কেন্দ্ৰৰ ওপৰত ক্ৰোধ প্ৰকাশ ৰাহুল গান্ধীৰ- UPSCত RSS ৰ পৰা ভৰ্তি হৈ আছে, কাঢ়ি আছে সংৰক্ষিত আসন
কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে পুনৰ লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। শেহতীয়াকৈ কেন্দ্ৰীয় লোকসেৱা আয়োগে চলোৱা নিযুক্তিৰ কথা উল্লেখ কৰি তেওঁ কয় যে মোদী চৰকাৰে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে বৃহৎ পদত নিযুক্তি দিছে।
ৰাহুল গান্ধীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট দি মুকলিকৈ ৰিজাৰ্ভেচন সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জৰিয়তে ৰাজহুৱা সেৱক নিযুক্তি দি সংবিধানক আক্রমণ কৰিছে বুলিও কয়৷
কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ত পাৰ্শ্বীয় প্ৰৱেশৰ জৰিয়তে গুৰুত্বপূৰ্ণ পদত নিযুক্তি দি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচি শিতানৰ সংৰক্ষণ মুকলিকৈ কাঢ়ি লৈগৈছে।
সগতে ইয়াকো কৈছে যে, প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অধিকাৰৰ ওপৰত ডকাইতি কৰিছে কেন্দ্ৰই। ইয়াক উন্নত কৰাৰ পৰিৱৰ্তে তেওঁলোকক শীৰ্ষ পদৰ পৰা অধিক আঁতৰাই দিয়া হৈছে পাৰ্শ্বীয় প্ৰৱেশ। ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ অধিকাৰৰ ওপৰত আৰু অভাৱগ্ৰস্ত লোকৰ বাবে সংৰক্ষণকে ধৰি সামাজিক ন্যায়ৰ ধাৰণাটোৰ ওপৰত বিজেপিয়ে লুটপাত চলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ