উত্তৰ প্ৰদেশৰ মীৰাটত AIMIM প্ৰধান আছাদুদ্দিন ওৱেছীলৈ গুলীচালনা কৰিছে কোনো দুৰ্বৃত্তই৷
উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ উপলক্ষ্যে মীৰাটত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল AIMIM প্ৰধান তথা সাংসদ আছাদুদ্দিন ওৱেছীয়ে৷
ঘটনাৰ বিৱৰণীৰ মতে সাংসদ ওৱেছীয়ে মীৰাটত নিৰ্বাচনী প্ৰচাৰ চলাই দিল্লীলৈ ওভতি অহাৰ পথতে দুৰ্বৃত্তই গুলীচালনা কৰে৷
দিল্লীৰ সমীপৱৰ্তী হৰপুৰৰ এলেকাৰ এখন টোল প্লাজাৰ ওচৰতে ওৱেছীলৈ গুলীচালনা সংঘটিত হয় আৰু গুলীয়ে ওৱেছীয়ে যাত্ৰা কৰা বাহনখন আঘাত কৰে আৰু বাহনখনৰ চকাবোৰো পাম্পচাৰ হয়৷
গুলীবিদ্ধ গাড়ীখনৰ ফ’টো টুইটাৰত শ্বেয়াৰ কৰি ওৱেছীয়ে লিখিছে, ‘‘আমি সুৰক্ষিত৷ আলামদুলিলাহ৷’’
ওছেয়ী প্ৰকাশ কৰা অনুসৰি দুৰ্বৃত্তৰ দলটোত ৩ ৰপৰা ৪ জন সদস্য আছিল আৰু তিনিৰ পাৰ চাৰি ৰাউণ্ড গুলীচালনা কৰিয়েই ঘটনাস্থলীতে মাৰণাস্ত্ৰসমূহ পেলাই পলায়ন কৰে৷
‘‘মীৰাটৰ কিঠাৱৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা মই দিল্লীলৈ ৰাওনা হৈছিলো৷ তেতিয়াই তিনি চাৰিজনীয়া দুৰ্বৃত্তৰ দলে ছাৰাশী টোল প্লাজাৰ সমীপতে তিনিৰ পৰা চাৰি ৰাউণ্ডৰ গুলীচালনা কৰে৷’’ ওৱেছীয়ে লিখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ