যোৱা ২৪ ঘণ্টাৰ অন্তত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত দ্বিতীয় গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃ্ত্যু ঘটিছে৷
বুধবাৰে ইউক্ৰেইনত অধ্যয়নৰত পঞ্জাৱৰ বাৰ্ণালাৰ চন্দন জিণ্ডাল নামৰ ২২ বছৰীয়া শিক্ষাৰ্থী গৰাকীৰ মৃত্যু হৈছে৷
লগতে পঢ়ক ইউক্ৰেইনলৈ আমেৰিকাসহ কোন কোন ৰাষ্ট্ৰই কিমান, কি কি সামৰিক সাহায্য আগবঢ়াইছে?
প্ৰকাশিত বাতৰিৰ মতে ছাত্ৰগৰাকী ইছকেমিক ষ্ট্ৰোকৰ ফলতহে মৃত্যু হৈছে৷ চন্দন জিণ্ডালক ইউক্ৰেইনৰ কীভস্কা ষ্ট্ৰীট ৬৮স্থিত ভিন্নিটছিয়া জৰুৰীকালীন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
মৃত্যুক সাৱটি লোৱা চন্দন জিণ্ডাল ইউক্ৰেইনৰ ভিন্নিটছিয়া নেশ্যনেল পীৰ’গ’ভৰ মেম’ৰিয়েল মেডিকেল ইউনিভাৰ্ছিটিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিল৷
লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ :কুফল ভুগিব ভাৰতে! কি হ’ব এছ-400 এয়াৰ ডিফেন্স ছিষ্টেমৰ?
ইফালে পিতৃয়ে চন্দনৰ মৃতদেহটো দেশলৈ ওভতাই আনিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনাই এক পত্ৰ প্ৰেৰণ কৰিছে৷
উল্লেখ্যে মংগলবাৰে ৰাছিয়ান মিছাইল আক্ৰমণত ইউক্ৰেইনত নিহত হৈছিল কৰ্ণাটকৰ এগৰাকী শিক্ষাৰ্থী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ