ডিজিটেল ডেস্কঃ ভাৰতীয় অসামৰিক সেৱাৰ পৰা অব্যাহতি বিচাৰিছে আই পি এছ আনন্দ মিশ্ৰই। এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে বৰ্তমান লখিমপুৰত কৰ্মৰত আৰক্ষী অধীক্ষকগৰাকীয়ে। জীৱনৰ বাকী সময়চোৱা স্বাধীনভাৱে সমাজৰ কাম কৰি যোৱাৰ পোষকতা কৰি আনন্দ মিশ্ৰই চাকৰি জীৱনৰ পৰা অব্যাহতি প্ৰধান কৰিবলৈ আহ্বান জনাইছে।
আনন্দ মিশ্ৰৰ এই অব্যাহতি পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে চৰ্চা হৈছে যে, ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিবলৈকে আনন্দ মিশ্ৰই চাকৰি জীৱনৰ পৰা অব্যাহতি বিচাৰিছে। ২০১১বৰ্ষৰ অসম-মেঘালয়ৰ কেডাৰৰ আনন্দ মিশ্ৰই বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ মন মেলিছে বুলি চৰ্চা হৈছে। চাকৰি ত্যাগ কৰি অচিৰেই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি এই সমষ্টিত প্ৰচাৰ অভিযান চলাব বুলিও জানিব গৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ বক্সাৰ লোকসভা সমষ্টিটো বৰ্তমান বিজেপিৰ দখলতে আছে। বিগত দুটা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰবীণ নেতা অশ্বিনী চুবে সাংসদ হৈ আছে। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত বহু ভোটৰ ব্যৱধানত জয়ী হৈছিল অশ্বিনী চুবে। ১৯৯৬চনৰ পৰা ধাৰাবাহিকভাৱে এই সমষ্টিটোত বিজেপিয়ে দখলত ৰাখিছিল যদিও ২০০৯চনত আৰ জে ডিৰ জগতানন্দ সিং সমষ্টিটোত জয়ী হৈছিল। তাৰ পাছতে পুনৰ দুবাৰকৈ এই সমষ্টিটোত অশ্বিনী চুবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
এই সমষ্টিটোৰ পৰাই ২০২৪ত নিৰ্বাচন খেলাৰ মন মেলিছে আই পি এছ আনন্দ মিশ্ৰই। বিজেপিয়ে এই সমষ্টিটোত ন বিজেপি আনন্দ মিশ্ৰক টিকট প্ৰদান কৰেনে নকৰে সেয়াও সময়তহে দেখা যাব। কিন্তু প্ৰশাসনিক সেৱাৰ পাছত এইবাৰ ৰাজনীতিৰ পথাৰত আনন্দ মিশ্ৰই কিমান সমাদৰ লাভ কৰে সেয়াও হব লক্ষ্যণীয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ