন জে’লত থাকিব পাৰিব আৰু জে’লত পঢ়িবও নালাগে। ইয়াৰ পিছত তেওঁ হত্যাৰ পৰিকল্পনা কৰে।
উল্লেখ্য যে হত্যাৰ অভিযোগত অভিযুক্ত ছাত্ৰজন দশম শ্ৰেণীত পঢ়ি আছে। তেওঁ এটা শ্ৰেণীতে বহুবাৰ ফেইলো কৰিছে। ইয়াৰ বাবেও পৰিয়ালৰ সদস্যসকলে তেওঁক হেঁচা দিছিল। পঢ়া-শুনাৰ হেঁচাৰ বাবেই তেওঁ বিচলিত হৈ পৰিছিল। আনকি হত্যাকাণ্ডৰ পিছতো যেতিয়া তেওঁ আৰক্ষী চকীত গৈ নিজৰ অপৰাধ স্বীকাৰ কৰে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতো অভিযুক্ত ছাত্ৰজনৰ মুখত সামান্যতমো অনুশোচনা ভাৱ দেখা পোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ