ডিজিটেল ডেস্কঃ সীমান্ত সুৰক্ষাক লৈ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এক ডাঙৰ ঘোষণা। বাংলাদেশ সীমান্তৰ দৰেই এইবাৰ ম্যানমাৰ সীমান্তও অধিক সুৰক্ষিত আৰু কঠোৰ নিৰাপত্তা প্ৰদানৰ কথা ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ অসম আৰক্ষীৰ দীক্ষান্ত সমাৰোহত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়- বাংলাদেশ-ভাৰত সীমান্তৰ দৰেই এইবাৰ আমি ম্যানমাৰ সীমান্ততো কঠোৰ নিৰপত্তাব্যৱস্থা গঢ়ি তুলিম। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অচিৰেই পৰ্যায়ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিব।”
গুৱাহাটীত এই ঘোষণা কৰাৰ পিছতে এতিয়া হাঁহাকাৰ লাগিছে ম্যানমাৰত। যি সময়ত ম্যানমাৰৰ সহস্ৰাধিক সৈনিক জাতীয় সংঘৰ্ষৰ পৰা মুক্তি পাবলৈ ভাৰতত আশ্ৰয় লৈ আছে, তেনে সময়ত অমিত শ্বাহৰ এই ঘোষণাই স্বাভাৱিকতে ম্যানমাৰত কপঁনি তুলিছে। ইফালে অসমৰ আলফা স্বাধীনৰ লগতে উত্তৰ-পূবৰ বহুকেইটা সন্ত্ৰাসবাদী সংগঠনে ম্যানমাৰত বাহৰ পাতি আছে। গতিকে ম্যানমাৰ সীমান্তত অধিক কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ পাছতে শলঠেকত পৰিব এই সন্ত্ৰাসবাদী সংগঠনসমূহো।
উল্লেখ কৰা প্ৰয়োজন যে, জাতীয় সংঘৰ্ষৰ ফলতে ম্যানমাৰৰ প্ৰায় ৬০০সৈনিক ভাৰতত বাহৰ পাতি আছে। ইফালে অসমকে ধৰি উত্তৰ-পূবৰ সহস্ৰাধিক সন্ত্ৰাসবাদী সংগঠনৰ সদস্যও দীৰ্ঘবছৰ ধৰি আশ্ৰয় লৈ আছে ম্যানমাৰত। ভাৰত চৰকাৰে এতিয়া সীমান্তক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে দুয়োখন দেশৰ মাজত চলাচল কৰিবলৈ নাগৰিকক প্ৰয়োজন হ’ব ভিজাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ