ৰাছিয়া-ইউক্ৰেইন যুদ্ধই বুধবাৰে সপ্তম দিনত প্ৰৱেশ কৰিছে। মস্কোৰ সম্পূৰ্ণ আঘাতত কীয়েভ ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে। ইউক্ৰেইনৰ সৈন্যৰ লগতে সাধাৰণ ইউক্ৰেইন লোকো ৰাছিয়াৰ মিছাইল আক্ৰমণত নিহত হৈছে। ৰাছিয়াৰ আক্ৰমণত বিশ্বৰ সৰ্ববৃহৎ বিমান এ এন-২২৫ ইউক্ৰেইনৰ ‘সপোন’ জ্বলি ভস্মীভূত হৈছে।
ইফালে বিশ্ব স্বাস্থ্য সংস্থাই লগতে সতৰ্ক কৰি দিছে যে ইউক্ৰেইনৰ চিকিৎসালয়সমূহত ২৪ ঘণ্টাৰ ভিতৰত অক্সিজেন শেষ হ’ব পাৰে। এনে পৰিস্থিতিত বহুতো দেশে ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইনলৈ সহায়ৰ হাত আগবঢ়াইছে।
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’
ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে পোনপটীয়াকৈ যুদ্ধত জড়িত নহ’লেও আমেৰিকাকে ধৰি কেইবাখনো দেশে ইউক্ৰেইনৰ সামৰিক বাহিনীলৈ সাহায্য আগবঢ়াইছে। আমেৰিকাই ইতিমধ্যে ইউক্ৰেইনলৈ মুঠ প্ৰায় ৩৫০ নিযুত ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২,৬৩৬ কোটি টকা) প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰিছে। ইমানেই নহয়, ইউক্ৰেনলৈ আমেৰিকাই টেংক আৰু যুদ্ধ বিমান ধ্বংসকাৰী মিছাইলো প্ৰেৰণ কৰিছে।
ইয়াৰ উপৰিও বিডেন প্ৰশাসনে ইউক্ৰেইনৰ পদাতিক যুঁজাৰুসকলৰ বাবে বুলেটপ্ৰুফ জেকেটও প্ৰেৰণ কৰিছে। আনহাতে, ব্ৰিটেইনে ইউক্ৰেইনক কিছুমান অস্ত্ৰসজ্জিত গাড়ী বিৰোধী অস্ত্ৰ যোগান ধৰাৰ সিদ্ধান্ত লৈছে। ব্ৰিটেইনে কিছুমান মাৰাত্মক অস্ত্ৰও আগবঢ়াব। বুধবাৰে এই সমগ্ৰ সাহায্য ইউক্ৰেইনে লাভ কৰিব বুলি আশা কৰা হৈছে।
লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!
ফ্ৰান্সৰ মেক্ৰ’ণ চৰকাৰে ইতিমধ্যে বিভিন্ন সামৰিক সঁজুলি আৰু ইন্ধনৰ সৈতে কীয়েভক সহায় কৰিছে। ফ্ৰান্সে ইউক্ৰেনলৈ কিছুমান যুঁজাৰু বিমানও ধ্বংসকাৰী মিছাইল প্ৰেৰণ কৰিব।
নেডাৰলেণ্ডেও শনিবাৰে ঘোষণা কৰিছিল যে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আৰু গধুৰ টেংক এণ্টি-ৰকেট যোগান ধৰিব। ডাচ চৰকাৰে ইউক্ৰেইনক আশ্বাস দিছে যে তেওঁলোকে ২০০ খন এণ্টি-এয়াৰক্ৰাফ্ট মিছাইল, ৫০ টা পাঞ্জাৰফাষ্ট এণ্টি-টেংক অস্ত্ৰ আৰু আন ৪০০ ৰকেট যোগান ধৰিব।
লগতে পঢ়ক ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ
জাৰ্মান চৰকাৰে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ১,০০০ এণ্টি-টেংক অস্ত্ৰ আৰু ৫০০ টা ভূমিৰ পৰা বায়ুলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে।
কানাডিয়ান চৰকাৰে কিছুমান মাৰাত্মক গধুৰ অস্ত্ৰ আৰু প্ৰায় ২,৫০০ কোটি টকাৰ ঋণৰ সৈতে ইউক্ৰেইন চৰকাৰলৈ আৰ্থিক সাহায্য প্ৰেৰণ কৰিছে।
ছুইডেন চৰকাৰে ইউক্ৰেইনক ৫,০০০ এণ্টি-টেংক মিছাইল, খাদ্য সামগ্ৰী আৰু বুলেটপ্ৰুফ জেকেটৰ যোগান ধৰিছে। বেলজিয়ামে ইউক্ৰেইনক ৩,০০০ স্বয়ংক্ৰিয় ৰাইফল, ২০০ টা টেংক বিৰোধী অস্ত্ৰ আৰু ৩,৮০০ টন ইন্ধন যোগান ধৰিব।
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : আমেৰিকা-ব্ৰিটেইন আদিৰ তুলনাত ৰাছিয়াৰ পাৰমাণৱিক অস্ত্ৰ কিমান?
পৰ্তুগালে জেলেনস্কি চৰকাৰলৈ অন্ধাৰত দেখা পোৱা চশমা, স্বয়ংক্ৰিয় জি-৩ ৰাইফল, হেলমেট, গোলা-বাৰুদ, বুলেটপ্ৰুফ জেকেট আৰু গ্ৰেনেড আদি প্ৰদান কৰিছে। গ্ৰীচে কীয়েভলৈ খাদ্য আৰু সেনাৰ সামগ্ৰী প্ৰেৰণ কৰিছে। ইউক্ৰেইনৰ সীমাত থকা ৰোমানিয়াও সাহায্য আগবঢ়োৱা তালিকাত আছে। ৰোমানিয়াই ইউক্ৰেইনক ১১ খন সামৰিক চিকিৎসালয়, ইন্ধন, বুলেটপ্ৰুফ জেকেট আৰু হেলমেটৰ সৈতে সহায় কৰি আছে।
স্পেনিছ চৰকাৰে ইউক্ৰেইন সেনালৈ মুঠ ২০ টন খাদ্য আৰু ঔষধ সাহায্য হিচাপে প্ৰেৰণ কৰিব। চেক গণৰাজ্যই ৪,০০০ টা মৰ্টাৰ, ৩০,০০০ পিষ্টল, ৭,০০০ স্বয়ংক্ৰিয় ৰাইফল, ৩,০০০ মেচিনগান আৰু এক মিলিয়ন গুলীৰে ইউক্ৰেইনক সহায় কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ