চীনত আন এক ভাইৰাছৰ আতংক, নাই কোনো প্ৰতিশেধক, হাই এলাৰ্ট জাৰি
সাৱধান হওক,ক’ভিডৰ পিছত এইবাৰ HMPVভাইৰাছৰ আতংক
ক’ভিডৰ দৰেই পুনৰ আহি আছে আন এক ভয়ংকৰ ভাইৰাছ
চীনত পুনৰ আবিৰ্ভাৱ ঘটিছে নতুন ভাইৰাছৰ
ক’ভিডৰ পিছত এইবাৰ আহি আছে HMPVভাইৰাছ
HMPVভাইৰাছক লৈ এতিয়া সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি হৈছে
এই ভাইৰাছৰ নাই কোনো প্ৰতিষেধক
চীনৰ কেইবাটাও প্ৰান্তত জাৰি হাই এলাৰ্ট
এই ভাইৰাছক লৈ বিজ্ঞানীসকলৰ লগত নাই কোনোধৰণৰ বিশেষ তথ্য
এই ভাইৰাছত আক্ৰান্ত হোৱা লোকসকল জ্বৰ,চৰ্দি,কাঁহত ভূগিবলগীয়া হয়
ইপিনে চীনত এই ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে
সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সঘনাই হাত ধোৱাৰ নিৰ্দেশ দিয়া হৈছে
তদুপৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজেৰে থাকিবলৈও নিৰ্দেশ দিয়া হৈছে
ভাইৰাছটো মূলতঃ কাঁহ বা হাঁচিৰ দ্বাৰা বিয়পে
দূষিত পৰিৱেশৰ ঘনিষ্ঠ সম্পৰ্ক বা সংস্পৰ্শলৈ অহাৰ ফলতো বিয়পে এই ভাইৰাছ
মানুহৰ মাজত মাস্ক পৰিধান কৰা,সামাজিক দূৰত্ব বজাই ৰখা, সঘনাই হাত ধোৱাৰ পৰামৰ্শ
আৰু সম্ভৱ হ’লে ভিৰ ঠাইৰ পৰা আঁতৰি থকাৰো পৰামৰ্শ দিয়া হৈছে
ক’ভিড মহামাৰীৰ ৫বছৰৰ পিচত এইবাৰ HMPVভাইৰাছৰ কবলত সমগ্ৰ চীন
কৰ’ণা ভাইৰাছৰ দৰেই দ্ৰুতগতিত বিয়পি পৰিছে HMPVভাইৰাছ
চিকিৎসালয়সমূহত ভিৰ কৰিছে ৰোগীয়ে
শিশু আৰু বৃদ্ধ বেছিকৈ আক্ৰান্ত হৈছে HMPVভাইৰাছত
ইজনৰ পিছত আনজন লোক আক্ৰান্ত হৈছে HMPVভাইৰাছত
Covid-19ৰ দৰে কিছু একেই লক্ষণ দেখা দিছে HMPVভাইৰাছত
চীনৰ বহু ঠাইত বৰ্তমানে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে চীন প্ৰশাসনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















