• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

2 months ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

11 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

11 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

11 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

12 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

13 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

14 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

14 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

15 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

15 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

16 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

17 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

বিশ্বৰ আটাইতকৈ পুৰণি জীৱিত অৱস্থাত থকা জীৱ এল আৰবল দেল তুলে

editor by editor
June 20, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভ্ৰমণ, লেখা
0
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
0
SHARES
43
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেক্সিকোৰ ওআক্সাকা প্ৰদেশত অৱস্থিত এল আৰবল দেল তুলে (El Árbol del Tule) নামৰ গছডাল পৃথিৱীৰ অন্যতম প্ৰাচীন আৰু বিশাল জীৱিত বৃক্ষ হিচাপে পৰিচিত। ও’আক্সাকা চহৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত থকা ছাণ্টা মাৰিয়া ডেল টুলে নামৰ সৰু চহৰখনত অৱস্থিত এই বিশাল চাইপ্ৰেছ (Cypress) গছজোপাই প্ৰায় ২,০০০ বছৰতকৈও অধিক সময় ধৰি পৃথিৱীত জীৱিত আছে বুলি বিশেষজ্ঞসকলে অনুমান কৰে। এই গছজোপাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ইয়াৰ বিশালতা। গছডালৰ গাগছৰ ব্যাস প্ৰায় ১৪.০৬ মিটাৰ, আনহাতে ইয়াৰ পৰিধি প্ৰায় ৪৪ মিটাৰ। এই অসাধাৰণ আকাৰৰ বাবেই এল আৰ্বল ডেল টুলে বিশ্বজুৰি খ্যাতি লাভ কৰিছে।

এতিয়াও সঠিক উচ্চতা নিৰ্ধাৰণ কৰিব পৰা নাই গছডালৰ

গছডালৰ বিস্তৃত ঠাল-ঠেঙুলিৰ বাবে সঠিক উচ্চতা সহজে নিৰ্ধাৰণ কৰিব নোৱাৰি। অৱশ্যে ২০০৫ চনত লেজাৰ প্ৰযুক্তিৰ সহায়ত কৰা জোখ-মাপত এই গছডালৰ উচ্চতা প্ৰায় ৩৫.৪ মিটাৰ বুলি নিৰ্ধাৰণ কৰা হৈছিল। এল আৰ্বল ডেল টুলেক ও’আক্সাকা ৰাজ্যৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ এক অমূল্য প্ৰতীক হিচাপে গণ্য কৰা হয়। Mexico Daily Postৰ তথ্য অনুসৰি, গছডালৰ আনুমানিক বয়স ২,০০০ বছৰতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত ই পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত জীৱসমূহৰ অন্যতম হিচাপে স্বীকৃতি লাভ কৰিছে। অঞ্চলটোৰ কিছু কিছু লোকৰ প্ৰবাদ মতে, এই গছজোপা মেক্সিকোৰ পৌৰণিক কাহিনীসমূহত থকা বায়ুৰ দেৱতা এহেকাটলৰ উপাসনা কৰা এগৰাকী পুৰোহিতে ৰোপণ কৰিছিল। বিপৰীতে আন কিছুমানে মেক্সিকোৰ এজন প্ৰাচীন শাসকে নিজৰ এডাল লাঠি এসময়ত মাটিত পুতি থৈছিল আৰু তাৰ পৰাই এই বিশাল বৃক্ষৰ জন্ম হৈছিল বুলি বিশ্বাস কৰে। স্থানীয় জাপোটেক ভাষাত এল আৰবল দেল তুলে গছডালৰ নামটোৰ অৰ্থ হৈছে ‘পোহৰৰ বৃক্ষ’।

মেক্সিকোৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলীসমূহৰ অন্যতম

গছডাল চাবলৈ ওআক্সাকাত দৈনিক হাজাৰ হাজাৰ লোকে ভিৰ কৰে। গছডালৰ আন এটা আকৰ্ষণীয় দিশ হৈছে, গছডালৰ গাৰ অংশত বহুতো অস্বাভাৱিক আকৃতি দেখা যায়, যিবোৰে সিংহ, হাতী, হৰিণ আদি জন্তুৰ আকৃতিৰ দৰে। স্থানীয় লোক আৰু গাইডে পৰ্যটকসকলক এই প্ৰতীকসমূহৰ লগত সংগতি ৰাখি বিভিন্ন কাহিনী বৰ্ণনা কৰে।
সেইবাবেই এল আৰবল দেল তুলে কেৱল এডাল গছ নহয়, বৰঞ্চ মেক্সিকোৰ এক জীৱন্ত ঐতিহ্য, প্ৰাকৃতিক বিস্ময় আৰু অ’আক্সাকাৰ অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। প্ৰকৃতিৰ অপূৰ্ব সৃষ্টিসমূহৰ ভিতৰত এল আৰবল দেল তুলে নিঃসন্দেহে এক অনন্য উদাহৰণ, যিয়ে হাজাৰ হাজাৰ বছৰৰ ইতিহাস নিজৰ বুকুত সাঁচি ৰাখি আজিও দৃঢ়ভাৱে থিয় হৈ আছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Mexico
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.