১০২ বছৰ বয়সত শেষ বিয়া৷ ১৩৪টা সন্তান-সন্ততি, নাতি-পুতি৷ দেখিছিল দুই বিশ্বযুদ্ধও৷ অৱশেষত ১৪২বছৰ বয়সত মৃত্যু হ’ল ছৌদি আৰৱৰ সকলোতকৈ বয়স্ক নাগৰিক হিচাপে স্বীকৃত শ্বেখ নাছেৰ বিন ৰাদ্দান আল ৰশিদ আল ৱাদাইৰ৷ বিগত ১১ জানুৱাৰী দেওবাৰে মৃত্যু হৈছে নাছেৰৰ৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে তেওঁৰ৷ এই খবৰ দিছে পৰিয়ালৰ সদস্যই৷ বয়স আৰু প্ৰচলিত ৰীতিনীতিক উপেক্ষা কৰি অসাধাৰণ জীৱনযাপন আৰু দীৰ্ঘ আয়ুৰ বাবে সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছিল নাছেৰে৷ মৃত্যুৰ খবৰ প্ৰকাশ্যে অহাৰ পাছতেই শোকপ্ৰকাশ কৰিছে বহুজনে৷ ইয়াক লৈ কৌতূহলো তৈয়াৰ হৈছে সাধাৰণ মানুহৰ মনত৷
সঠিক বছৰ আৰু তাৰিখ জনা নগলেও ১৮৮৩-৮৪ চনত ছৌদিত নাছেৰৰ জন্ম৷ তেওঁৰ পৰিয়াল আৰু সংবাদমাধ্যম সূত্ৰে জনা গৈছে, ঊনবিংশ শতাব্দীৰ শেষৰ দিশত দক্ষিণ ছৌদি আৰৱৰ দাহৰান আল এলেকাত জন্ম হৈছিল তেওঁৰ৷ স্বাধীন দেশ হিচাপে ছৌদীৰ জন্ম ১৯৩২ চনত৷ অৰ্থাৎ ছৌদি আৰৱৰ দেশ হিচাপে ঘোষণা হোৱাত বহু পূৰ্বতেই জন্ম হৈছিল নাছেৰৰ৷ ছৌদিক তিল তিলকৈ গঢ়ি উঠা দেখিছিল তেওঁ৷
নাছেৰে দেখিছিল মৰুভূমিৰ পৰা কেনেকৈ এখন আধুনিক ৰাষ্ট্ৰ ৰূপান্তৰিত হৈছে ছৌদি৷ অৰ্থনীতিৰ উত্থানত ছৌদিৰ দ্ৰুত পৰিকাঠামোগত উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো পৰিবৰ্তনৰ সাক্ষী হৈছিল তেওঁ৷ একাধিক ছৌদী শাসকৰ শাসনকালৰো সাক্ষী আছিল নাছেৰ৷ জীৱদ্দশাত ছৌদী আৰৱৰ প্ৰতিষ্ঠাতা তথা বাদশ্বাহ আব্দুল আজিজ বিন আব্দুল ৰহমান আল ছৌদ ওৰফে ইবনে ছৌদিৰ শাসনকাল কেনেকুৱা তেওঁ দেখিছিল৷ বৰ্তমান শাসক তথা বাদশ্বাহ ছলমন বিন আব্দুল আজিজ আল ছৌদৰ শাসনকালো দেখিছিল৷ পশ্চিম এছিয়া তথা সমগ্ৰ বিশ্বৰ বহু ৰাজনৈতিক পৰিবৰ্তন আৰু অস্থিৰতাৰ সাক্ষী আছিল নাছেৰ৷ দেখিছিল দুই বিশ্বযুদ্ধই৷
কৰ্মসূত্ৰে নাছেৰে যৌৱনকাল কটাইছিল দক্ষিণ ছৌদি আৰৱত৷ কামৰ বাবে প্ৰায়েই য়েমেন যাত্ৰা কৰিছিল তেওঁ৷ যি তেতিয়াৰ সময়ত এক সাধাৰণ বিষয় আছিল৷ জীৱনৰ শেষৰ বছৰসমূহ স্থানীয়ৰ কাষত ধৰ্মীয় আৰু সামাজিক অৱস্থানৰ প্ৰতি নিষ্ঠাৰ বাবে পৰিচিত আছিল নাচেৰ৷ নাচেৰৰ সৈতে দেখা কৰাৰ বাবে আৰু তেওঁৰ সান্নিধ্য পোৱাৰ বাবে বহুতেই তেওঁৰ ঘৰৰ বাহিৰত ভিৰ জমা হৈছিল প্ৰায় প্ৰতিদিনে৷
সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি জীৱনত ৪০ বাৰৰো বেছি হজলৈ গৈছিল নাছেৰ, যিয়ে তেওঁক সম্প্ৰদায়ৰ কাষত এজন সন্মানীয় মানুহত পৰিণতও কৰিছিল৷ নাছেৰৰ পৰিয়ালে সংবাদমাধ্যমক জনাইছে যে শেষ বয়সতো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আছিল নাছেৰ৷ আনকি শেষৰ বছৰসমূহতো তেওঁ সামাজিকভাৱে সক্ৰিয় আছিল৷
নাছেৰৰ ব্যক্তিগত জীৱনো আছিল আলোচনাৰ বিষয়৷ একাধিক বিয়াও কৰিছিল তেওঁ৷ শেষ বিয়া কৰাইছিল ১১০ বছৰ বয়সত৷ শেষ বিয়াৰ পৰা তেওঁৰ এগৰাকী কন্যাসন্তানো হৈছে তেওঁৰ৷ সেই খবৰে পশ্চিম এছিয়াৰ সংবাদমাধ্যমৰ শিৰোনামো দখল কৰিছে৷ নাছেৰৰ শতোৰ্ধ্ব বয়সত বিবাহ আৰু পিতৃত্বৰ অধিকাৰী হোৱাটোৱে বিশ্বক অবাক কৰিছিল৷ মৃত্যুৰ আগমুহূৰ্তলৈকে এক বিশাল পৰিয়াল আছিল শ্বেখ নাছেৰৰ৷ ১৩৪ গৰাকী সন্তান আৰু নাতি নাতিনীও আছে শ্বেখ নাছেৰৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















