অসম লাইভ ২৪ঃ সু-খবৰ। জুনৰ পৰা ভাৰতত উপলব্ধ হ’ব তৃতীয়টো কোভিড ভেকচিন স্পুটনিক-৫। জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা সকলো লোকৰ বাবে স্পুটনিক-৫ মুকলি কৰিব এপল’ হাস্পতালে। এই কথা বৃহস্পতিবাৰে সদৰী কৰে এপল’ কৰ্তৃপক্ষই। প্ৰতিসপ্তাহে ১০ লাখ লোকক ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে এপল’ হাস্পতাল কৰ্তৃপক্ষই। দেশৰ সমূহ এপল’ হাস্পতালত উপলব্ধ হ’ব এই সুবিধা। পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই ৰাছিয়াৰ কোভিড ভেকচিন স্পুটনিক-৫ক জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন জনাইছিল। ভাৰতৰ ডাঃ ৰেড্ডীচ লেবৰটৰী কোম্পানীয়ে ইতিমধ্যেই ভেকচিনৰ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জুনৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিব ভেকচিনেচন প্ৰক্ৰিয়া। ভাৰতত স্পুটনিক-৫ৰ পৰীক্ষণ আৰম্ভ কৰিছিল ডাঃ ৰেড্ডী কোম্পানীয়ে। ১ মে’ৰ পৰা আনুষ্ঠানিকভাৱে স্পুটনিক-৫ৰ ভেকচিনেচন প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল। উল্লেখ্য, ডাঃ ৰেড্ডীচৰ উপৰিও ভাৰতৰ পানাচিয়া বায়’টেকত উৎপাদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কোভিড ভেকচিন স্পুটনিক-৫ৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ