ভাৰতীয় সেনাবাহিনীত যোগ দিবলৈ উৎসাহী ভাৰতৰ প্ৰায়সংখ্যক যুৱকযুৱতীয়েই৷ আগ্ৰহী যুৱক যুৱতীৰ বাবে আকৌ আহিছে ভাল খবৰ৷ ভাৰতীয় সেনাবাহিনীত অগ্নিবীৰ নিয়োগ আৰম্ভ হৈছে ২০২৫ৰ বাবে৷ ইতিমধ্যেই এই নিয়োগৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ১২ মাৰ্চৰ পৰা৷ আগ্ৰহী প্ৰাৰ্থীয়ে আগন্তুক ১০ এপ্ৰিলৰ ভিতৰত এই আবেদন কৰিব পাৰিব৷
এই নিয়োগৰ অধীনত বিভিন্ন পদত নিযুক্তি দিয়া হব৷ ইয়াৰ মাজত আছে অগ্নিবীৰ জেনেৰেল ডিউটি, অগ্নিবীৰ ক্লাৰ্ক বা ষ্টোৰকিপাৰ, অগ্নিবীৰ ট্ৰেডছমেন, সৈনিক টেকনিকেল নাৰ্ছিং ইত্যাদি৷ এই নিয়োগৰ বাবে এক লিখিত পৰীক্ষা দিব লাগিব আগ্ৰহী প্ৰাৰ্থীয়ে৷ এই নিয়োগৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হব এই বৰ্ষৰ জুন মাহত৷ অৱশ্যে এতিয়াও তাৰিখ ঘোষণা কৰা হোৱা নাই৷ ইয়াৰ বাবে প্ৰাৰ্থীয়ে নজৰ ৰাখিব লাগিব www.joinindianarmy.nic.in ৱেবচাইটত৷
কোনে কোনে কৰিব পাৰিব আবেদন?
অগ্নিবীৰ জেনেৰেল ডিউটি পদৰ বাবে প্ৰাৰ্থীয়ে ৪৫শতাংশ নম্বৰ লৈ মাধ্যমিক উত্তীৰ্ণ হব লাগিব৷ যদি কোনো প্ৰাৰ্থীৰ লাইট মোটৰ ভেহিকেলৰ লাইছেন্স থাকে তেন্তে তেওঁলোকে ড্ৰাইভাৰ পদৰ বাবে আবেদন কৰিব পাৰে৷ অগ্নিবীৰ টেকনিকেল পদৰ বাবে দ্বাদশ শ্ৰেণীত নূন্যতম ৫০শতাংশ নম্বৰ লৈ পাছ কৰা হব লাগিব৷ দ্বাদশত অৱশ্যেই প্ৰাৰ্থীৰ পাঠ্যক্ৰমত পদাৰ্থবিদ্যা, ৰসায়ন, গণিত আৰু ইংৰাজী বিষয় থকাটো বাধ্যতামূলক বিষয় হিচাপে গণনা কৰা হ’ব৷
আবেদনৰ ফি কিমান?
এই নিয়োগৰ বাবে সমস্ত কেটাগৰীৰ প্ৰাৰ্থীসকলে ২৫০ টকা দিব লাগিব আবেদনৰ ফি৷ এই ফি জমা কৰিব লাগিব অনলাইন মোডত৷
কি কি নথি লাগিব?
দশম আৰু দ্বাদশৰ মাৰ্কশ্বিট, ছাৰ্টিফিকেট, স্কেন কৰা স্বাক্ষৰ, পাছপোৰ্ট ছাইজৰ ছবি, কাষ্ট ছাৰ্টিফিকেট ইত্যাদি নথিৰ প্ৰয়োজন হব অগ্নিবীৰ নিয়োগৰ আবেদনৰ সময়ত৷
কেনেকৈ কৰিব আবেদন?
ভাৰতীয় সেনাবাহিনীৰ অফিচিয়েল ৱেবচাইটৰ পৰা এই অগ্নিবীৰ নিয়োগৰ বাবে আবেদন কৰিব লাগিব৷ নিৰ্দিষ্ট নথি আপলোড কৰি, ফৰ্ম পূৰণ কৰি আবেদন সম্পূৰ্ণ কৰিব লাগিব৷ ১০ এপ্ৰিলৰ পাছত কোনো আবেদন গ্ৰাহ্য কৰা নহ’ব৷
অন্যান্য নিয়োগ
বৰ্ডাৰ ছিকিউৰিটি ফৰ্ছ অৰ্থাৎ বি এছ এফৰ হেড কনিষ্টবল মিনিষ্টেৰিয়েল আৰু এছিচটেণ্ট ছাব ইন্সপেক্টৰ ষ্টেনো নিয়োগ কৰিব লাগিব৷ এই দুই পদত চাকৰিৰ বাবে আবেদনকাৰীৰ ফিজিকেল এফিচিয়েন্সি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট দিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ