অসম লাইভ ২৪ঃ ‘ইমান কষ্ট পাইছোঁ’, কিমান সহিব নোৱৰা কষ্ট পালে ৰ’দ-বৰষুণ, সাধাৰণ অসুখ-বিসুখত কেৰেপ নকৰা অখিল গগৈৰ দৰে মানুহে এনেদৰে ক’ব পাৰে। GMCHত শনিবাৰে নিশা এম্বুলেন্সৰ পৰা নামি অখিল গগৈয়ে কৈছিল- ‘ইমান কষ্ট পাইছোঁ। মোক বহুত অত্যাচাৰ কৰা হৈছে। আৰু সহিব নোৱৰা হৈছোঁ।’ কোনোদিনে ভাগৰুৱা নোহোৱা অখিল গগৈ GMCHত দুর্বল দেহাৰে কৈ গ’ল- জয় আই অসম।

অখিল গগৈৰ ক’ভিড-১৯ পৰীক্ষাকেন্দ্ৰিক বিতর্ক, পজিটিভ-নিগেটিভৰ খেল, দিল্লীত স্বাব পৰীক্ষা আদি প্ৰসংগৰ শেষত শনিবাৰে স্বাস্থ্য বিভাগে কৃষক মুক্তিৰ নেতাগৰাকী ক’ৰোনাত আক্ৰান্ত বুলি স্পষ্ট কৰে। নিশা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা এখন এম্বুলেঞ্চেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অখিল গগৈক GMCHলৈ লৈ আনে। কৃষক মুক্তিৰ নেতাগৰাকীৰ যে স্বাস্থ্য ভাগি পৰিছে সেয়া দেখাতেই ধৰিব পাৰি।

অখিল গগৈসহ কৃষক মুক্তিৰ আনসকল কাৰাৰুদ্ধ নেতাক মুক্তি আৰু উন্নত চিকিৎসাৰ দাবীত ৰাজপথৰ পৰা ছ’চিয়েল মিডিয়া পর্যন্ত উত্তাল হৈ থকাৰ সময়তে অসুস্থ অখিল গগৈৰ চিকিৎসাৰ বাবে চৰকাৰে গঠন কৰি দিয়ে এখন সমিতি। ডাক্তৰ ভৱানী প্ৰসাদ চক্ৰৱর্তীৰ অধ্যক্ষতাত গঠিত সমিতিখনে তদাৰক কৰিব অখিল গগৈৰ চিকিৎসাৰ ব্যৱস্থা। কৃষক নেতাগৰাকীৰ স্বাস্থ্যৰ সন্দর্ভত সংবাদমেল সম্বোধন কৰে জিএমচিএইছৰ অধ্যক্ষ অভিজিত শর্মাই। সংবাদমেলত অধীক্ষকগৰাকীয়ে অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা বর্তমান সুস্থিৰ বুলি অৱগত কৰে।
অখিল গগৈৰ উপৰি কৃষক মুক্তিৰ কাৰাৰুদ্ধ নেতা ধৈর্য কোঁৱৰ আৰু বিতু সোণোৱাল ক’ৰোনাত আক্ৰান্ত হৈছে। দুয়োজন GMCHত চিকিৎসাধীন হৈ আছে।
ইপিনে অখিল গগৈসহ কৃষক মুক্তিৰ কাৰাৰুদ্ধ নেতাসকলক মুক্তিৰ দাবীত বঙাইগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যই। দেওবাৰে সাপ্তাহিক লকডাউনৰ সময়ছোৱাত মানৱ শৃংখল গঠনেৰে প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে ৯ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে। তদুপৰি শিৱসাগৰৰ ৰংঘৰৰ সন্মুখত ঐক্য সেনা অসমে অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদী কার্যসূচী গ্ৰহণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















