ভাৰতীয় সংগীত জগতৰ জনপ্ৰিয় প্লেবেক গায়িকা আলকা ইয়াগনিকে সম্প্ৰতি জনাইছে যে তেওঁ এবছৰতকৈ বেছি সময় ধৰি এক বিৰল শ্ৰৱণজনিত সমস্যাৰ সৈতে যুঁজ দি আছে৷ এই অসুস্থতাৰ কাৰণে তেওঁ নতুন কোনো প্ৰজেক্টত কাম কৰিব পৰা নাই৷ আৰু এতিয়াও ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱত তেওঁ ভূগি আছে৷
সম্প্ৰতি এক সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত আলকাই জনাইছে যে তেওঁ চেন্সৰিনিউৰেল নাৰ্ভ হিয়াৰিং লছত ভুগিছে৷ এই বিষয়টোক লৈ বিস্তাৰিত ক’বলৈ অনীহা প্ৰকাশ কৰিছে তেওঁ৷ স্বীকাৰ কৰিছে যে তেওঁ এতিয়াও এই সমস্যাত ভূগিছে৷
এই শাৰীৰিক সমস্যাৰ কাৰণে তেওঁৰ পেছাগত জীৱনত বৃহৎ প্ৰভাৱ পৰিছে৷ আলকাই কয়, ‘কম্পোজাৰসকলে মাজে মাজে মোৰ সৈতে যোগাযোগ কৰিছে, কিন্তু মই কাম কৰিব পৰা নাই৷’ তেওঁ শেষ ৰেকৰ্ড কৰা গীত আছিল নাৰম কালজা, যি অমৰ সিং চমকিলা ছবিৰ বাবে তৈয়াৰ কৰা হৈছিল৷ সেই ছবিৰ পৰিচালক আছিল ইমতিয়াজ আলি আৰু সুৰকাৰ এ আৰ ৰহমান৷
ইফালে চলিত বছৰত তেওঁক ভাৰতৰ অন্যতম সন্মানজনক পুৰস্কাৰ পদ্মভূষণ কৰা কৰা হৈছে৷ এই সন্মান প্ৰসংগত অলকাই কৈছে, ‘এনে কিবা পাম বুলি আশা কৰা নাছিলো৷ যি পাইছো তাকেই সাদৰেৰে গ্ৰহণ কৰিছো৷’ উল্লেখ্য ২০২৪ চনত এক আৱেগঘন ইনষ্টাগ্ৰাম পোষ্টৰ মাধ্যমেৰে তেওঁ প্ৰথমে অসুস্থতাৰ কথা প্ৰকাশ কৰে৷ তাতেই তেওঁ জনাইছিল যে এক আকস্মিক ভাইৰেল সংক্ৰমণৰ ফলত তেওঁ বিৰল শ্ৰৱণ সমস্যাত ভূগিছে৷ তেওঁ লিখিছে, ‘এদিন বিমানৰ পৰা নামোতে হঠাৎ বুজিব পাৰিলো যেমই একো শুনা পোৱা নাই৷’
এই কঠিন সময়ত ভক্তসকলক তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কৈছে অলকাই৷ ইয়াৰোপৰি তেওঁ সকলোকে উচ্চ শব্দ আৰু অতিৰিক্ত হেডফোন ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈকো পৰামৰ্শ দিছে৷ অলকা ইয়াগনিকে তেঁওৰ কণ্ঠেৰে অসংখ্য জনপ্ৰিয় গীতেৰে ভাৰতীয় চিনেমাক সমৃদ্ধ কৰিছে৷ ইয়াৰ মাজতে উল্লেখযোগ্য টিপ টিপ বৰষা পানী, এ মেৰে হমছফৰ, চান্দ ছুপা বাদল মে আৰু আগৰ তুম সাথ হো…৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ