গুজৰাট বিজেপি শাসিত ৰাজ্য৷ মোদীৰ ৰাজ্য৷ সেই ৰাজ্যতেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদি দি বাকী সকলো মন্ত্ৰীয়েই পদত্যাগ কৰিছে৷ সৰ্বভাৰতীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই খবৰ৷ স্বাভাৱিকভাৱেই এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে দেশৰ ৰাজনীতিত৷ কিন্তু কি কাৰণে সকলো মন্ত্ৰীয়েই পদত্যাগ কৰিছে? বহুতে কৈছে গোষ্ঠী দ্বন্দ্ব? বহুতে কৈছে নেপালৰ দৰেই শীৰ্ষ পদাধিকাৰীৰ ওপৰৰ পৰা আস্থা হেৰুৱাইছে কেবিনেটৰ বাকী সদস্যসকলে৷ এই পদত্যাগৰ কাৰণ এইসমূহ নহয়৷ ইয়াৰ নেপথ্যত আছে অন্য কাৰণহে৷
কাৰণ কি?
জনা গৈছে যে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ কেবিনেট অৰ্থাৎ গুজৰাট মন্ত্ৰীসভাৰ ৰদবদল হ’ব, বা মন্ত্ৰীসভা সম্প্ৰসাৰণ হব৷ কাইলৈ অৰ্থাৎ শুকুৰবাৰে সেই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে৷ গেৰুৱা শিৱিৰৰ সূত্ৰৰ খবৰ অনুসৰি প্ৰায় ১০ জন নতুন মন্ত্ৰীক মন্ত্ৰিসভাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে৷ বৰ্তমান মন্ত্ৰীসকলৰ প্ৰায় অৰ্ধেকৰ বেছি সংখ্যক মন্ত্ৰীকেই আকৌ নতুন মন্ত্ৰীসভাত স্থান দিয়া হ’ব৷ ৰদবদলৰ পূৰ্বে সেয়ে মুখ্যমন্ত্ৰীক বাদ দি বাকী সকলো মন্ত্ৰীয়েই পদত্যাগ কৰিছে৷
সৰ্বভাৰতীয় সংবাদ সংস্থা সূত্ৰৰ খবৰ অনুসৰি সেই ৰাজ্যৰ চৰকাৰী এক বিজ্ঞাপ্তিত জনোৱা হৈছে, শুকুৰবাৰে পুৱা ১১.৩০ মিনিটত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ মন্ত্ৰীসভা সম্প্ৰসাৰিত হ’ব৷ আজি অৰ্থাৎ বৃহস্পতিবাৰে সেয়ে মন্ত্ৰীসকলৰ পদত্যাগপত্ৰ গ্ৰহণ কৰাৰ পাছত ভূপেন্দ্ৰ পেটেলে সেই ৰাজ্যৰ ৰাজ্যপান আচাৰ্য দেৱব্ৰতৰ সৈতে দেখা কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















