অসম লাইভ২৪ঃ এইবাৰ গেছ চিলিণ্ডাৰ ভৰাবলৈকো দিব লাগিব বায়োমেট্ৰিক। বায়োমেট্ৰিক বাধ্যতামূলক কৰি দিয়াৰ ফলত নিৰ্দিষ্ট সময়ৰ ভিতৰত বায়োমেট্ৰিক নিদিলে গেছো ভৰাব নোৱাৰিব বুলি কেন্দ্ৰৰ এক সূত্ৰই প্ৰকাশ কৰিছে। বিজেপি চৰকাৰৰ দ্বাৰা প্ৰকাশিত এই নিৰ্দেশনাক লৈ একাংশৰ মাজত বিভ্ৰান্তিৰো সৃষ্টি হৈছে। বিজ্ঞাপ্তিত জনোৱা অনুসৰি গেছ চিলিণ্ডাৰ ভৰাবৰ বাবে যিসকলৰ হাতত কাৰ্ড আছে তেওঁলোকৰ বাবে বায়োমেট্ৰিক আপডেট কৰাটো নিতান্তই প্ৰয়োজন।
কেন্দ্ৰৰ তৰফৰ পৰা বৰ্তমান পৰ্যন্ত কোনো নিৰ্দিষ্ট সময়সীমাৰ কথা উল্লেখ কৰা হোৱা নাই যদিও ডিলাৰসমূহে জনোৱামতে আগন্তুক ৩১ ডিচেম্বৰৰ ভিতৰত গ্ৰাহকসকলে কাৰ্ডৰ লগত বায়োমেট্ৰিক লিংক কৰিব লাগিব। তিনি সপ্তাহৰ ভিতৰত দেশৰ সকলো গ্ৰাহকে বায়মেট্ৰিক ব্যৱস্থা কৰাব লাগিব অন্যথা আধাৰ কাৰ্ডৰ সৈতে গেছৰ কাৰ্ডৰ লিংক কৰাব লাগিব। বায়োমেট্ৰিক আপডেট কৰাবৰ বাবে গ্ৰাহকে কোনো দোকানত লাইন ধৰিব নালাগে। গেছ ডিলাৰসমূহে নিজৰ উদ্যোগতেই গ্ৰাহকৰ কাষলৈ গৈ এই কাম কৰাব।
কেনেকৈ হ’ব এই বায়োমেট্ৰিক?
সূত্ৰৰ খবৰ অনুসৰি ডেলিভাৰিবয় সকলে ঘৰে ঘৰে যেতিয়া এলপিজি চিলিণ্ডাৰ ডেলিভাৰ দিয়ে তেতিয়াই গ্ৰাহকক বায়োমেট্ৰিক আপডেট কৰাই দিব। ইয়াৰ বাবে ডেলিভাৰীবয় সকলক এটা বিশেষ এপ দিয়া হ’ব সেই এপতেই তেওঁলোকে গ্ৰাহকক আঙুলিৰ ছাপ বা মুখৰ ছবি স্কেন কৰাই ল’ব। পৰবৰ্তীসময়ত এই সকলো তথ্য নিৰ্দিষ্ট ৱেবচাইটত আপলোড কৰা হ’ব।
প্ৰথমে কাৰ কাৰ বায়োমেট্ৰিক লোৱা হ’ব?
যিসকল উজ্জ্বলা যোজনাৰ আওতাত আছে তেওঁলোকৰ বায়োমেট্ৰিক পূৰ্বে সংগ্ৰহ কৰা হ’ব। যদি কোনো গ্ৰাহকে নিজেই সোনকালে এই কাম কৰিব বিচাৰে তেন্তে গেছৰ ডিলাৰ বা ডিষ্ট্ৰিবিউটৰৰ সৈতে অফিচত গৈ জমা দিব লাগে। গ্ৰাহকসকলক গেছৰ সৈতে নিজৰ আধাৰ আপডেট কৰি শীঘ্ৰেই বায়োমেট্ৰিক আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছে কেন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ