• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

4 months ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

25 minutes ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

14 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

15 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

15 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

16 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

16 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

17 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

17 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

18 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

20 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

20 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

ট্ৰাম্পৰ মন্তব্যক লৈ ক্ষুব্ধ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনি

editor by editor
June 20, 2026
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
0
SHARES
389
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৰা এক বিতৰ্কিত মন্তব্যৰ পিছতে মেলোনিয়ে ট্ৰাম্পক তীব্ৰ সমালোচনা কৰিছে। ট্ৰাম্পে মন্তব্য কৰিছিল যে ফান্সত অনুষ্ঠিত হোৱা G7 শীৰ্ষ সন্মিলনৰ সময়ত মেলোনিয়ে তেওঁৰ সৈতে ফটো উঠিবলৈ অতি আগ্ৰহী তথা ব্যাকুল আছিল। ইয়াৰ পিছতে দুয়োখন দেশতে তীব্ৰ বিতৰ্কৰ সূত্ৰপাত হৈছে। ট্ৰাম্পৰ এই মন্তব্যৰ বিৰোধিতা কৰি ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিয়ে কয় যে-ট্ৰাম্পৰ এই বক্তব্য সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু মনগঢ়া।

ক’ত ট্ৰাম্পে কৰিছিল এই বিতৰ্কিত মন্তব্যটো

ইটালীৰ এটা টিভি চেনেল La7-ত দিয়া এক সাক্ষাৎকাৰত ট্ৰাম্পে কৈছিল যে, ‘মেলোনিয়ে মোৰ সৈতে ফটো উঠাব বিচাৰিছিল। প্ৰথমতে মই তেনে কৰিব বিচৰা নাছিলোঁ, কিন্তু শেষত তেওঁৰ ওপৰত দয়া লাগিল সেয়া ফটো উঠিলোঁ।’ ইপিনে এই মন্তব্য সম্প্ৰচাৰ হোৱাৰ পিছতে মেলোনিয়ে ক্ষুব্ধ হৈ তীব্ৰ সমালোচনা কৰি ট্ৰাম্পক উদ্দেশ্যি কয়—’মই আচৰিত হৈছোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ মিত্ৰ দেশসমূহৰ নেতাসকলৰ সৈতে এনে ব্যৱহাৰ কিয় কৰে, সেয়া বুজি নাপাওঁ। তেওঁ এটা কথা মনত ৰখা উচিত যে না মেলোনিয়ে, না ইটালীয়ে; আমি কেতিয়াও কাৰো আগত মূৰ নোদোৱাও আৰু কাকো মিনতিও নকৰোঁ।’

বিতৰ্কৰ পিছতে আমেৰিকা ভ্ৰমণ বাতিল

এই বিতৰ্ক তীব্ৰতৰ হোৱাৰ পাছত ইটালীৰ বৈদেশিক মন্ত্ৰী এণ্টনিঅ’ তাজানিয়ে আগন্তুক সপ্তাহত আমেৰিকালৈ ভ্ৰমণ কৰিবলগীয়া সকলো কাৰ্যসূচী বাতিল কৰে। এণ্টনিঅ’ তাজানিয়ে কয় যে-ডোনাল্ড ট্ৰাম্পে মন্তব্য কেৱল প্ৰধানমন্ত্ৰী মেলোনিকেই নহয়, সমগ্ৰ ইটালীক অপমান কৰিছে।
G7 সন্মিলনত একেলগে দেখা গৈছিল ট্ৰাম্প আৰু মেলোনিক
উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে ইৰানৰ প্ৰসংগত ট্ৰাম্পে ইটালীক লৈ বিৰূপ মন্তব্যৰ কৰিছিল। তাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্কত কিছু প্ৰভাৱ পৰাও দেখা গৈছিল। কিন্তু ফ্ৰান্সত অনুষ্ঠিত সদ্যসমাপ্ত G7 শীৰ্ষ সন্মিলনৰ সময়ত ট্ৰাম্প আৰু মেলোনিক বহু সময় একেলগে দেখা গৈছিল। দুয়োগৰাকী শীৰ্ষ নেতাক দীঘলীয়া আলোচনা কৰাও দেখা গৈছিল আৰু সেই দৃশ্যবোৰ ব্যাপকভাৱে চৰ্চিত হৈছিল। সেয়ে বিশ্ব পৰ্যায়ত দুয়োখনৰ দেশৰ সম্পৰ্ক পুনৰ স্বাভাৱিক অৱস্থাৰ দিশে অহা বুলি ভবা হৈছিল। কিন্তু ট্ৰাম্পৰ শেহতীয়া মন্তব্যই পুনৰ দুয়োখন দেশৰ সম্পৰ্কৰ মাজত দূৰত্ব বৃদ্ধি কৰাৰ আশংকাই দেখা দিছে।

মেলোনিয়ে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দলৰো ট্ৰাম্পক সমালোচনা

ইটালীৰ প্ৰধানমন্ত্ৰী মেলোনিয়ে প্ৰতিনিধিত্ব কৰা ৰাজনৈতিক দল Brothers of Italyৰ চনেট নেতা লুচিঅ’ মালানে এই বিতৰ্ক সন্দৰ্ভত যে ‘ডোনাল্ড ট্ৰাম্পে আগতেও বহু ইউৰোপীয় নেতাৰ বিষয়ে অপমানজনক মন্তব্য কৰিছে আৰু ইয়াৰ ফলত আটাইতকৈ বেছি ক্ষতি তেওঁৰ নিজৰ ভাবমূৰ্তিৰেই হৈছে।’ তেওঁ লগতে কয় যে G7 সন্মিলনৰ ‘ভিডিঅ’সমূহত ট্ৰাম্পৰ দাবীৰ বিপৰীত ছবিহে দেখা গৈছে। প্ৰয়োজনত মেলোনিয়ে আমেৰিকাক যিকোনো পৰিস্থিতিতে ‘না’ ক’বলৈ কুণ্ঠাবোধ নকৰাৰ বাবেই হয়তো ট্ৰাম্প মেলোনি বা ইটালীক লৈ অসন্তুষ্ট।’
ইপিনে ইটালীৰ ৰাষ্ট্ৰপতিয়েও মেলোনিক ফোন কৰি মেলোনিৰ প্ৰতি তেওঁৰ সমৰ্থন প্ৰকাশ কৰে। কেৱল এয়াই নহয় দেশখনৰ বিৰোধী Democratic Partyৰ সাংসদ ফিলিপ্পো ছেনছিয়েও মেলোনিক সমৰ্থন কৰি কয় যে-কোনো ব্যক্তিৰে ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে এনে অহংকাৰী ভংগীত কথা কোৱাৰ অধিকাৰ নাই। মেলোনিৰ ঘনিষ্ঠ সহযোগী আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়া ফাজ্জোলাৰিয়ে কয় যে- ট্ৰাম্পে সচেতনভাৱে অথবা অসচেতনভাৱে আমেৰিকা আৰু ইউৰোপৰ ঐতিহাসিক সম্পৰ্কক ক্ষতি কৰি আছে। ট্ৰাম্পৰ এনে মন্তব্যই সমগ্ৰ ইউৰোপত আমেৰিকাৰ ভাবমূৰ্তি ম্লান কৰিছে আৰু ইয়াৰ আটাইতকৈ বেছি ক্ষতি আমেৰিকাৰেই হ’ব।

ট্ৰাম্পৰ সমৰ্থক আছিল মেলোনি

দীৰ্ঘদিন ধৰি ট্ৰাম্প আৰু মেলোনিৰ সম্পৰ্ক যথেষ্ট ঘনিষ্ঠ বুলি গণ্য কৰা হৈছিল। ২০২৫ত ট্ৰাম্পৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা একমাত্ৰ ইউৰোপীয় নেতা আছিল মেলোনি। তেওঁক ইউৰোপীয় সংঘ আৰু আমেৰিকাৰ মাজৰ এক গুৰুত্বপূৰ্ণ সংযোগসূত্ৰ হিচাপেও দেখা হৈছিল। বিগত এপ্ৰিলত ইৰান সংকটক কেন্দ্ৰ কৰি দুয়ো নেতাৰ মাজত মতভেদ দেখা দিয়ে। শান্তিৰ আহ্বান জনোৱা পোপৰ বক্তব্যৰ প্ৰতি ট্ৰাম্পে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, যাৰ বিৰোধিতা কৰিছিল মেলোনিয়ে। তাৰ পাছত ট্ৰাম্পে মন্তব্য কৰিছিল যে- তেওঁ ভাবিছিল মেলোনিৰ সাহস আছে, কিন্তু সেই ধাৰণা ভুল আছিল।

মোদী আৰু মেলোনিৰ বন্ধুত্বও পুনৰ চৰ্চালৈ

এই বিতৰ্কৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু জৰ্জিয়া মেলোনিৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়টোৱে পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দুয়ো নেতাক শেহতীয়া G7 সন্মিলনকে ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত একেলগে দেখা গৈছে। সামাজিক মাধ্যমত তেওঁলোকৰ বন্ধুত্বই ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। Évian-les-Bainsত অনুষ্ঠিত G7 সন্মিলনৰ সময়ত মেলোনিয়ে মজাৰ ছলে নৰেন্দ্ৰ মোদীক কৈছিল যে তেওঁলোক হয়তো ইনষ্টাগ্ৰামৰ আটাইতকৈ চৰ্চিত ‘যুটি’। ইয়াৰ পূৰ্বে মোদীৰ ৰোম ভ্ৰমণৰ সময়ত তেওঁ মেলোনিক ভাৰতৰ জনপ্ৰিয় ‘মেলোডি’ টফী উপহাৰ দিছিল। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছিল। মেলোনিয়ে বিভিন্ন সময়ত নৰেন্দ্ৰ মোদীক বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা বুলিও অভিহিত কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Donald Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.