আজি সৰস্বতী পূজা৷ ভক্তৰ ভক্তি বিগলিত হৃদয়ৰ আৰ্তিৰে উথলি উঠিছে পূজাথলীসমূহ৷ প্ৰচণ্ড শীতৰ মাজতে ৰাজ্যজুৰি জ্ঞানপিপাসু ভক্তৰ ব্যাপক আয়োজন সৰস্বতী পূজাৰ৷ ক’ৰোনাৰ আতংকময় পৰিস্থিতিৰ মাজতে কোভিডবিধি মানি দেৱীলৈ যথাবিহিত পূজা-অৰ্চনা আগবঢ়োৱা হৈছে৷ অভাৱনীয় শীত আৰু বৰ্ষাবিঘ্নিত পৰিবেশৰ মাজতে এইবেলি ৰাজ্যৰ শিক্ষানুস্থানসমূহত উদযাপন কৰা হৈছে সৰস্বতী পূজা৷
কোভিডকালীন পৰিস্থিতিৰ বাবে কোভিড বিধি মানি ৰাজ্য চৰকাৰে সৰস্বতী পূজা পালন কৰিবলৈ অনুমতি প্ৰদান কৰিছিল যদিও বতৰে পূজা বিঘ্নিত কৰাৰ আশংকা কৰা হৈছিল৷ কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৪ আৰু ৫ ফেব্ৰুৱাৰীত প্ৰতিকূল বতৰৰ আগজাননী প্ৰেৰণ কৰিছিল৷ কিন্তু আজি পুৱাৰ ভাগৰে পৰা বতৰ কিছু পৰিবৰ্তন হোৱাত শিক্ষাৰ্থীসকলৰ মাজতে পুনৰ দেখা পোৱা গৈছে পূজাৰ আনন্দ-উছাহ৷ তাৰোপৰি সৰস্বতী পূজা আৰু বসন্ত পঞ্চমী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ