৭ মাহ ধৰি চলা এখন বিয়া, অৱশেষত এক হ’ল অনন্ত ৰাধিকা, চাওক কেইখন মান বিশেষ ফটো-
ভাৰতবৰ্ষৰ ইতিহাস হয়তো খুচৰি চালে পোৱা নাযাব এনে এখন বিয়া। এইখনেই হয়তো সকবাতোকৈ দীঘল বিয়া, যি বিগত ৭ মাহ ধৰি চলি আছিল। এতিয়াও অন্ত নপৰা এখন বিয়া । বিয়া হৈ গলেও কাইলৈ ১৪ তাৰিখে আছে শেষৰটো অনুষ্ঠান। কাইলৈ ১৪ জুলাই তাৰিখে অনুষ্ঠিত হব বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।
৫ হাজাৰ কোটি টকা ব্যয়েৰে অনুষ্ঠিত হোৱা এই বিয়াৰ খনৰ নায়ক নায়িকা অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট। ১২ জুলাই শুকুৰবাৰে বিবাহ কাৰ্য সম্পন্ন হয় অনন্ত-ৰাধিকাৰ বিয়া।
২০২২ চনৰ ৩০ ডিচেম্বৰত ৰাজস্থানৰ নাথদ্বাৰাৰ শ্ৰীনাথজী মন্দিৰত অনুষ্ঠিত হৈছিল অনন্ত-ৰাধিকাৰ ৰোকা অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তেই আম্বানী পৰিয়ালৰ পুত্ৰ বোৱাৰী হিচাপে স্বীকৃতি পাইছিল ৰাধিকাই।
এই ৰোকাৰ পিছত এক সুন্দৰ পাৰ্টীৰ আয়োজন হৈছিল এণ্টিলিয়াত। তেতিয়াৰ পৰাই আৰম্ভ হয় বিয়াৰ এটাৰ পাছত এটা অনুষ্ঠান।
২০২৩ চনৰ ১৯ জানুৱাৰীত এণ্টিলিয়াতে ঘনিষ্ঠ মহলৰ উপস্থিতিত আঙুঠি পিন্ধোৱা পৰ্ব হৈছিল অনন্ত-ৰাধিকাৰ। সেই অনুষ্ঠানত অনন্ত আম্বানীয়ে পৰিধান কৰিছিল উজ্জ্বল নীলা ৰঙৰ কুৰ্তা-পাইজামা আৰু গাঢ় ৰঙৰ জেকেট। ৰাধিকাই পৰিধান কৰিছিল সোণালী লেহেংকা।
অনন্ত আৰু ৰাধিকাৰ বাবে তিনি দিনজোৰা প্ৰি-ৱেডিং অনুষ্ঠানৰ আয়োজন কৰিছিল আম্বানী পৰিয়ালে। উপস্থিত আছিল ভিভিআইপিসকল।
বিশেষকৈ এই অনুষ্ঠানত ৰিহানা আৰু ছিৰ্ক দি ছোলেইয়ৰ প্ৰদৰ্শন আছিল আকৰ্ষণীয়। অতিথিসকলৰ বাবে আয়োজন কৰা হৈছিল বনতাৰা পৰিদৰ্শন আৰু মেজিকেল ড্ৰোণ শ্ব’ৰ।
অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং উদযাপনৰ আন এটা অংশ আছিল সমূহীয়া বিবাহৰ আয়োজন। সমাজৰ বাবে কিবা এটা কৰাৰ লক্ষ্যৰে উদ্যোগপতি মুকেশ আম্বানী আৰু পত্নী নীতা আম্বানীয়ে নৱী মুম্বাইত এক সমূহীয়া বিবাহৰ আয়োজন কৰিছিল।
সমাজৰ প্ৰায় সকলো সুবিধাৰ পৰা বঞ্চিত পৰিয়ালৰ সমূহৰ পৰা অহা ৫০ যোৰ দম্পতীৰ বিয়া হৈছিল এই অনুষ্ঠানত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ