ডিজিটেল ডেস্কঃ ভাৰতীয় অসামৰিক সেৱাৰ পৰা অব্যাহতি বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে আই পি এছ আনন্দ মিশ্ৰই। ২০২৪ৰ ১৬জানুৱাৰীৰ লৈকে কৰ্তব্য পালন কৰিব আই পি এছ বিষয়াগৰাকীয়ে। বৰ্তমান লখিমপুৰত কৰ্মৰত আনন্দ মিশ্ৰ ২৭ডিচেম্বৰত উপস্থিত হয় মাজুলীত।
সপৰিয়ালে মাজুলীত উপস্থিত হৈ সত্ৰত বন্তিও প্ৰজ্বলন কৰে মিশ্ৰই। এই বিষয়ৰ সন্দৰ্ভত আনন্দ মিশ্ৰই প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- এতিয়া কাৰ্যালয়ৰ প্ৰক্ৰিয়াৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিব। মই মোৰ সিদ্ধান্তৰ কথা পত্ৰযোগে জনাইছো।’
ইফালে ৰাজনীতিলৈ অহাৰ সন্দৰ্ভত আনন্দ মিশ্ৰই হাঁহি মাৰি বিশেষ একো নকলেও এই কথাক নস্যাত নকৰিলে। মিশ্ৰই সাংবাদিকৰ আগত কয়- অব্যাহতি লোৱাৰ পাছত কি হয় দেখা যাব। প্ৰথমে এই কামটো ভালকৈ হৈ যাওক। কি কৰিম একো ভৱা নাই। কিন্তু গাঁৱত থাকিম আৰু গাঁৱতে কাম কৰিম।”
উল্লেখ কৰা প্ৰয়োজন যে, আনন্দ মিশ্ৰৰ এই অব্যাহতি পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে চৰ্চা হৈছে যে, ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিবলৈকে আনন্দ মিশ্ৰই চাকৰি জীৱনৰ পৰা অব্যাহতি বিচাৰিছে। ২০১১বৰ্ষৰ অসম-মেঘালয়ৰ কেডাৰৰ আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে বুলি চৰ্চা হৈছে। চাকৰি ত্যাগ কৰি ফেব্ৰুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি এই সমষ্টিত প্ৰচাৰ অভিযান চলাব বুলিও জানিব গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ