কিংবদন্তিৰ চকুৰ সমুখতে জো ৰুটে ভাঙিল বিশ্ব ৰেকৰ্ড, কেমেৰাত বন্দী কিংবদন্তি খেলুৱৈৰ ভাৱ
ৰেকৰ্ড ভাঙিবৰ বাবেই। তাকেই কৰি দেখুৱালে এগৰাকী খেলুৱৈ। কমেন্ট্ৰী কৰি আছিল এগৰাকী প্ৰক্তন দ্বিগ্বজ তথা কিংবদন্তি খেলুৱৈয়ে। যাৰ নামত আছিল কেইবাটাও ৰেকৰ্ড। পাছে সেই খেলুৱৈগৰাকীৰ সমুখতে অন্য এগৰাকী খেলুৱৈয়ে ভাঙিলে তেঁওৰে ৰেকৰ্ড।
ইংলেণ্ড ক্ৰিকেট দলৰ কিংবদন্তি বেটছমেন জো ৰুট বৰ্তমানে সুন্দৰ ফৰ্মত আছে। যোৱা চাৰি বছৰত এই বেটছমেনেগৰাকীয়ে ১৭টা টেষ্ট শতক অৰ্জন কৰিছে। শ্ৰীলংকাৰ বিৰুদ্ধে খেলা শৃংখলাৰ সময়ত লৰ্ডছ টেষ্টত দুয়োটা ইনিংছতে শতক অৰ্জন কৰি ইতিহাসৰ সৃষ্টি কৰা জো ৰুটে নিজৰ প্ৰাক্তন অধিনায়ক এলেষ্টাৰ কুকৰ অভিলেখ ভংগ কৰে।
৩৪ সংখ্যক টেষ্ট শতকেৰে ৰুটে এই ফৰ্মেটত ইংলেণ্ডৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰা বেটছমেন হিচাপে পৰিগণিত হয়। আচৰিত কথাটো হ’ল যেতিয়া কুক’ৰ অভিলেখ ভংগ হৈছিল তেতিয়া কুক কমেণ্ট্ৰী বক্সত উপস্থিত আছিল।
লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত দুয়োটা ইনিংছতে শতক অৰ্জন কৰে এইগৰাকী ষ্টেলৱাৰ্টে। প্ৰথম ইনিংছত ১৪৩ ৰান সংগ্ৰহ কৰাৰ পিছত দ্বিতীয় ইনিংছত ১০৩ ৰান সংগ্ৰহ কৰে। এয়া আছিল টেষ্ট ক্ৰিকেটত ৰুটৰ ৩৪তম শতক। ইয়াৰ জৰিয়তে তেওঁ ইংলেণ্ডৰ হৈ সৰ্বোচ্চ টেষ্ট শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। প্ৰাক্তন অধিনায়ক এলাষ্টাৰ কুক তেওঁৰ নামত ৩৩টা টেষ্ট শতক অৰ্জন কৰিছিল, যিটো এই মেচত জো ৰুটে অতিক্ৰম কৰে।
https://x.com/bbctms/status/1829900451300446645
যেতিয়া লৰ্ডছ টেষ্টত দ্বিতীয় ইনিংছত জো ৰুটে নিজৰ শতক সম্পূৰ্ণ কৰিছিল তেতিয়া কমেণ্ট্ৰী বক্সত উপস্থিত আছিল এলেষ্টাৰ কুক। তেওঁ ৩৩টা টেষ্ট শতকৰ অভিলেখ ভংগ কৰাৰ সন্দৰ্ভত মন্তব্য কৰে। পাছে জো ৰুটে এই ৰেকৰ্ড ভংগ কৰাৰ সময়ত কুকৰ প্ৰতিক্ৰিয়া চাবলগীয়া আছিল। মুখত সামান্য হাঁহি বিৰিঙি উঠিছিল, কিছুক্ষণ একো নোকোৱাকৈ থাকে আৰু তাৰ পিছত ৰুটক প্ৰশংসা কৰি ইংলেণ্ডৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বুলি অভিহিত কৰে। জো ৰুটে এলেষ্টাৰ কুকৰ ৩৩টা টেষ্ট শতকৰ অভিলেখ ভংগ কৰা সময়ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















