• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

4 years ago
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

17 minutes ago
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

59 minutes ago
পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিট স্কিমত মাহে ১২০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা পাব?

Post Office Scheme: ডাকঘৰৰ বাম্পাৰ আঁচনি, কেৱল সুতৰ পৰাই পাব ২ লাখ টকা!

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

2 hours ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

3 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

4 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

4 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

4 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

5 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

5 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

6 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?

editor by editor
March 2, 2022
in বিশ্ব, ৰাজনীতি
0
ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?
0
SHARES
399
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই বুধবাৰে সপ্তম দিনত প্ৰৱেশ কৰিছে। মস্কোৰ সম্পূৰ্ণ আঘাতত কীয়েভ ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে। ইউক্ৰেইনৰ সৈন্যৰ লগতে সাধাৰণ ইউক্ৰেইন লোকো ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত হৈছে। ৰাছিয়াৰ আক্ৰমণত বিশ্বৰ সৰ্ববৃহৎ বিমান এ এন-২২৫ ইউক্ৰেইনৰ ‘সপোন’ জ্বলি ভস্মীভূত হৈছে।

ইফালে বিশ্ব স্বাস্থ্য সংস্থাই লগতে সতৰ্ক কৰি দিছে যে ইউক্ৰেইনৰ চিকিৎসালয়সমূহত ২৪ ঘণ্টাৰ ভিতৰত অক্সিজেন শেষ হ’ব পাৰে। এনে পৰিস্থিতিত বহুতো দেশে ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়াইছে।

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’

ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত জড়িত নহ’লেও আমেৰিকাকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনৰ সামৰিক বাহিনীলৈ সাহায্য আগবঢ়াইছে। আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনলৈ মুঠ প্ৰায় ৩৫০ নিযুত ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২,৬৩৬ কোটি টকা) প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। ইমানেই নহয়, ইউক্ৰেনলৈ আমেৰিকাই টেংক আৰু যুদ্ধ বিমান ধ্বংসকাৰী মিছাইলো প্ৰেৰণ কৰিছে।

ইয়াৰ উপৰিও বিডেন প্ৰশাসনে ইউক্ৰেইনৰ পদাতিক যুঁজাৰুসকলৰ বাবে বুলেটপ্ৰুফ জেকেটও প্ৰেৰণ কৰিছে। আনহাতে, ব্ৰিটেইনে ইউক্ৰেইনক কিছুমান অস্ত্ৰসজ্জিত গাড়ী বিৰোধী অস্ত্ৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছে। ব্ৰিটেইনে কিছুমান মাৰাত্মক অস্ত্ৰও আগবঢ়াব। বুধবাৰে এই সমগ্ৰ সাহায্য ইউক্ৰেইনে লাভ কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!

ফ্ৰান্সৰ মেক্ৰ’ণ চৰকাৰে ইতিমধ্যে বিভিন্ন সামৰিক সঁজুলি আৰু ইন্ধনৰ সৈতে কীয়েভক সহায় কৰিছে। ফ্ৰান্সে ইউক্ৰেনলৈ কিছুমান যুঁজাৰু বিমানও ধ্বংসকাৰী মিছাইল প্ৰেৰণ কৰিব।

নেডাৰলেণ্ডেও শনিবাৰে ঘোষণা কৰিছিল যে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আৰু গধুৰ টেংক এণ্টি-ৰকেট যোগান ধৰিব। ডাচ চৰকাৰে ইউক্ৰেইনক আশ্বাস দিছে যে তেওঁলোকে ২০০ খন এণ্টি-এয়াৰক্ৰাফ্ট মিছাইল, ৫০ টা পাঞ্জাৰফাষ্ট এণ্টি-টেংক অস্ত্ৰ আৰু আন ৪০০ ৰকেট যোগান ধৰিব।

লগতে পঢ়ক ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ

জাৰ্মান চৰকাৰে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ১,০০০ এণ্টি-টেংক অস্ত্ৰ আৰু ৫০০ টা ভূমিৰ পৰা বায়ুলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে।

কানাডিয়ান চৰকাৰে কিছুমান মাৰাত্মক গধুৰ অস্ত্ৰ আৰু প্ৰায় ২,৫০০ কোটি টকাৰ ঋণৰ সৈতে ইউক্ৰেইন চৰকাৰলৈ আৰ্থিক সাহায্য প্ৰেৰণ কৰিছে।

ছুইডেন চৰকাৰে ইউক্ৰেইনক ৫,০০০ এণ্টি-টেংক মিছাইল, খাদ্য সামগ্ৰী আৰু বুলেটপ্ৰুফ জেকেটৰ যোগান ধৰিছে। বেলজিয়ামে ইউক্ৰেইনক ৩,০০০ স্বয়ংক্ৰিয় ৰাইফল, ২০০ টা টেংক বিৰোধী অস্ত্ৰ আৰু ৩,৮০০ টন ইন্ধন যোগান ধৰিব।

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?

পৰ্তুগালে জেলেনস্কি চৰকাৰলৈ অন্ধাৰত দেখা পোৱা চশমা, স্বয়ংক্ৰিয় জি-৩ ৰাইফল, হেলমেট, গোলা-বাৰুদ, বুলেটপ্ৰুফ জেকেট আৰু গ্ৰেনেড আদি প্ৰদান কৰিছে। গ্ৰীচে কীয়েভলৈ খাদ্য আৰু সেনাৰ সামগ্ৰী প্ৰেৰণ কৰিছে। ইউক্ৰেইনৰ সীমাত থকা ৰোমানিয়াও সাহায্য আগবঢ়োৱা তালিকাত আছে। ৰোমানিয়াই ইউক্ৰেইনক ১১ খন সামৰিক চিকিৎসালয়, ইন্ধন, বুলেটপ্ৰুফ জেকেট আৰু হেলমেটৰ সৈতে সহায় কৰি আছে।

স্পেনিছ চৰকাৰে ইউক্ৰেইন সেনালৈ মুঠ ২০ টন খাদ্য আৰু ঔষধ সাহায্য হিচাপে প্ৰেৰণ কৰিব। চেক গণৰাজ্যই ৪,০০০ টা মৰ্টাৰ, ৩০,০০০ পিষ্টল, ৭,০০০ স্বয়ংক্ৰিয় ৰাইফল, ৩,০০০ মেচিনগান আৰু এক মিলিয়ন গুলীৰে ইউক্ৰেইনক সহায় কৰিব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aid for Ukraineasom live 24assam live 24axom live 24Russia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ
বিশ্ব

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

August 19, 2026
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?
অপৰাধ

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

August 18, 2026
ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!
বিশ্ব

ইৰানত ট্ৰাম্পৰ SECRET CONNECTION!

August 18, 2026
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
Next Post
যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰু এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.