অসম লাইভ২৪ঃ যুঁটি হিচাপে বিগ বছৰ ঘৰত প্ৰৱেশ কৰিছিল টেলিভিছন অভিনেত্ৰী অংকিতা লোখাণ্ডে আৰু স্বামী বিকি জৈনে। ছলমান খানৰ বিশেষ ৰিয়েলিটি শ্ব’ত ভৰি দিয়াৰে পৰাই তেওঁলোকৰ দাম্পত্য জীৱনত আহিছে দূৰত্ব। বিগ বছ ১৭ৰ ঘৰত এটাৰ পাছত আনটো অশান্তি আহিছে অংকিতা-বিকিৰ মাজত। কাজিয়াৰ পৰা আৰম্ভ কৰি এজনে আনজনক ঠাট্টা-মস্কৰা কৰা একোৱেই বাদ পৰা নাই। আনকি বিগ বছৰ ঘৰত হোৱা সকলো প্ৰতিযোগীতাতেই বিকিৰ ওচৰত বাৰে বাৰে অপমানিত হৈ বিচ্ছেদৰ কথাও কৈছে অংকিতাই।
বিকিৰ সৈতে দূৰত্ব যিমানেই বাঢ়িছে সিমানেই প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ কথাবোৰ নিজেই কৈ থকা হৈছে অংকিতাই। সুশান্তৰ নাম লৈয়েই বিগ বছৰ ঘৰত আৰু বাহিৰত সকলোৰে সহানুভূতি আদায় কৰাৰ চেষ্টা কৰিছে অংকিতাই বুলি বহুতেই চৰ্চা চলাইছে। বিগ বছৰ ঘৰত সুশান্তৰ বহু নজনা কথা শ্বেয়াৰ কৰিছে অংকিতাই। অংকিতা আৰু সুশান্তৰ প্ৰেমৰ পৰা আৰম্ভ কৰি বিচ্ছেদলৈকে সকলোবোৰ কথাই অংকিতাই বিগ বছৰ ঘৰত শ্বেয়াৰ কৰিছে। সুশান্তৰ কথা কওঁতে একাধিকবাৰ চকুপানীও ওলাইছে অংকিতাৰ। অংকিতাৰ চকুপানী দেখি বহুতেই অংকিতাক সমবেদনা জনাই সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে।
একাংশৰ মতে সমবেদনা আদায় কৰাৰ বাবেই অংকিতাই বাৰে বাৰে সুশান্তৰ নাম লৈ আছে। এইসমূহৰ মাজতেই অংকিতা প্ৰেগনেট হোৱাৰ খবৰো ভাইৰেল হৈছে। অংকিতাই এই সন্দৰ্ভত স্বামী বিকিক কৈছে, ‘মোৰ গা খুবেই বেয়া, মই ঘৰ যাব বিচাৰো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ