যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে প্ৰায় ১৬ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ লগতে বিভিন্ন দেশৰ শিক্ষাৰ্থীও আৱদ্ধ হৈ আছে৷ তাৰ মাজত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীও আছে৷
যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ থকা এজন ভাৰতীয় শিক্ষাৰ্থী ৰাছিয়ান মিছাইল আক্ৰমণত নিহত হোৱাৰ পিছতে ভাৰতীয় দূতাবাসে ভাৰতীয়সকলক যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাজধানী কীয়েভ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল৷ তেওঁলোকক ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰসমূহত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে৷ তাৰ মাজতে খবৰ আহিছে পোলেণ্ডে ভাৰতীয় শিক্ষাৰ্থীসকলক সেই দেশত প্ৰৱেশত বাধা প্ৰদান কৰিছে৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?
ইয়াৰ পিছতে যুদ্ধ বিধ্বস্ত দেশখনত আৱদ্ধ হৈ থকা ভাৰতীয়ৰ লগতে বিভিন্ন দেশৰ শিক্ষাৰ্থীসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ইফালে মংগলবাৰে ভাৰতীয় দূতাবাসে এই নিৰ্দেশ দিয়াৰ পিছতে ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে যাত্ৰা কৰিছে৷
ইয়াৰ মাজতে অন্য এক খবৰ পোৱা গৈছে৷ সামাজিক মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ইউক্ৰেইনত আৱদ্ধ একাংশ পাকিস্তানী আৰু তুৰ্কিছ শিক্ষাৰ্থীয়ে বাহনত ভাৰতীয় জাতীয় পতাকা আঁৰি লৈছে৷ ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ ৰোমানিয়াৰ বুচাৰেষ্টত প্ৰৱেশ কৰা পাকিস্তানী আৰু তুৰ্কিছ শিক্ষাৰ্থীসকলে এই কথা প্ৰকাশ কৰিছে৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ বিৰতি কেতিয়া? ‘জনসাধাৰণৰ ওপৰত বোমাবৰ্ষণ বন্ধ কৰিলেহে আলোচনা সম্ভৱ’
শিক্ষাৰ্থীসকলে লগতে প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰত প্ৰৱেশ কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰ’ছিং পোষ্টত ভাৰতীয় জাতীয় পতাকা প্ৰদৰ্শন কৰে৷
‘‘পাকিস্তানী আৰু তুৰ্কিছ শিক্ষাৰ্থীয়েও ভাৰতীয় জাতীয় পতাকা ব্যৱহাৰ কৰিছে৷’’ সামাজিক মাধ্যম এগৰাকী শিক্ষাৰ্থীয়ে কয়৷
লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!
ইফালে দক্ষিণ ইউক্ৰেইনৰ ওডেছাৰ পৰা অহা এজন চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীয়ে প্ৰকাশ কৰা মতে তেওঁলোকক ইউক্ৰেইনত কোৱা হৈছিল যে ভাৰতীয় পতাকা লগত থাকিলে তেওঁলোকৰ কোনো সমস্যা নহ’ব৷
‘‘আমাক কোৱা হৈছিল যে, যদি আমি লগত ভাৰতীয় জাতীয় পতাকা লৈ যাওঁ তেতিয়া আমাৰ কোনো সমস্যা নহ’ব।’’ চিকিৎসা বিজ্ঞানৰ এগৰাকী পাকিস্তানী শিক্ষাৰ্থীয়ে কয়৷
লগতে পঢ়ক ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ
শিক্ষাৰ্থীসকলে ৰঙৰ স্প্ৰে আৰু পৰ্দা ক্ৰয় কৰি ভাৰতীয় জাতীয় পতাকা তৈয়াৰ কৰি লোৱা বুলিও প্ৰকাশ কৰিছে৷
‘‘মই বজাৰলৈ দৌৰি গৈ কিছুমান ৰঙৰ স্প্ৰে আৰু এখন পৰ্দা কিনিছিলো। তাৰ পিছত মই পৰ্দাখন কাটি ভাৰতীয় ত্ৰিৰংগা বনাবলৈ স্প্ৰেৰেৰে পেইণ্ট কৰি লৈছিলো৷’’ আন এজন শিক্ষাৰ্থীয়ে এইদৰে কয়। শিক্ষাৰ্থীসকলে ভাৰতীয় দূতাবাসে লোৱা ভূমিকাৰ বিষয়েও উল্লেখ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ