• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

5 months ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

25 minutes ago
হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

হিজাব পৰিধান নকৰাৰ বাবেই ইৰানী কণ্ঠশিল্পীক বেত্ৰাঘাতসহ কেইবাটাও গুৰুতৰ শাস্তি

2 hours ago
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

2 hours ago
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

4 hours ago
অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী, ছানায়ে টাকাইশ্বিৰ ভ্ৰমণ অসমৰ বাবে কিয় গুৰুত্বপূৰ্ণ?

5 hours ago
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

5 hours ago
আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

আপোনাৰ ঘৰৰ বাবে কোনবোৰ গছ শুভ , কোনবোৰ অশুভ?

6 hours ago
ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

ইৰান-আমেৰিকাৰ মাজত হোৱা চুক্তিৰ ১৪টা পইণ্ট

7 hours ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

8 hours ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

9 hours ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

9 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

editor by editor
January 17, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে
0
SHARES
643
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১০২ বছৰ বয়সত শেষ বিয়া৷ ১৩৪টা সন্তান-সন্ততি, নাতি-পুতি৷ দেখিছিল দুই বিশ্বযুদ্ধও৷ অৱশেষত ১৪২বছৰ বয়সত মৃত্যু হ’ল ছৌদি আৰৱৰ সকলোতকৈ বয়স্ক নাগৰিক হিচাপে স্বীকৃত শ্বেখ নাছেৰ বিন ৰাদ্দান আল ৰশিদ আল ৱাদাইৰ৷ বিগত ১১ জানুৱাৰী দেওবাৰে মৃত্যু হৈছে নাছেৰৰ৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হৈছে তেওঁৰ৷ এই খবৰ দিছে পৰিয়ালৰ সদস্যই৷ বয়স আৰু প্ৰচলিত ৰীতিনীতিক উপেক্ষা কৰি অসাধাৰণ জীৱনযাপন আৰু দীৰ্ঘ আয়ুৰ বাবে সমগ্ৰ বিশ্বৰ মনোযোগ আকৰ্ষণ কৰিছিল নাছেৰে৷ মৃত্যুৰ খবৰ প্ৰকাশ্যে অহাৰ পাছতেই শোকপ্ৰকাশ কৰিছে বহুজনে৷ ইয়াক লৈ কৌতূহলো তৈয়াৰ হৈছে সাধাৰণ মানুহৰ মনত৷

সঠিক বছৰ আৰু তাৰিখ জনা নগলেও ১৮৮৩-৮৪ চনত ছৌদিত নাছেৰৰ জন্ম৷ তেওঁৰ পৰিয়াল আৰু সংবাদমাধ্যম সূত্ৰে জনা গৈছে, ঊনবিংশ শতাব্দীৰ শেষৰ দিশত দক্ষিণ ছৌদি আৰৱৰ দাহৰান আল এলেকাত জন্ম হৈছিল তেওঁৰ৷ স্বাধীন দেশ হিচাপে ছৌদীৰ জন্ম ১৯৩২ চনত৷ অৰ্থাৎ ছৌদি আৰৱৰ দেশ হিচাপে ঘোষণা হোৱাত বহু পূৰ্বতেই জন্ম হৈছিল নাছেৰৰ৷ ছৌদিক তিল তিলকৈ গঢ়ি উঠা দেখিছিল তেওঁ৷

নাছেৰে দেখিছিল মৰুভূমিৰ পৰা কেনেকৈ এখন আধুনিক ৰাষ্ট্ৰ ৰূপান্তৰিত হৈছে ছৌদি৷ অৰ্থনীতিৰ উত্থানত ছৌদিৰ দ্ৰুত পৰিকাঠামোগত উন্নয়ন আৰু শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো পৰিবৰ্তনৰ সাক্ষী হৈছিল তেওঁ৷ একাধিক ছৌদী শাসকৰ শাসনকালৰো সাক্ষী আছিল নাছেৰ৷ জীৱদ্দশাত ছৌদী আৰৱৰ প্ৰতিষ্ঠাতা তথা বাদশ্বাহ আব্দুল আজিজ বিন আব্দুল ৰহমান আল ছৌদ ওৰফে ইবনে ছৌদিৰ শাসনকাল কেনেকুৱা তেওঁ দেখিছিল৷ বৰ্তমান শাসক তথা বাদশ্বাহ ছলমন বিন আব্দুল আজিজ আল ছৌদৰ শাসনকালো দেখিছিল৷ পশ্চিম এছিয়া তথা সমগ্ৰ বিশ্বৰ বহু ৰাজনৈতিক পৰিবৰ্তন আৰু অস্থিৰতাৰ সাক্ষী আছিল নাছেৰ৷ দেখিছিল দুই বিশ্বযুদ্ধই৷

কৰ্মসূত্ৰে নাছেৰে যৌৱনকাল কটাইছিল দক্ষিণ ছৌদি আৰৱত৷ কামৰ বাবে প্ৰায়েই য়েমেন যাত্ৰা কৰিছিল তেওঁ৷ যি তেতিয়াৰ সময়ত এক সাধাৰণ বিষয় আছিল৷ জীৱনৰ শেষৰ বছৰসমূহ স্থানীয়ৰ কাষত ধৰ্মীয় আৰু সামাজিক অৱস্থানৰ প্ৰতি নিষ্ঠাৰ বাবে পৰিচিত আছিল নাচেৰ৷ নাচেৰৰ সৈতে দেখা কৰাৰ বাবে আৰু তেওঁৰ সান্নিধ্য পোৱাৰ বাবে বহুতেই তেওঁৰ ঘৰৰ বাহিৰত ভিৰ জমা হৈছিল প্ৰায় প্ৰতিদিনে৷

সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি জীৱনত ৪০ বাৰৰো বেছি হজলৈ গৈছিল নাছেৰ, যিয়ে তেওঁক সম্প্ৰদায়ৰ কাষত এজন সন্মানীয় মানুহত পৰিণতও কৰিছিল৷ নাছেৰৰ পৰিয়ালে সংবাদমাধ্যমক জনাইছে যে শেষ বয়সতো শাৰীৰিক আৰু মানসিকভাৱে সুস্থ আছিল নাছেৰ৷ আনকি শেষৰ বছৰসমূহতো তেওঁ সামাজিকভাৱে সক্ৰিয় আছিল৷

নাছেৰৰ ব্যক্তিগত জীৱনো আছিল আলোচনাৰ বিষয়৷ একাধিক বিয়াও কৰিছিল তেওঁ৷ শেষ বিয়া কৰাইছিল ১১০ বছৰ বয়সত৷ শেষ বিয়াৰ পৰা তেওঁৰ এগৰাকী কন্যাসন্তানো হৈছে তেওঁৰ৷ সেই খবৰে পশ্চিম এছিয়াৰ সংবাদমাধ্যমৰ শিৰোনামো দখল কৰিছে৷ নাছেৰৰ শতোৰ্ধ্ব বয়সত বিবাহ আৰু পিতৃত্বৰ অধিকাৰী হোৱাটোৱে বিশ্বক অবাক কৰিছিল৷ মৃত্যুৰ আগমুহূৰ্তলৈকে এক বিশাল পৰিয়াল আছিল শ্বেখ নাছেৰৰ৷ ১৩৪ গৰাকী সন্তান আৰু নাতি নাতিনীও আছে শ্বেখ নাছেৰৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!
বাণিজ্য

গহনা ক্ৰয়ৰ কথা ভাবিছে নেকি? হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য

June 19, 2026
যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ
ভাৰত

যোৰহাটৰ দুৰ্ঘটনাত শ্বহীদ বায়ুসেনাৰ পত্নীলৈ ২১ লাখ টকা, নাৰাজ পিতৃ

June 19, 2026
বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী
বিনোদন

বিপদত তিলক বৰ্মা আৰু মহম্মদ ছিৰাজ, ক্ৰিকেটাৰ দুজনলৈ TCAৰ আইনী জাননী

June 19, 2026
কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন
অসম

কলকাতাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ ইংৰাজী অনুবাদ ‘Mukti & other stories’ উন্মোচন

June 19, 2026
Next Post
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.