অতিমাত্ৰা তোষামোদেই কাল হ’ল নেকি তেওঁলোকৰ ফিল্মী কেৰিয়াৰত। বেক টু বেক ফ্লপ চিনেমা।
চিন্তিত প্ৰযোজক-পৰিচালক। অনাকাংক্ষিত ফ্লপ চিনেমা উপহাৰ দি অনিশ্চিত ভৱিষ্যতৰ দিশে কংগনা ৰাণাৱাট।
ৰাজীৱ ভাটিয়া তথা ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। বেক টু বেক ৩ খন ফ্লপ চিনেমা উপহাৰ দি এতিয়া পৰৱৰ্তী বিগ বাজেট চিনেমাৰ পৰা। নাম বাতিল হোৱাৰ সম্ভাৱনা অক্ষয় কুমাৰৰ।
মায়ানগৰী মুম্বাই।ষ্টাৰ, ছুপাৰষ্টাৰ, মেগাষ্টাৰৰ লগতে দেশৰ আগশাৰীৰ উদ্যোগপতিৰ বসতিস্থল এই মায়ানগৰী মুম্বাই।
কিমানজনে নিজক জ্বলাই প্ৰতিষ্ঠিত হৈছে আৰু কিমানজনে মায়ানগৰীৰ জাক-জমকতাত নিজক জ্বলাই শেষ কৰিছে সেয়া সকলোবোৰ নীৰৱ দৰ্শক হিচাপে কেৱল চাই আছে, শুনি ৰৈছে বিশ্বৰ অন্যতম চহকী চহৰ এই মায়ানগৰী মুম্বায়ে।
নিজক জ্বলাই পদে পদে বিভিন্ন চেলেঞ্জক প্ৰতিহত কৰি জুয়ে পোৰা সোণৰ দৰে নিজক উজলাবলৈ সক্ষম হোৱা লাখ লাখ ব্যক্তিৰ মাজত নাম সোমাই আছে এই দুজন ব্যক্তিৰ নামো।
এগৰাকী একালৰ হোটেলৰ ৰান্ধনী, ৱেটাৰ হিচাপে কাম কৰা ৰাজীৱ ভাটিয়া তথা বৰ্তমানৰ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ ।
আৰু আনগৰাকী বলীউডত কোনো গডফাডাৰ নোহোৱাকৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰী কংগনা ৰানাৱাট ।
এই দুয়োগৰাকী বলীউড নায়ক-নায়িকাই নিজৰ ধৈৰ্য, ক্ষমতা আৰু একগ্ৰতাৰে নিজক প্ৰতিষ্ঠা কৰিছিল। কিন্তু আজি এনে এটা দিনত উপনীত হ’ল যে তেওঁলোকৰে নিজৰে কিছুমান মূৰ্খামীৰ বাবে আজি সকলোফালে প্ৰতিপত্তি, মান-সন্মান লাহে লাহে খহি শেষ হোৱাৰ উপক্ৰম হৈছে।
ইয়াৰ প্ৰধান কাৰণ হ’ল জনতাৰ অন্তৰত দুখ দি ভুল-শুদ্ধৰে অত্যধিক শাসনাধিষ্ঠিত চৰকাৰক তোষামোদ কৰা। যাৰ বাবে তেওঁলোকক নাম, সন্মান, প্ৰতিপত্তিৰ গৰাকী বনোৱা জনতাই এইবাৰ প্ৰতিশোধৰ পোতক তুলিছে তেওঁলোকৰ ওপৰতে।
আজিৰে দিনটোত পুনৰ দেখা পোৱা গ’ল জনতাৰ ওচৰত তেওঁলোকৰ সেই ৯০ দশকৰ নিৰুপায় অৱস্থা। ইতিমধ্যে হয়তো খবৰ পাইছেই যে কংগনা ৰানাৱাটৰ দ্বাৰা অভিনীত ‘ধাকৰ’ ছবিখনৰ বলীউডৰ সৰ্বকালৰ ফ্লপ ছবি হিচাপে চিহ্নিত হোৱাৰ পাছত কংগনা ৰানাৱটৰ পৰৱৰ্তী ছবি ‘তেজস্ব’ ছবিখনক ক্ৰয় কৰিবলৈ কোনো ড্ৰিষ্টিবিউটৰ আগবাঢ়ি নহাৰ লগতে OTT প্লেটফৰ্মসমূহেও কংগনা ৰানাৱটৰ পৰৱৰ্তী ‘তেজস্ব’ৰ ছবিৰ কপীৰাইটছক ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই।
আনহাতে বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰৰো একেই অৱস্থা।বিগত চিনেমাই ফ্লপ মৰাৰ লগে লগে অনুৰাগীৰ লগতে খোদ অক্ষয় কুমাৰেও আশা কৰিছিল প্ৰায় ২০০ কোটি টকাৰ বিগ বাজেটেৰে নিৰ্মাণ কৰা হিষ্টৰিক তথা পিৰিয়ডিক চিনেমা পৃথ্বিৰাজ চৌহানে বক্স অফিচত ছুপাৰহিট নহ’লেও কম-বেছি পৰিমাণে হিট চিনেমাৰ জোৱাৰ আনিব বুলি।
কিন্তু সেয়া নহ’ল। পূৰ্বৰ ভুলৰ কাৰণেই হওক বা অন্য কিবা কাৰণতে হওক। জনতাই আদৰি নল’লে অক্ষয় কুমাৰক। যাৰ বাবে ২০০ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা চিনেমাখনে মাত্ৰ প্ৰায় ৬০ কোটি টকাহে উপাৰ্জন কৰিবলৈ সক্ষম হ’ল।
ফলত এনে ফ্লপৰ সন্মুখীন হোৱাৰ ভয়-শংকাত কম্পিত প্ৰযোজক-পৰিচালকে ছবি শ্বুটিঙৰ তাৰিখ দিয়াত অস্বস্তিবোধ কৰিছে অক্ষয় কুমাৰৰ পৰৱৰ্তী বিগ বাজেট চিনেমা বড়ে মিঞা, চোটে মিঞা’ এই ‘বড়ে মিঞা, চোটে মিঞা’ ছবিৰ বাবে প্ৰযোজকে বাজেট ধাৰ্য কৰিছিল ৩০০ কোটি।
কিন্তু অক্ষয় কুমাৰৰ লগতে কিছুদিনৰ পূৰ্বে মহাফ্লপ ছবি চিহাপে চিহ্নিত হোৱা ‘হিৰ’পণ্টি-২’ৰ নায়ক টাইগাৰ শ্ৰফো অনিশ্চিত হৈ পৰিছে এই ছবিখনৰ বাবে।
ইতিমধ্যে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফক লৈ ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব লাগিছিল যদিও প্ৰযোজক-পৰিচালকে ছবি শ্বুটিঙৰ তাৰিখক লৈ দুই ফ্লপ নায়কক লৈ অসন্তুষ্টিত ভুগিছে।
অন্যহাতে, সামাজিক মাধ্যমত একাংশৰ চৰ্চা ‘বড়ে মিঞা, চোটে মিঞা’ৰ পৰা নাম বাতিল হ’ব পাৰে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ