• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

4 years ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

49 minutes ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

2 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

3 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

4 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

4 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

5 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

6 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

6 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

7 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

8 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

9 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ

২৬ জুনত প্ৰধানমন্ত্ৰীৰ ৯০ সংখ্যক ‘মন কী বাত’

editor by editor
June 26, 2022
in ভাৰত, ৰাজনীতি
0
জনতাৰে সম্পৰ্ক স্থাপনৰ বাবে কৌশল প্ৰধানমন্ত্ৰীৰ
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত বিচক্ষণ ৰাজনীতিক নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো প্ৰান্তৰ আৰু সকলো স্তৰৰ নাগৰিকৰে সম্পৰ্ক স্থাপনৰ বাবে ৰচনা কৰে কৌশল৷ আৰু সেই কৌশলেৰে পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই কৌশল হৈছে ‘মন কী বাত’ অনুষ্ঠান৷ ২৬ জুনত এই অনুষ্ঠানটিৰ ৯০ সংখ্যক খণ্ডত সম্প্ৰচাৰিত হয়৷ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ এই সফল পৰীক্ষণৰ আঁৰত থকা অনুষ্ঠানটো কি?

আকাশবাণীৰ বাবেহে সফল হৈছে প্ৰধানমন্ত্ৰীৰ কৌশল। হয়, ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশৰ সকলো প্ৰান্তৰ সকলো স্তৰৰ নাগৰিকৰ মাজলৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা প্ৰেৰণ কৰা অনুষ্ঠানটো হৈছে আকাশবাণী৷ অৰ্থাৎ ৰেডিঅ’ চেণ্টাৰ৷ ভাৰতত আকাশবাণীৰ ইতিহাসো বহু দীঘলীয়া৷

প্ৰথম পৰীক্ষামূলক ৰেডিঅ’ সম্প্ৰচাৰ ১৯২৩ চনত। চৰকাৰৰ আনুষ্ঠানিক ৰেডিঅ’ সম্প্ৰচাৰ ১৯২৭ চনত। ৯৪ বছৰীয়া হ’ল ভাৰতত ৰেডিঅ’ চেণ্টাৰৰ ইতিহাস। আকাশবাণী হিচাপে পৰিচয় লাভ ১৯৫৭ত । আকাশবাণী প্ৰতিষ্ঠা হৈছিল ১৯৩৬ চনত ।

ভাৰতৰ আকাশবাণী অৰ্থাৎ ৰেডিঅ’ চেণ্টাৰৰ ইতিহাস বহু দীঘলীয়া৷ পোনতে ব্যক্তিগত খণ্ডৰ বোম্বাই প্ৰেছিডেন্সী ৰেডিঅ’ ক্লাবে ১৯২৩ চনত ৰেডিঅ’ত পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ কৰিছিল৷ অৱশ্যে সেই উদ্যোগ সম্পূৰ্ণ ব্যক্তিগত আছিল৷

ইংৰাজ শাসিত ভাৰতত ১৯২৭ চনৰ ২৩ জুলাইত ৰেডিঅ’ চেণ্টাৰৰ আনুষ্ঠানিক সম্প্ৰচাৰ আৰম্ভ হয়৷ তেতিয়াৰে পৰা ভাৰতবৰ্ষত ৰেডিঅ’ অৰ্থাৎ আকাশবাণীয়ে পিছলৈ উভতি চাবলগীয়া হোৱা নাই৷

আজি তথ্য প্ৰযুক্তি আৰু ছ’চিয়েল মিডিয়াৰ লগতে দৃশ্য-শ্ৰব্য মাধ্যমৰ অভাৱনীয় উত্তৰণৰ মাজতো আকাশবাণী বা অল ইণ্ডিয়া ৰেডিঅ’ৰ এক বিশেষ মৰ্যাদা অক্ষুণ্ণ আছে৷

কেৱল সিমানেই নহয়, ভাৰতৰ জনগণৰ মাজত ৰেডিঅ’ চেণ্টাৰৰ প্ৰভাৱ আৰু ভূমিকাও উলাই কৰিব পৰা বিধৰ নহয়৷ আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তা প্ৰেৰণৰ বাবে এই ৰেডিঅ’ পচন্দ কৰিছে৷ কিন্তু কিয়?

ভাৰতত আছে ৪৫০টা ৰেডিঅ’ চেণ্টাৰ। ৰেডিঅ’ চেণ্টাৰৰ প্ৰভাৱ থকা এলেকা ৯২ শতাংশ। ৯৯.১৯ শতাংশ জনতাৰ ওপৰত আছে ৰেডিঅ’ৰ প্ৰভাৱ । ২৩টা আঞ্চলিক ভাষাত পূৰ্ণাংগ ৰেডিঅ’ সম্প্ৰচাৰ। ১৭৯টা দোৱান বা কথিত ভাষাটো ৰেডিঅ’ সম্প্ৰচাৰ।

সমগ্ৰ দেশত বিজেপিৰ সৰ্বব্যাপি নেটৱৰ্ক থকাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ’ চেণ্টাৰক বাছি লৈছে কিয়? দেশত আৰ এছ এছৰ অৰ্ধশতাধিক বিবিধ ক্ষেত্ৰৰ সংগঠন আছে৷

সেই সংগঠনৰো পৰিসৰ আৰু ব্যাপকতা কম নহয়৷ কিন্তু তাৰ পাছতো ৰেডিঅ’ চেণ্টাৰত বাৰ্তা প্ৰেৰণৰ বাবে নিৰ্বাচন কৰাৰ মূল কাৰণটো হৈছে আকাশবাণীয়ে ভাৰতৰ সৰ্বমুঠ ভূখণ্ডৰ ৯২ শতাংশ ঠাইত বিস্তাৰিত হৈ আছে৷

আৰু আকাশবাণীয়ে স্পৰ্শ কৰা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৯৯ শতাংশ৷ গতিকে ইমান বৃহৎ এলেকাত বৃহৎসংখ্যক জনতাৰ মাজলৈ নিজৰ বাৰ্তা প্ৰেৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে আকাশবাণীকে মূল অনুষ্ঠান হিচাপে লৈছে৷

অন্য অৰ্থত বিজেপিৰ জয়যাত্ৰা আৰু ৰাজনৈতিক প্ৰভাৱত আকাশবাণীৰ প্ৰভাৱো উল্লেখযোগ্য হিচাপে বিবেচিত হৈছে৷

✍️মানৱেন্দ্ৰ কুমাৰ দাস

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam congressassam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assambjpBollywooddaily horoscope for today in assamesehimanta biswa sarmahimanta biswa sharmahoroscopehoroscope in assameseindianarendra-modisarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?
প্ৰযুক্তি

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

July 17, 2026
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’
বিশ্ব

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
Next Post
নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

নিবনুৱাৰ বাবে খালী আছে ৬০ লাখ চাকৰি। ভাৰতক দুৰ্বল কৰাৰ কৌশল কাৰ?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

দ্ৰৌপদী মূৰ্মু বনাম যশৱন্ত সিনহা। অসমত কোনে পাব সৰ্বাধিক ভোট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.