বৃহস্পতিবাৰে আহমেদাবাদৰ অভিশপ্ত বিমানৰ যাত্ৰী আছিল গুজৰাটত প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানি৷ পুত্ৰৰ কাষলৈ যাবলৈ লণ্ডনমুখী এয়াৰ ইণ্ডিয়াৰ সেই বিমানত উঠিছিল বিজয় ৰূপানি৷ চৰ্দাৰ বল্লৱভাই পেটেল আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা টেকঅফ কৰাৰ কেইমিনিটৰ ভিতৰতেই ভাঙি পৰে বিমানখন৷ দুৰ্ঘটনাত তেওঁৱো মৃত্যুক সাবটি লৈছে৷
বিজয় ৰূপানিৰ সংখ্যাতত্ত্বৰ এক বিশেষ যোগ বিচাৰি পাইছে নিউমাৰলজিষ্টে৷ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মৃত্যু হৈছে ১২ জুন অৰ্থাৎ সংখ্যাৰ বিচাৰত ১২০৬৷ সংবাদমাধ্যমত প্ৰকাশিত ৰিপৰ্ট অনুসৰি বিজয় ৰূপানিৰ প্ৰিয় সংখ্যা আছিল ১২০৬৷ চাৰি অংকৰ এই সংখ্যাৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছিল বিজয় ৰূপানিৰ৷ তেওঁৰ সকলো ব্যক্তিগত বাহনৰ নম্বৰ প্লেটৰ নম্বৰ হৈছে ১২০৬৷ কাকতালীয়ভাৱে তেওঁৰ মৃত্যুও হৈছে ১২০৬ তাৰিখেই৷ আৰু বিজয় ৰূপানিয়ে বিমানত বহা আসনৰ নম্বৰো আছিল ১২নম্বৰ৷ আৰু তেওঁ বিমানত উঠিছিল ১২ বাজি ১০ মিনিটত৷
ছচিয়েল মিডিয়াত বিজয় ৰূপানিৰ মৃত্যু হোৱাৰ দিন আৰু তেওঁৰ বাহনৰ নম্বৰক লৈ চৰ্চা হৈছে৷ তেওঁৰ সকলো বাহনৰ নম্বৰ ১২০৬ আৰু ১২০৬তেই তেওঁ পৃথিৱী এৰি গুচি গল৷ সংখ্যাতত্ত্ব অনুসৰি সংখ্যা যেতিয়া তাৰিখত পৰিণত হয় তেতিয়া ব্ৰহ্মাণ্ডই কেতিয়াবা কেতিয়াবা চিৎকাৰ কৰি উঠে৷ আৰু উল্লেখযোগ্য বিষয় হৈছে ১২০৬ ৰ প্ৰতিটো অংক পৰস্পৰ যোগ কৰিলে হয় ৯৷ আৰু দুৰ্ঘটনাগ্ৰস্থ বিমানৰ নম্বৰ আছিল AI171, ১৭১ৰ প্ৰতিটো অংকও যোগ কৰিলে হয় ৯৷ আহমেদাবাদৰ বিমান দুৰ্ঘটনাত এতিয়া পৰ্যন্ত দিয়া মৃতকৰ সংখ্যা ২৬৫৷ এজন যাত্ৰী এই দুৰ্ঘটনাত জীৱিতভাৱে উদ্ধাৰ হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















