• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

1 month ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

30 minutes ago
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

1 hour ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

2 hours ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

14 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

14 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

15 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

16 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

16 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

17 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

17 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

19 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

কেৰিয়াৰৰ বিয়লিবেলাত ৰোনাল্ডো-মেছি, এমবাপে-হালাণ্ড যুগৰ সূচনা!

editor by editor
June 20, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
0
SHARES
141
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাম্প্ৰতিক সময়ত ফুটবল জগতত যেতিয়াই শ্ৰেষ্ঠ খেলুৱৈৰ তৰ্কৰ কথা আহে, তেতিয়াই দুটা নাম সৰ্বপ্ৰথমে আহে ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅনেল মেছি। কিন্তু বিগত চাৰি বছৰত বিশ্ব ফুটবলত নতুন এক অধ্যায় আৰম্ভ হৈছে। এফালে ৰোনাল্ডো আৰু মেছি কেৰিয়াৰৰ বিয়লি বেলাত উপনীত হৈছে, আনফালে এমবাপে আৰু হালাণ্ডৰ দৰে নতুন প্ৰজন্মৰ তাৰকাই বিশ্বৰ ফুটবল অনুৰাগীসকলৰ হৃদয়ত নতুনকৈ থিতাপি লৈছে। চলিত বিশ্বকাপত মেছিৰ হেইট্ৰিকৰ উপৰিও, এমবাপে আৰু হালাণ্ডৰো উজ্জীৱিত প্ৰদৰ্শন দেখিলো। এই তিনি তাৰকাৰ প্ৰদৰ্শনৰ সমান্তৰালকৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ প্ৰদৰ্শন দেখাৰ পিছতে স্বাভাৱিকতে বহু ফুটবল অনুৰাগীৰ মাজত এটাই প্ৰশ্ন আহিছে— স্তিমিত হৈ আহিছে নেকি CR7?

কোন শ্ৰেষ্ঠ, ৰোনাল্ডো বনাম মেছি?

২০২২ চনৰ FIFA World Cup Qatar 2022ৰ পিছত ৰোনাল্ডোৱে ইউৰোপ এৰি ছৌদি আৰৱৰ ক্লাব Al Nassr FCত যোগদান কৰিছিল। বিগত চাৰি বছৰত ৰোনাল্ডোৱে ক্লাব আৰু দেশৰ হৈ শতাধিক গ’ল কৰিছে। ৪০ বছৰ বয়সৰ সীমা স্পৰ্শ কৰাৰ এই ক্ষণত ৰোণাল্ডো এতিয়াও পৰ্টুগালৰ মুখ্য আৰু অন্যতম ষ্ট্ৰাইকৰ খেলুৱৈ। শাৰীৰিক সক্ষমতা, হেডিং, পজিচনিং আৰু ফিনিচিঙত এতিয়াও ৰোনাল্ডোৰ চোক কমি যোৱা নাই। অৱশ্যে পূৰ্বতকৈ কিছু পৰিমাণে গতিৰ হ্ৰাস ৰোনাল্ডোৰ নকমা নহয়। ৰোনাল্ডোৰ বিপৰীতে দেশক প্ৰতিনিধিত্ব কৰি মেছিয়ে পাইছে অধিক সফলতা। মেছিৰ ভৰিৰ যাদু এতিয়াও অক্ষত অৱস্থাতেই আছে যেন অনুভৱ কৰে অনুৰাগীয়ে। ২০২২ বিশ্বকাপ জয়ে মেছিৰ কেৰিয়াৰক এক নতুন উচ্চতালৈ নিছে। বিশ্বকাপ, কোপা আমেৰিকা, ফাইনালিছিমাৰ জয়ে মেছিক ফুটবলৰ অনন্য কৰি তুলিছে। ২০২৩ চনত তেওঁ Inter Miami CFলৈ গ’ল যদিও খেলৰ ধৰণত ডাঙৰ পৰিৱৰ্তন দেখা নাযায়। বহু ফুটবল বিশ্লেষকৰ মতে বিগত প্ৰায় দুটা বছৰৰ খেলসমূহ চালে ৰোনাল্ডোৰ তুলনাত বয়সৰ প্ৰভাৱ মেছিৰ খেলত কমকৈ দেখা যায়। বিগত ৪ বছৰত ৰোনাল্ডোই ইউৰোপিয়ন শীৰ্ষ ক্লাব প্ৰতিযোগিতাৰ পৰা আঁতৰি ছৌদি লীগত খেলিছে। মানদণ্ডৰ ক্ষেত্ৰত ইউৰোপিয়ন শীৰ্ষ পৰ্যায়ৰ ক্লাব ফুটবল লীগ ছৌদি লীগৰ তুলনাত বহু ওপৰত। মানচেষ্টাৰ ইউনাইটেডক সফল কৰিব নোৱাৰি ইউৰোপিয়ন লীগ এৰিছিল ৰোনাল্ডোৱে। আনহাতে ইয়াৰ বিপৰীতে PSGত লীগ খিতাপ জিকাৰ উপৰিও ইণ্টাৰ মিয়ামিক নতুন উচ্চতালৈ লৈ নিবলৈও সক্ষম হৈছে মেছিয়ে।

এমবাপে, হালাণ্ড যুগৰ সূচনা!

দুই মহাতাৰকাৰ কেৰিয়াৰৰ বিয়লি বেলাত ফুটবল অনুৰাগীৰ হৃদস্পন্দনত খালী হোৱা ঠাইখিনি পূৰাবলৈ উদিত হৈছে এমবাপে, হালাণ্ডৰ দৰে তাৰকাৰ। অৱশ্যে এই তালিকাত আৰু কিছু ফুটবলাৰে ভূমুকি মাৰিছে যদিও এই দুগৰাকী সাম্প্ৰতিক সময়ত সবাটোকৈ জনপ্ৰিয়। সময়ে সময়ে আঘাতজনিত সমস্যাৰে যুঁজি থকা নেইমাৰে এই দৌৰত থাকিও যেন হেৰাই থাকিল। ক্ৰিষ্টিয়ানো ৰোনাল্ডোক নিজৰ আদৰ্শ হিচাপে লোৱা এমবাপেৰ গুৰুৰ দৰেই মূল শক্তি তীব্ৰ গতি আৰু অসাধৰণ ফিনিশ্বিং। ২০২২ৰ ফাইনেলত মেছিৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে অকলেই বীৰৰ দৰে যুঁজ দিছিল এমবাপেই। ফাইনেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে পৰাস্ত হ’লেও এমবাপেৰ সেই দুৰ্দান্ত হেইট্ৰিকটোৰ কথা ফুটবল অনুৰাগীৰ নিশ্চয় মনত আছে। আনহাতে গ’ল মেচিন হিচাপে সমাদৰ লাভ কৰা এৰলিং হালাণ্ড আধুনিক ফুটবল বিশ্বৰ দুৰ্দান্ত ষ্ট্ৰাইকাৰসকলৰ ভিতৰৰ এজন।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Fifa world cup
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা
অসম

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

July 31, 2026
মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!
বিশ্ব

মাত্ৰ ৩দিনৰ ভিতৰতে সীমা ভাঙি আহিল হাজাৰ হাজাৰ অবৈধ প্ৰব্ৰজনকাৰী!

July 31, 2026
কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

July 31, 2026
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
Next Post
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব'ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.