ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ৰপ্তানি নিয়ন্ত্ৰণ নীতিৰ অধীনত আমেৰিকাই কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আমেৰিকাৰ প্ৰশাসনে শীৰ্ষস্থানৰ AI প্ৰতিষ্ঠান Anthropicৰ আটাইতকৈ উন্নত AI মডেলসমূহৰ বিদেশী নাগৰিক, বিদেশী কৰ্মচাৰী আৰু যিকোনো অনা আমেৰিকান প্ৰতিষ্ঠানৰ ব্যৱহাৰৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিৰ্দেশনা জাৰি হোৱাৰ পিছতে কোম্পানীটোৱে তাৎক্ষণিকভাৱে নিজৰ Fable 5 আৰু Mythos 5 মডেলৰ সেৱা স্থগিত ৰাখিছে। অৱশ্যে কোম্পানীটোৱে স্পষ্ট কৰি দিছে যে Claude-ৰ অন্যান্য সকলো মডেল পূৰ্বৰ দৰেই কাৰ্যক্ষম হৈ থাকিব। একে সময়তে, মাৰ্কিন চৰকাৰৰ এই সিদ্ধান্তক ‘ভুল বুজাবুজি’ বুলি অভিহিত কৰি কোম্পানীটোৱে অতি সোনকালে সেৱাসমূহ পুনৰ আৰম্ভ হোৱাৰ আশা প্ৰকাশ কৰিছে।
বিদেশীসকলৰ বাবে ব্যৱহাৰত সম্পূৰ্ণ নিষেধাজ্ঞা
আমেৰিকাই ৰপ্তানি নিয়ন্ত্ৰণ বিধিৰ অধীনত Anthropicৰ বাবে এই নতুন নিয়ম জাৰি কৰিছে। নতুন নিয়ম অনুসৰি বিদেশী নাগৰিক, বিদেশী কৰ্মচাৰী আৰু কোনো অনা-আমেৰিকান সংস্থাক Anthropicৰ উন্নত AI মডেলসমূহ ব্যৱহাৰৰ অনুমতি দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই সিদ্ধান্তক লৈ কোম্পানীটোৱে অসন্তুষ্টি প্ৰকাশ কৰি কয় যে চৰকাৰী নিৰ্দেশৰ বাবে তেওঁলোকে সকলো গ্ৰাহকৰ বাবে Fable 5 আৰু Mythos 5-ৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত কোম্পানীটোৰ বিদেশী কৰ্মচাৰীসকলেও এই মডেলসমূহ ব্যৱহাৰ কৰিব নোৱাৰিব। কোম্পানীটোৱে লগতে কয় যে-এই সিদ্ধান্তৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গ্ৰাহকসকলৰ ওচৰত তেওঁলোকে দুঃখ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, এই ঘটনা কোনো ধৰণৰ ভুল বুজাবুজিৰ ফলত সৃষ্টি হৈছে। চৰকাৰৰ সৈতে আলোচনা কৰি এই বিভ্ৰান্তি দূৰ কৰাৰ পিছত পুনৰ সেৱা আৰম্ভ কৰাৰ চেষ্টা চলোৱা হ’ব।
কিয় আলোচনাৰ কেন্দ্ৰবিন্দুত Mythos AI?
উল্লেখযোগ্য যে এন্থ্ৰপিকে শেহতীয়াকৈ Mythos AI নামৰ এক উন্নত AI মডেল মুকলি কৰিছিল। ইয়াৰ বিশেষত্ব হ’ল, এই মডেলৰ সুবিধা সাধাৰণ ব্যৱহাৰকাৰীসকলেও লাভ কৰিব পাৰিব বুলি কোম্পানীটোৱে ঘোষণা কৰিছিল। Mythos AI মডেল মুকলিৰ সময়ত কোম্পানীটোৱে জনাইছিল যে ইয়াক বিশেষকৈ চৰকাৰী সংস্থা আৰু নিৰ্বাচিত উদ্যোগসমূহৰ বাবে প্ৰস্তুত কৰা হৈছে। কোম্পানীৰ মতে, মডেলটো বিশেষভাৱে চাইবাৰ সুৰক্ষা শক্তিশালী কৰা আৰু জটিল ছফ্টৱেৰ ক’ডত থকা ত্ৰুটি বা দুৰ্বলতা চিনাক্ত কৰাৰ উদ্দেশ্যে ডিজাইন কৰা হৈছে।
বিশ্বব্যাপী প্ৰভাৱ পৰাৰ সম্ভাৱনা
বিশেষজ্ঞসকলৰ মতে, যদি আমেৰিকাই উন্নত AI মডেলসমূহৰ ওপৰত ৰপ্তানি নিয়ন্ত্ৰণ আৰু অধিক কঠোৰ কৰে, তেন্তে ইয়াৰ প্ৰভাৱ বিশ্বব্যাপী AI উদ্যোগ, আন্তঃৰাষ্ট্ৰীয় গৱেষণা সহযোগিতা আৰু প্ৰযুক্তিগত প্ৰতিযোগিতাৰ ওপৰত স্পষ্টভাৱে পৰিব পাৰে। এই সিদ্ধান্তে বিশ্বজুৰি AI প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত নতুন বিতৰ্ক আৰু আলোচনাৰ সূচনা কৰাৰ সম্ভাৱনা আছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















