বলিউদৰ অভিনেত্ৰী-অভিনেতা আলিয়া-ৰণবীৰৰ বহু প্ৰত্যাশিত বিবাহখন ১৪ এপ্ৰিলত সম্পন্ন হৈ যায়৷ দুয়োৰে পৰিয়াল, ঘণিষ্ঠ বন্ধু-বান্ধৱীৰ সীমিত অতিথিৰ উপস্থিতিত পাঁচ বছৰীয়া প্ৰমেৰ সম্পৰ্কক বিবাহৰ ৰূপ দিয়ে দুই বলিউদী তাৰকাই৷
বিবাহ সম্পন্ন হোৱাৰ পিছতে অভিনেত্ৰী আলিয়া ভাটৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডলৰ পৰা সন্ধিয়া ঠিক ৭ বজাত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ ফ’টো শ্বেয়াৰ কৰাৰ লগতে বিবাহ সম্পন্ন হৈ যোৱা বুলি আনুষ্ঠানিক ঘোষণাও কৰে৷
আলিয়া ভাটে লিখে, ‘‘আজি আমাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত আমাৰ প্ৰিয় স্থানত পাঁচবছৰীয়া সম্পৰ্কৰ পিছত আমি বিবাহপাশত আৱদ্ধ হওঁ৷…’’
লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ কিয় নাচালে বলিউদৰ জনপ্ৰিয় শিল্পী চুনু নিগমে?
ইফালে ইণ্ডিয়া টুডেত প্ৰকাশিত বাতৰিৰ মতে আলিয়া ৰণবীৰে বিবাহৰ মাংগলিক অনুষ্ঠানৰ হোমৰ গুৰিত সাত পাকৰ ঠাইত মাত্ৰ ৪ পাকহে ঘূৰে৷
তেওঁলোকে সাত পাকৰ ঠাইত মাত্ৰ কিয় চাৰি পাকহে ঘূৰিছিল তাৰ ব্যাখ্যা আগবঢ়াইছে আলিয়াৰ ভাতৃ ৰাহুল ভাটে৷
ইয়াৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এজন বিশেষ পণ্ডিত আছে৷ আৰু তেঁৱে আলিয়া-ৰণবীৰৰ বিবাহৰ মাংগলিক কাৰ্য সম্পাদন কৰিছিল৷ তেওঁ লগতে জনাই যে উক্ত বিশেষ পণ্ডিতজনে বহু বছৰ ধৰি কাপুৰ পৰিয়ালৰ সৈতে জড়িত হৈ আছে।
লগতে পঢ়ক পাণ মছলা বিক্ৰী কৰা দুই ভাতৃৰ বিচনাৰ পৰা উদ্ধাৰ ৬.৩১ কোটি টকা
ৰাহুল ভাটে পণ্ডিতজনৰ বিষয়ে উল্লেখ কৰি কয় যে ‘‘তেওঁ প্ৰতিটো পাকৰ তাৎপৰ্য বৰ্ণনা কৰিছিল। ধৰ্মৰ কাৰণে এটা পাক, সন্তানৰ বাবে এটা পাক৷…’’ এইদৰে মুঠ চাৰিটা পাকহে ঘূৰাইছিল৷
ৰাহুল ভাটৰ মতে সেয়া অতি আকৰ্ষণীয় আছিল। ৰাহুলৰ মতে তেওঁ সেয়া প্ৰথম দেখিছে আৰু একাধিক জাতি, ধৰ্মৰ পৰা অহাৰ বাবে তেওঁলোকৰ বাবে সেয়া অধিক আকৰ্ষণীয় হৈ উঠা বুলিও বৰ্ণনা কৰিছে৷
অৰ্থাৎ আলিয়া-ৰণবীৰে বিবাহৰ মাংগলিক অনুষ্ঠান হোমৰ গুৰিত সাত পাকৰ সলনি মাত্ৰ ৪ পাক ঘূৰা মূল কাৰণ আছিল কাপুৰ পৰিয়ালৰ সেই বিশেষ পণ্ডিতজন৷ অৱশ্যে পণ্ডিতজনৰ পৰিচয় ৰাহুল ভাটে প্ৰকাশ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ