অসম ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত উপস্থিত হৈ একেদিনাই উদ্বোধন কৰিলে দুখনকৈ কৰ্কট চিকিৎসা কেন্দ্ৰ, প্ৰাগজ্যোতিষ মেডিকেল কলেজ আৰু হস্পিতাল। ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ৩খন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু এখন জিলা চিকিৎসালয়ৰো শিলান্যাস কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
অসমত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰসংশা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “নিজৰ পৰিয়ালৰ আৰ্থিক স্বাস্থ্যৰ বাহিৰে কংগ্ৰেছে ৰাইজৰ স্বাস্থ্যৰ চিন্তা কেতিয়াও নকৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ স্বাস্থ্য সেৱা কৰ্ণাটক, গুজৰাটৰ সমানে-সমানে এতিয়া আগবাঢ়িছে।”
ইয়াৰ মাজতে কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ আৰু বিৰোধী নেতা ৰাহুল গান্ধীকো তীব্ৰ আক্ৰমণ কৰে। শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া AI ইমপেক্ট ছামিট ২০২৬-ত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে কৰা প্ৰতিবাদক তেওঁ লেতেৰা ৰাজনীতি বুলি আখ্যা দিয়াৰ উপৰিও কঠোৰ ভাষাৰে গৰিহণা দিয়ে।
সংসদৰ প্ৰৱেশদ্বাৰত ৰাহুল গান্ধীৰ চাহ-পকোৰা খাই কৰা প্ৰতিবাদক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সংসদীয় শিষ্টাচাৰ উলংঘা বুলিও সমালোচনা কৰে। তেওঁ কয়, “সংসদত সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰা ৰাহুল গান্ধীয়ে কেৱল কেণ্টিনত চাহ-পকোৰা খাই সময় কটায়। মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে এতিয়া দেশৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে।” কংগ্ৰেছে বিশ্বৰ মঞ্চত ভাৰতক বদনাম কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰি বিজেপিয়ে ইয়াক ‘উলংগ ৰাজনীতি’ বুলি অভিহিত কৰে। অসমৰ পৰাই কংগ্ৰেছ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















