সম্প্ৰতি মেক্সিকো, কানাডাৰ লগতে আমেৰিকাত চলি আছে ফুটবল বিশ্বকাপ। বিশ্বকাপৰ আৰম্ভণি হোৱাৰ পূৰ্বৰে পৰা বিভিন্ন বিতৰ্কত সোমাই পৰিছে আমেৰিকা। ছোমালিয়া, উজবেকিস্তান, ছেনেগালৰ খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীৰ দ্বাৰা সমালোচিত হোৱাৰ পিছত এইবাৰ আন এটা নতুন বিতৰ্কত সোমাই পৰিছে আমেৰিকা। এইবাৰ আমেৰিকাত চুৰি হ’ল ইংলেণ্ড দলৰ অনুশীলন কৰা সামগ্ৰী। ইংলেণ্ড ফুটবল দলে FIFA বিশ্বকাপ ২০২৬ৰ প্ৰস্তুতি জোৰদাৰ কৰি আছে। ইয়াৰ মাজতে আমেৰিকাৰ কেনছাছ চিটীত দলটোৰ প্ৰশিক্ষণত ব্যৱহাৰ হোৱা কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে। চুৰি হোৱা সামগ্ৰীৰ ভিতৰত খেলুৱৈসকলৰ ফুটবল বুট, ফুটবল আদিও আছে। দ্বিতীয়বাৰৰ বাবে বিশ্বকাপ জয়ৰ লক্ষ্যৰে যোৱা ইংলেণ্ড দলটো বৰ্তমান আমেৰিকাত আছে। কিন্তু ইংলেণ্ডৰ বিশ্বকাপৰ অভিযান আৰম্ভ হোৱাৰ পূৰ্বেই দলটোৱে ডাঙৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। হেৰী কেনৰ নেতৃত্বত থকা দলটোৰ প্ৰশিক্ষণ সামগ্ৰী চুৰি হোৱাৰ ঘটনাই সকলোকে এতিয়া চিন্তিত কৰি তোলাৰ লগতে দলসমূহৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। সূত্ৰ অনুসৰি, কেনছাছ চিটীত ইংলেণ্ডে অনুশীলন কৰা ষ্টেডিয়ামখনলৈ সামগ্ৰীসমূহ এখন গাড়ীৰে কঢ়িয়াই নিয়া হৈছিল। সেই সময়তেই বাহনখনৰ পৰা কিছুমান সামগ্ৰী চুৰি হয়। চুৰি হোৱা সামগ্ৰীৰ ভিতৰত আছে খেলুৱৈসকলৰ বুট, ফুটবল আৰু অনুশীলনৰ বাবে প্ৰয়োজনীয় আন কেইবাবিধো সামগ্ৰী। বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে ইংলেণ্ডৰ দলটো ফ্ল’ৰিডাত এটা শিবিৰ অনুষ্ঠিত কৰিছিল। তাতেই প্ৰস্তুতি সম্পন্ন কৰি মুখ্য প্ৰশিক্ষক থমাছ টুখেল আৰু ইংলেণ্ড দলটো আজি দুপৰীয়া কেনছাছ চিটীত উপস্থিত হোৱাৰ কথা আছিল আৰু ইয়াৰ পূৰ্বেই অৰ্থাৎ শুকুৰবাৰে সকলো অনুশীলন সামগ্ৰী বাহনখনেৰে পঠিওৱা হৈছিল।
কোনে চুৰি কৰিলে ইংলেণ্ড দলটোৰ সামগ্ৰীসমূহ?
এই ঘটনাৰ পিছতে শুকুৰবাৰে নিশা স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় আৰক্ষীৰ তথ্য অনুসৰি, এই ঘটনাৰ সৈতে জড়িতৰ সন্দেহত ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কেনছাছ চিটি আৰক্ষীৰ এজন মুখপাত্ৰই এই সন্দৰ্ভত কয়,-আমি ইংলেণ্ডৰ দলটোৰ সামগ্ৰী কঢ়িওৱা বাহনৰ পৰা ক্ৰীড়া সামগ্ৰীসমূহ চুৰি হোৱাৰ অভিযোগৰ তদন্ত চলাই আছো। বাহনখন কেনছাছ চিটীত উপস্থিত হোৱাৰ পিছত কিছুমান সামগ্ৰী চুৰি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ্য যে ১৭ জুনত ইংলেণ্ড আমেৰিকাৰ আৰ্লিংটনৰ AT&T ষ্টেডিয়ামত ক্ৰোৱেছিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। এইবাৰ ইংলেণ্ডে ক্ৰোৱেছিয়া, ঘানা আৰু পানামাৰ সৈতে গ্ৰুপ ‘A’ত আছে। ২০১৮ চনৰ বিশ্বকাপৰ ছেমিফাইনেলত ক্ৰোৱেছিয়াই ইংলেণ্ডক পৰাস্ত কৰিছিল। উল্লেখযোগ্য যে ক্ৰোৱেছিয়াই বিগত দুটা বিশ্বকাপত ক্ৰমে ফাইনেল আৰু ছেমিফাইনেল খেলাৰ অভিজ্ঞতা অৰ্জন কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















