অসম লাইভ২৪ঃ এলাহবাদ উচ্চ ন্যায়ালয়ত ডাঙৰ ধাক্কা মুছলমান পক্ষৰ৷ জিলা আদালতৰ ৰায়ৰ পাছতেই উচ্চ ন্যায়ালয়ত মুখথেকেচা খালে মুছলমান পক্ষই৷ ৬ফেব্ৰুৱাৰী পৰ্যন্ত পূজা চলিবই৷ তাৰ পূৰ্বে কোনোৱে পূজা বন্ধ কৰিব নোৱাৰে৷ নিম্ন আদালতৰ ৰায় বাহাল থাকিব বুলি জনাইছে এলাহবাদ হাইকৰ্টে৷ পৰবৰ্তী শুনানি হ’ব ৬তাৰিখে৷ তেতিয়ালৈকে মছজিদৰ বেছমেণ্টত পূজা অব্যাহত থাকিব৷
জ্ঞানবাপীৰ ব্যাস বেছমেণ্টত পূজা আৰম্ভণিৰ বিৰুদ্ধে এলাহবাদ হাইকৰ্টত পিটিশ্ব্যন দাখিল কৰিছিল মছজিদ কমিটিয়ে৷ কিন্তু হাইকৰ্টৰ ৰায় মুছলমান পক্ষলৈ নাহিল৷ পৰবৰ্তী শুনানি হ’ব অহা ৬ফেব্ৰুৱাৰীত৷ তেতিয়ালৈকে তেহখানাত নিম্ন আদালতে দিয়া পূজাৰ অনুমতিয়েই বাহান থাকিব৷ ৬ ফেব্ৰুৱাৰীত বাৰাণসী জিলা আদালতৰ পৰা ASI ৰিপৰ্টৰ শুনানি হ’ব৷ ইয়াৰোপৰি উত্তৰপ্ৰদেশ চৰকাৰক এই স্থান সংৰক্ষণ কৰিবলৈকো নিৰ্দেশ দিছে হাইকৰ্টে৷ ইয়াৰোপৰি কোনো ধৰণৰ ক্ষতি বা নৱনিৰ্মাণ নকৰিবলৈকো নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে৷
আদালতে মুছলমান পক্ষক প্ৰশ্ন কৰিছিল, ‘কালেক্টৰক ৰিছিভাৰ নিযুক্ত কৰাৰ সময়ত কিয় মুছলমান পক্ষই প্ৰতিবাদ নকৰিলে?’ মছজিদ কমিটিক আপিল সংশোধন কৰি জিলা ন্যায়াধীশৰ ১৭ জানুৱাৰীৰ আদেশক চেলেঞ্জ জনাবলৈকো কোৱা হৈছে৷ প্ৰকৃতপক্ষে ১৭ জানুৱাৰীৰ আদেশত ব্যস তেহখানাত ৰিছিভাৰ নিযুক্ত কৰা হৈছিল৷ ইয়াৰোপৰি আদালতে উত্তৰপ্ৰদেশ চৰকাৰক আইন শৃংখলা ৰক্ষাৰ নিৰ্দেশ দিছিল৷ বিগত ১৭ জানুৱাৰীত, বাৰাণসীৰ জিলা মেজিষ্ট্ৰেটক জ্ঞানবাপী মছজিদৰ দক্ষিণ ভাগৰ ৰিছিভাৰ নিযুক্তি দিছিল আদালতে৷
গোচৰৰ শুনানি দিয়া ন্যায়াধীশ ৰোহিত ৰঞ্জন আগৰৱালাক মছজিদ কমিটিৰ অধিবক্তাক প্রশ্ন কৰিছিল, ‘কিয় আপুনি ১৭ জানুৱাৰীত ৰিছিভাৰ নিয়োগৰ আদেশৰ বিৰুদ্ধে চেলেঞ্জ নকৰিলে?’ বাৰাণসী আদালতৰ ৰায়ৰ পাছতেই বৃহস্পতিবাৰৰ মাজনিশাৰ পৰা জ্ঞানবাপীৰ পৰিসৰত পূজা আৰম্ভ হয়৷ বহু মানুহেই জ্ঞানবাপীৰ বেছমেণ্টত পূজা কৰিবলৈ যাত্ৰা কৰিছে৷ এই কথাৰেই প্ৰতিবাদত এলাহবাদ হাইকৰ্টৰ কাষ চাপিছিল মুছলমান পক্ষ৷ বিশ্বনাথ মন্দিৰৰ প্ৰধান পুৰোহিত ওম প্ৰকাশ মিশ্ৰ আৰু গণেশ্বৰ দ্ৰাবিড় যিয়ে অযোধ্যাৰ ৰামলালাৰ মূৰ্তি প্ৰতিষ্ঠাৰ সময়তো উপস্থিত হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ