• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

4 months ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

1 hour ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

15 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

15 hours ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

16 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

17 hours ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

17 hours ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

18 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

18 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

19 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

21 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

21 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

যিয়ে মানৱ স্পৰ্শৰ পৰা মৃ*ত্যু পৰ্যন্ত বঞ্চিত হৈ আছিল

editor by editor
June 20, 2026
in জীৱনশৈলী, প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, স্বাস্থ্য
0
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
0
SHARES
68
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ জীৱনত স্পৰ্শৰ গুৰুত্ব কিমান, সেয়া হয়তো আমি সচৰাচৰ উপলব্ধি নকৰোঁ। মাকৰ বুকুৰ উম, দেউতাকৰ স্নেহভৰা হাত, বন্ধু-বান্ধৱৰ আলিংগন— এইবোৰেই আমাৰ দৈনন্দিন জীৱনৰ স্বাভাৱিক অংশ। কিন্তু পৃথিৱীত এনে এটা শিশুও জন্ম হৈছিল, যিয়ে জীৱনৰ বেছিভাগ সময় কোনো মানুহৰ প্ৰত্যক্ষ স্পৰ্শ লাভ নকৰাকৈ অতিবাহিত কৰিবলগীয়া হৈছিল। সেই শিশুটি আছিল আমেৰিকাৰ ডেভিদ ফিলিপ ভেটাৰ। চিকিৎসা বিজ্ঞানৰ ইতিহাসত Bubble Boy নামেৰে পৰিচিত ডেভিদৰ জীৱনগাথা একে সময়তে যন্ত্ৰণাদায়ক, অনুপ্ৰেৰণাদায়ক আৰু বিজ্ঞানৰ অগ্ৰযাত্ৰাৰ এক অনন্য অধ্যায়।

জন্মৰ পৰাই আৰম্ভ হৈছিল ডেভিডৰ সংগ্ৰাম

১৯৭১ৰ ২১ ছেপ্টেম্বৰত আমেৰিকাৰ টেক্সাছত ডেভিদৰ জন্ম হৈছিল। জন্মৰ পিছতে চিকিৎসকসকলে নিশ্চিত কৰে যে তেওঁ Severe Combined Immunodeficiency চমুকৈ SCID নামৰ এক বিৰল ৰোগত আক্ৰান্ত। এই ৰোগক Boy in the Bubble Disease বুলিও কোৱা হয়। SCID ৰোগত আক্ৰান্ত ব্যক্তিৰ শৰীৰত ৰোগ প্ৰতিৰোধ ব্যৱস্থা প্ৰায় সম্পূৰ্ণৰূপে অকাৰ্যকৰী হৈ থাকে। ফলত সাধাৰণ মানুহৰ বাবে ক্ষতিকাৰক নহোৱা ভাইৰাছ, বেক্টেৰিয়া বা ধূলিকণাও এই ৰোগীৰ জীৱনৰ বাবে মাৰাত্মক বিপদ হৈ পৰে। ডেভিদৰ ক্ষেত্ৰতো সেয়াই হৈছিল। জন্মৰ পিছত তেওঁক সাধাৰণ পৰিৱেশত ৰাখিলে কিছুদিনৰ ভিতৰতে বিভিন্ন সংক্ৰমণত মৃ*ত্যু হোৱাৰ আশংকা আছিল।

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী জীৱন

ডেভিদক জীৱিত ৰাখিবলৈ চিকিৎসকসকলে তেওঁক সম্পূৰ্ণ বীজাণুমুক্ত প্লাষ্টিকৰ এক বিশেষ কক্ষত ৰাখিছিল। এই কক্ষটোৱেই পিছলৈ Bubble নামেৰে পৰিচিত হয়। সেই Bubbleৰ ভিতৰতেই ডেভিদে শৈশৱ কটাবলগীয়া হৈছিল। পিতৃ-মাতৃয়ে তেওঁক কোলাত ল’ব নোৱাৰিছিল, আনকি সাধাৰণভাৱে স্পৰ্শও কৰিব নোৱাৰিছিল। প্লাষ্টিকৰ আৱৰণত সংলগ্ন বিশেষ গ্লভছৰ জৰিয়তেহে তেওঁৰ যত্ন লোৱা হৈছিল। ডেভিদে ব্যৱহাৰ কৰা প্ৰতিটো বস্তু যেনে খাদ্য, পানী, কাপোৰ, খেলনা, কিতাপ—সকলো প্ৰথমে বিশেষ প্ৰক্ৰিয়াৰে বীজাণুমুক্ত কৰা হৈছিল। তাৰ পিছতহে সেইবোৰ তেওঁক দিয়া হৈছিল। তেওঁৰ জীৱনটো যেন এখন অদৃশ্য কাৰাগাৰত বন্দী জীৱনৰ দৰে আছিল।

বাহ্যিক পৃথিৱী চোৱাৰ সপোন আৰু NASA পদক্ষেপ

শৈশৱত আন শিশুৰ দৰে খেলিব, দৌৰিব বা মুকলি আকাশৰ তলত ঘূৰিব নোৱাৰিলেও ডেভিদৰ মনত বাহিৰৰ পৃথিৱীখন চোৱাৰ তীব্ৰ আকাংক্ষা আছিল। তেওঁৰ এই ইচ্ছাক সন্মান জনাই আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা NASA-এ ১৯৭৭ চনত এক বিশেষ সুৰক্ষা-পোছাক নিৰ্মাণ কৰে। মহাকাশচাৰীৰ পোছাকৰ আৰ্হিত তৈয়াৰ কৰা এই ক্ষুদ্ৰ স্পেচ-চুট পিন্ধি ডেভিদে জীৱনত প্ৰথমবাৰৰ বাবে নিজৰ বীজাণুমুক্ত কক্ষৰ বাহিৰলৈ ওলাই আহিছিল। যদিও তেওঁ সম্পূৰ্ণ স্বাধীন নাছিল, তথাপিও সেই অভিজ্ঞতাই তেওঁৰ জীৱনলৈ কিছু আনন্দ কঢ়িয়াই আনিছিল।

চিকিৎসা বিজ্ঞানৰ অপ্ৰাণ চেষ্টা

ডেভিদৰ জীৱন বচাবলৈ চিকিৎসকসকলে বহু বছৰ ধৰি গৱেষণা চলাইছিল। অৱশেষত ১৯৮৩ত তেওঁৰ ভগ্নী কেথেৰিন ভেটাৰৰ Bone Marrow ব্যৱহাৰ কৰি Bone Marrow ট্ৰান্সপ্লাণ্ট কৰাৰ সিদ্ধান্ত লোৱা হয়। আৰম্ভণিতে এই চিকিৎসা সফল হোৱা যেন লাগিছিল। কিন্তু পিছত দেখা গ’ল যে দান কৰা Bone Marrowৰ সৈতে এক সুপ্ত Epstein-Barr Virus তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিল। ডেভিদৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ব্যৱস্থাই সেই ভাইৰাছৰ বিৰুদ্ধে যুঁজিব নোৱাৰিলে। ফলত তেওঁ লিম্ফোমা নামৰ এক প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হয়।

ডেভিদক মাতৃৰ প্ৰথম আৰু শেষ স্পৰ্শ

১৯৮৪ত ডেভিদৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটিবলৈ আৰম্ভ কৰে। চিকিৎসকসকলে বুজি পাইছিল যে তেওঁক আৰু বচাব পৰা সম্ভৱ নহ’ব। মৃত্যুৰ পূৰ্বে ডেভিদক প্লাষ্টিকৰ bubbleৰ পৰা বাহিৰলৈ অনা হয়। সেই সময়তেই তেওঁৰ মাতৃ কেৰল এন ভেটাৰে জীৱনত প্ৰথমবাৰৰ বাবে নিজৰ পুত্ৰক খালী হাতেৰে স্পৰ্শ কৰাৰ সুযোগ লাভ কৰে। এগৰাকী মাকে ১২ বছৰ ধৰি যি সন্তানক কোলাত ল’ব পৰা নাছিল, মৃ*ত্যুৰ ক্ষণত তেওঁক প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিছিল। এই দৃশ্য চিকিৎসা বিজ্ঞানৰ ইতিহাসৰ আটাইতকৈ আৱেগিক মুহূৰ্তসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

ডেভিদৰ ত্যাগে সলনি কৰিলে চিকিৎসা বিজ্ঞান

ডেভিদ ভেটাৰৰ জীৱন যদিও অতি চুটি আছিল, তথাপিও তেওঁৰ অৱদান অপৰিসীম। তেওঁৰ ওপৰত চলা গৱেষণা আৰু চিকিৎসা পৰীক্ষাসমূহে SCID ৰোগ সম্পৰ্কে বিজ্ঞানীসকলক গভীৰ জ্ঞান প্ৰদান কৰে। আজিৰ দিনত SCID ৰোগৰ আগতীয়াকৈ চিনাক্তকৰণ, উন্নত Bone Marrow ট্ৰান্সপ্লাণ্ট আৰু জিন থেৰাপীৰ সহায়ত বহু শিশুক সম্পূৰ্ণ সুস্থ জীৱন উপহাৰ দিব পৰা গৈছে। যি ৰোগে এসময়ত ডেভিদক প্লাষ্টিকৰ bubbleত বন্দী কৰি ৰাখিছিল, সেই ৰোগত আক্ৰান্ত বহু শিশু আজি স্বাভাৱিকভাৱে খেলি-ধেমালি কৰি ডাঙৰ হ’ব পাৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24health
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

October 4, 2026
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!
জীৱনশৈলী

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

October 3, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! লাভ, সফলতা আৰু সুখৰ যোগ

October 3, 2026
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
Next Post
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.