অসম লাইভ২৪ঃ ৮৩ বছৰত আকৌ এবাৰ পিতৃ হ’বলৈ মন মেলিছে হলিউডৰ ‘গডফাদাৰ’ আল পাচিনোয়ে। ভাৰতীয় সমাজত যি সমছোৱাক বানপ্ৰস্থ হোৱাৰ সময় বুলি কয় সেই সময়তেই যৌৱনে আমনি কৰিছে হলিউডৰ গডফাদাৰজনক। নতুন ইনিংছ আৰম্ভ কৰিবলৈ ওলাইছে আল পাচিনোৱে। তেওঁৰ প্ৰেয়সীৰ বয়স বৰ্তমান ২৯ বছৰ। আল পাচিনোৰ প্ৰেয়সী নুৰ আলফাল্লাৰ বৰ্তমান অন্তঃসত্ত্বা। চতুৰ্থবাৰ পিতৃ হ’বলৈ ওলাইছে আল পাচিনো।
অন্তঃসত্ত্বা প্ৰেয়সীৰ কাষতেই সময় অতিবাহিত কৰিছে আল পাচিনোৱে। শেহতীয়াকৈ লছ এঞ্জেলছৰ প্ৰাক্তন প্ৰেয়সী তথা হলিউড অভিনেত্ৰী বেভাৰলি ডি’এঞ্জেলোৰ সৈতে একেটা ফ্ৰেমত তেওঁক দেখা গৈছিল। একেটা ফ্ৰেমতেই দুয়োকে দেখাৰ পাছত বহুতেই কৈছিল যে দুই প্ৰাক্তন আকৌ সম্পৰ্কত আহিছে। কিন্তু এই খবৰ মিছা সেই কথাৰ প্ৰমাণ দিবলৈ গৈ নতুন প্ৰেয়সীৰ কথা প্ৰকাশ কৰে আল পাচিনোৱে।
উল্লেখ্য যে, আল পাচিনোৰ দুই সন্তান এতিয়া তেওঁৰ নতুন প্ৰেয়সীৰ সমবয়সীয়া। তেওঁলোকৰ পিতৃ যে আকৌ প্ৰেমত পৰিছে সেই কথা দুই সন্তানে পোনতে বিশ্বাসেই কৰিব পৰা নাছিল। আল পাচিনো আকৌ এবাৰ পিতৃ হ’বলৈ ওলোৱাৰ খবৰকো মানি ল’ব পৰা নাছিল তেওঁৰ সন্তানে। কিন্তু কথাবোৰ পিতৃয়ে নিজেই খুলি কোৱাত সন্তানেও এই বাস্তৱক স্বীকাৰ কৰি লৈছে। এই সন্দৰ্ভত আল পাচিনোৱে এক সাক্ষাৎকাৰত নিজেই কয়, ‘মই কি কম? কিমান সুখী মই বুজাই ক’ব নোৱাৰিম। এয়া সঁচায়ে এক ভাল খবৰ। মোৰ পূৰ্বেও সন্তান আছে, তথাপিও এই আহিবলগা সন্তানটো মোৰ বাবে স্পেছিয়েল।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ