অসম লাইভ ২৪ঃ অসমীয়া বোলছবিৰ প্ৰথমগৰাকী অভিনেত্ৰী আইদেউ সন্দিকৈৰ আজি জন্মদিন। ১৯২০ চনত ২৭ জুনত জন্মলাভ কৰিছিল আইদেউৱে। ১৯৩৫ চনৰ ১০ মাৰ্চত মুক্তিলাভ কৰা জয়মতী কথাছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰি আইদেউৱে মুকলি কৰিছিল এখন নতুন দুৱাৰ। পিছে এই যাত্ৰা সহজ নাছিল আইদেউৰ বাবে। সেই সময়ছোৱাৰ পৰম্পৰাবাদী ৰক্ষণশীল সমাজখনে একাষৰীয়া কৰিছিল আইদেউৰ পৰিয়ালক। জয়মতীৰ ছুটিঙৰ কাম শেষ হোৱাৰ পাছতেই পৰিচালক জ্যোতি প্ৰসাদ আগৰৱালাই আইদেউক দিছিল এযোৰ বিশেষ কাপোৰ। কাপোৰযোৰ জীৱনৰ এটা বিশেষ দিনত পিন্ধিবলৈ কৈছিল আইদেউৰ জ্যোতি ককাইদেউৱে। পিছে জয়মতীৰ সহ অভিনেতা ফুনু বৰুৱাক বঙহৰদেউ সম্বোধন কৰাৰ বাবে সমাজৰ ৰোষত পৰিছিল আইদেউ। সমাজে একাষৰীয়া কৰা আইদেউক বিয়া কৰাবলৈ আগবাঢ়ি অহা নাছিল কোনো। যাৰ বাবে আইদেউ হৈ পৰিছিল আজীৱন অবিবাহিত। সেয়ে জ্যোতি ককাইদেউৱে বিশেষ দিনত পিন্ধিবলৈ দিয়া বিশেষ সাজযোৰ কেতিয়াও পিন্ধাই নহ’ল আইদেউৰ। আজি সেইগৰাকী আইদেউ সন্দিকৈৰ জন্মদিন। অসমীয়া বোলছবিৰ বাবে আইদেউ সন্দিকৈয়ে আগবঢ়োৱা অৱদান আজীৱন লিপিৱদ্ধ হৈ থাকিব সোণালী আখৰেৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ