অসম লাইভ ২৪ঃ নগাঁও আৰক্ষীয়ে আছু কৰ্মীক গুলীয়াই আহত কৰাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে৷ এই প্ৰতিক্ৰিয়াৰ মাজতে দেওবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গৈছে৷
এক সংবাদ মেল সম্বোধন কৰি অখিল গগৈয়ে কয় যে এতিয়ালৈকে অসম আৰক্ষীয়ে একাউণ্টাৰ কৰি ৩১ লোকক হত্যা কৰিছে৷ ইয়াৰ বিপৰীতে সৰ্বমুঠ ৮৬ জন লোকক এনকাউন্টাৰ কৰা হৈছে বুলি দাবী কৰিছে বিধায়ক অখিল গগৈয়ে৷
শনিবাৰৰ ঘটনাই চৰকাৰ আৰু অসম পুলিচৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে বুলি উল্লেখ কৰি অখিল গগৈয়ে লগতে কয় যে আদালতলৈ নোযোৱাকৈ কোনো এজন লোকক চূড়ান্ত অপৰাধী ৰূপে গণ্য কৰি কোনেও হত্যা কৰিব নোৱাৰে৷
মুখ্যমন্ত্ৰীক কটাক্ষ কৰি হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত গণতন্ত্ৰক পুলিচ তন্ত্ৰলৈ পৰিণত হৈছে বুলিও গুৰুতৰ অভিযোগ কৰে অখিল গগৈয়ে৷ অখিল গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ আইনৰ শাসনৰ পেটাৰ্ণ হৈছে অভিযুক্তক গুলিয়াই দিয়া৷
ইফালে শিৱসাগৰৰ বিধায়কগৰাকীৰ মতে ৰাজ্যৰ বহু এনকাউন্টাৰে হৈছে ভুৱা এনকাউন্টাৰ আৰু এনকাউন্টাৰ কৰাৰ পিছত মিছা অভিযোগ দি অভিযুক্তজনক দোষী সজোৱাটো হিমন্ত চৰকাৰৰ শাসনৰ নিজস্ব পেটাৰ্ণ৷ অসমত এতিয়া আৰক্ষীয়ে মন গ’লেই ৰাইজক গুলিয়াই দিব পাৰে আৰু ৰাইজক গুলিয়াই দিলেই পুলিচ হিৰ’ হৈ যায় বুলি মন্তব্য কৰে অখিল গগৈয়ে৷
আনহাতে নগাঁৱৰ আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰক তীব্ৰ সমালোচনা কৰি অখিল গগৈয়ে কয় যে নগাৱঁতেই অসমত সৰ্বাধিক এনকাউন্টাৰ হৈছে আৰু আনন্দ মিশ্ৰক সকলোৱে হিৰ’ সজাবলৈ চেষ্টা কৰি আহিছে। কালিৰ ঘটনাই আনন্দ মিশ্ৰৰ মুখা খুলি দিলে বুলি তীব্ৰ কটাক্ষ কৰে অখিল গগৈয়ে৷
ফেক এনকাউন্টাৰ বিলাক চূড়ান্ত ৰূপত হিটলাৰতন্ত্ৰৰ উদাহৰণ আৰু শনিবাৰৰ ঘটনাৰ পিছত এজন নিৰীহ লোকক ড্ৰাগছ পেডলাৰ সজাবলৈ অপচেষ্টা কৰা হৈছে বুলি মন্তব্য কৰি অখিল গগৈয়ে সকলো ফেক এনকাউন্টাৰ বন্ধ হ’ব লাগে বুলিও দাবী কৰে৷
ইফালে হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী চৰকাৰৰ দিনত মুক্ত হত্যা চলিছে বুলি অভিযোগ কৰি এই হত্যা বন্ধ নহ’লে অসমত গণতন্ত্ৰ নাথাকিব বুলিও দাবী কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে৷
আনহাতে, অসমত জনজাতীয় আৰু মুছলমান লোকসকলকহে এনকাউণ্টাৰৰ লক্ষ্য কৰি লোৱা বুলিও গুৰুতৰ অভিযোগ কৰি অখিল গগৈয়ে কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰি সমগ্ৰ ঘটনাটো উচ্চ ন্যায়ালায়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰো দাবী কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ