অসম লাইভ২৪ঃ সংঘৰ্ষ চলিছে ইজৰাইল আৰু হামাছৰ মাজত। পেলেষ্টাইনৰ মুক্তি আন্দোলনৰ সশস্ত্ৰবাহিনী হামাছৰ আক্ৰমণৰ পাছত প্ৰত্যাক্ৰমণ চলাইছে ইজৰাইলে। শনিবাৰৰ পৰা এই যুদ্ধত উভয় পক্ষৰে আহত হৈছে হাজাৰ হাজাৰ মানুহ। হামাছৰ আক্ৰমণত বৰ্তমান পৰ্যন্ত ২৫০গৰাকী ইজৰাইলী নিহত হৈছে। আনহাতে ইজৰাইলৰ আক্ৰমণত গাজাত ২৩০গৰাকীতকৈয়ো অধিক লোক নিহত হৈছে। আহতৰ সংখ্যা কেইবাশতাধিক। ইজৰাইলৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই বিমান চলাচল বন্ধ কৰিছে ইজৰাইলত। আগন্তুক ১৪তাৰিখলৈকে এয়াৰ ইণ্ডিয়াই বিমান চলাচল বন্ধ কৰিছে ইজৰাইলত।
এয়াৰ ইণ্ডিয়াৰ তৰফৰ দিয়া বিবৃত্তিমতে, ‘যাত্ৰী আৰু বিমান কৰ্মীৰ জীৱনৰ সুৰক্ষাৰ কথা ভাৱিয়েই এই সিদ্ধান্ত লৈছে এয়াৰ ইণ্ডিয়াই। যিসকলে টিকট কাটিছিল সেইসকল যাত্ৰীৰ টিকট কেনছেল কৰা হৈছে।’ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগেই বহু বীভৎস আৰু নৃশংস দৃশ্য প্ৰকাশিত হৈছে। হামাছ নিয়ন্ত্ৰিত গাজা উপত্যকাত ইজৰাইলে এতিয়া প্ৰতিমুহূৰ্ততে চলাইছে আক্ৰমণ। হামাছে ইজৰাইলৰ ওপৰত চলোৱা আক্ৰমণক নাম দিছে, ‘অপাৰেছন আল-আক্সা ফ্লাড’। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত এই যুদ্ধ জেৰুজালেমৰ বেথলেহেমত আৱদ্ধ হৈ পৰিছে বহু ভাৰতীয়। জেৰুজালেমৰ দক্ষিণ বেথলেহেমত জন্মগ্ৰহণ কৰিছে যীশুখ্ৰীষ্টই। সেয়ে এই ঠাই খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ বাবে খুবেই পবিত্ৰস্থান।
ইজৰাইলত আৱদ্ধ হৈ থকা ভাৰতীয়ৰ মাজত আছে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ২৭গৰাকী লোক সহিতে ৰাজ্যসভাৰ সাংসদ Dr WR Kharlukiও। সাংসদ খাৰলুকিয়ে পত্নী আৰু সন্তানসহিতে বেথলেহেম ভ্ৰমণলৈ গৈছিল। এই সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই কয়, ‘আমাৰ ৰাজ্যৰ যিসকল লোক তাত আৱদ্ধ হৈ আছে তেওঁলোকক নিৰাপদে উভতাই আনিবলৈ চেষ্টা কৰিছো। আমি কেন্দ্ৰীয় বিদেশ মন্ত্ৰণালয়ৰ সৈতে আলোচনা কৰিছো। তেওঁলোকক ইজিপ্ট হৈ দেশলৈ অনাৰ চেষ্টা চলাইছো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ