অসম লাইভ২৪ঃ এখন বিশাল গৱেষণাগাৰ। গৱেষণাগাৰটোত আছে হাজাৰ হাজাৰ কাঁচৰ গোলকৰ দৰে যন্ত্ৰ। তাৰ ভিতৰতেই তৈয়াৰ হৈছে একোটাকৈ মানৱ শিশু। এনে এক ভৱিষ্যত আমাৰ বাবে কেৱলমাত্ৰ অলৌকিক সপোন যদিও সেয়া অচিৰেই বাস্তৱ কৰি তুলিবলৈ সাজু হৈছে বিজ্ঞানীমহল। বিজ্ঞান গৱেষণাগাৰ হাছেম এনিমেছনে নিৰ্মাণ কৰা ভিডিঅ’টো প্ৰকাশ পোৱাৰ পাছতেই বিশ্বজুৰি এই গৱেষণাগাৰটোৰেই চৰ্চা।
হাছেমে তেওঁৰ কল্পনাৰ গৱেষণাগাৰটোৰ নাম দিছে এক্টোলাইফ। এই গৱেষণাগাৰৰ ভিতৰত আছে মুঠ ৭৫ টা কক্ষ। প্ৰতিটো কক্ষতেই থাকিব ৪০০টা কৃত্ৰিম গৰ্ভ। অৰ্থাৎ সকলো মিলি গৱেষণাগাৰটোত একেলগে ৩ হাজাৰ শিশুৰ জন্ম দিয়া সম্ভৱ হৈ উঠিব। কাঁচৰ গোলকৰ দৰে এই যন্ত্ৰবিধত ভিতৰতেই বিকশিত হ’ব শিশুটি। মাতৃৰ গৰ্ভৰ দৰেই শিশুটো তাত পালিত হ’ব। এই কৃত্ৰিম গৰ্ভ বা গ্ৰোথপডত আইভিএফ পদ্ধতিৰে শুক্ৰাণু আৰু ডিম্বানুৰ মিলন ঘটাই ভ্ৰূণ নিৰ্মাণ কৰিব পাৰিব। এই ভ্ৰূণ কৃত্ৰিম গৰ্ভতেই ডাঙৰ দীঘল হ’ব। জন্মৰ আগলৈকে কোনো কাৰণতেই এই কৃত্ৰিম গৰ্ভৰ পৰা শিশুটিক উলিয়াই অনা সম্ভৱ নহয়। ইয়াৰোপৰি শিশুটোৰ জন্মৰ পূৰ্বে যেনেকৈ মাতৃ গৰ্ভতেই সকলো জোখা হয় তেনেদৰে এই কৃত্ৰিম গৰ্ভৰ ভিতৰতেই সকলো টেষ্ট কৰা হ’ব বুলিও জনাইছে বিজ্ঞানীমহলে।
বিজ্ঞানীয়ে দাবী কৰা মতে প্ৰতি বছৰেই পৃথিৱীত সন্তান প্ৰসৱৰ মাতৃৰ গুণ আছেনে, কেনেকুৱা হৈছে সন্তানটি, স্বাস্থ্য কেনেকুৱা এই সকলোবোৰ জন্মৰ পূৰ্বেই জানিব পাৰিব পিতৃ-মাতৃয়ে। কৃত্ৰিমভাৱে হ’লেও জিনগত পৰিবৰ্তনৰ পৰা আৰম্ভ কৰি সন্তানৰ গাৰ বৰণ, উচ্চতা. শাৰীৰিক গঠন, বুদ্ধিমত্তা সকলোবোৰেই পূৰ্বেই জানিব পাৰিব পিতৃ-মাতৃয়ে। কৃত্ৰিমভাৱে জন্ম হোৱা শিশুৰ জিনগত ৰোগ থাকিলে জন্মৰ পূৰ্বেই ইয়াক নিৰ্মূল কৰিব পৰা যাব। শাৰীৰিক অসুস্থতাৰ বাবে যিসমূূহ দম্পত্তিয়ে সন্তান জন্ম দিব নোৱাৰে, বা যিসমূহ দেশত জনসংখ্য কমি যোৱাৰ সমস্য হৈছে সেইসকলৰ বাবে এয়া অত্যন্ত উপকাৰী হৈ পৰিব বুলি আশাবাদী বিজ্ঞানীমহল।
উল্লেখ্য যে সমগ্ৰ বিষয়টো ভাইৰেল হৈ থকাৰ মাজতেই বহুতেই ইয়াক কল্পবিজ্ঞানৰহে অংশ বুলি দাবী কৰিছে। বাস্তৱত এয়া কেনেকৈ সম্ভৱ? কিন্তু বিজ্ঞানীয়ে দাবী কৰিছে এয়া অচিৰেই সম্ভৱ। প্ৰযুক্তি এতিয়া হাতৰ মুঠিত। কেৱল মাত্ৰ অনুমতিৰ অপেক্ষাতহে ৰৈ আছে বিজ্ঞানী। কৃত্ৰিমভাৱে মানৱ শিশু জন্ম দিয়াটো ইমান সহজ কথাও নহয়। বহুতেই এই গৱেষণাগাৰৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই বহুতৰে আছে আপত্তিও। জন্মৰ পূৰ্বেই মানুহক গৱেষণাগাৰৰ বস্তু কৰি তোলাটোক লৈ আপত্তিও আছে বহুজনৰ। এনেদৰে কৃত্ৰিমভাৱে জন্ম দিলে মানুহৰ বিৱৰ্তন প্ৰক্ৰিয়াতেই সালসলনি আহিব। এই বিষয়টো কেতিয়াও আইনসন্মত হ’ব নোৱাৰে। আইনে সন্মতি নিদিয়া পৰ্যন্ত বিজ্ঞানীসকল সফল হ’লেও কৃত্ৰিম সন্তান জন্ম দিয়া সম্ভৱ নহয় বুলি জনাইছে বিজ্ঞানীৰ দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ