অসম লাইভ২৪ঃ একেলগে ৩০ টাকৈ মৃতদেহ পষ্টমৰ্টেম কৰিছে ব্যক্তিগৰাকীয়ে৷ কেইবছৰমান পূৰ্বেও এনেদৰেই এবাৰ লানি নিছিগাকৈ মৃতদেহৰ শাৰী পৰি আছিল পষ্টমৰ্টেম কক্ষৰ বাহিৰত৷ সেইবাৰ ঘটনা আছিল পৃথক৷ মধ্যাহ্ন ভোজন গ্ৰহণ কৰিয়েই মৃত্যুক সাবটি লৈছিল ১৮ টা শিশুৱে৷ এইবাৰো একেদৰেই পৰি আছে মৃতদেহৰ শাৰী৷ ৩০ টা মৃতদেহ এটাৰ পাছত আনটো মৃতদেহ কাটিব লাগে৷ বিষাক্ত মদ সেৱন কৰি মৃত্যুক সাবটি লোৱা এইসকলৰ মৃতদেহ পষ্টমৰ্টেম কৰি ভাগৰি পৰিছে ব্যক্তিগৰাকী৷
পষ্টমৰ্টেমৰ কামত বহুদিন ধৰি জড়িত হৈ থকা ৰাজেশ ঠাকুৰে বিগত তিনিদিন ধৰি লেথাৰিকৈ কাটি আছে শৱদেহ৷ দিনটোৰ এটা সময়তেই তেওঁ এই কৰ্তব্য পালন কৰিছে এনে নহয়৷ বিগত ২৪ ঘণ্টাত ৰাজেশে ৩০ টা শৱদেহৰ পষ্টমৰ্টেম কৰিছে৷
পূৰ্বে ৰাজেশৰ পিতৃও এই কামত জড়িত আছিল৷ পিতৃৰ মৃত্যুৰ পাছত ৰাজেশ এই কামত জড়িত হৈ পৰে৷ ৰাজেশে জনোৱা অনুসৰি বৰ্তমানলৈকে তেওঁ কেইবা শ শৱদেহৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে৷ কিন্তু এইবাৰ কথা পৃৰ্বতকৈ পৃথক৷ ২৪ ঘণ্টাৰ ভিতৰতেই তেওঁ মৃতদেহকেইটাৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰিব লগা হৈছে৷ একেৰাহে শৱ কাটি ভাগৰি পৰিছে ৰাজেশ৷ ৰাজেশে ভাগৰি পৰিলেও কৰ্তব্যত গাফিলতি নকৰি নিজা কাম নিৰ্দিষ্ট সময়ৰ ভিতৰতেই সমাপন কৰে৷ ২৪ ঘণ্টাত এবাৰলৈকো পষ্টমৰ্টেম কক্ষৰ বাহিৰলৈ ওলাই অহা নাছিল ৰাজেশ৷ শেষত শাৰীৰিকভৱে অসুস্থ হৈ পৰিছে ৰাজেশ৷
উল্লেখ্য যে, সুৰাপান কৰি বৰ্তমানলৈ ৫৫ জন লোকে সাবটি লৈছে মৃত্যুক৷ বহুকেইজনৰ অৱস্থা সংকটজনক৷ মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰো সম্ভাৱনা থকা বুলিও বিহাৰৰ এক সূত্ৰই প্ৰকাশ কৰিছে৷ বিহাৰৰ এই ঘটনাটোৱে বহুতকেই চিন্তিত কৰি তুলিছে৷ তাৰ মাজতেই বিশেষভাৱে পষ্টমৰ্টেমৰ কামত ব্যস্ত হৈ থকা ৰাজেশ বহুতৰে চৰ্চাৰ বিষয় হৈ পৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ