মালাইকা আৰোৰাৰ সৈতে ৬বছৰীয়া প্ৰেম৷ সেই সম্পৰ্ক এতিয়া আৰু নাই৷ নিজেই প্ৰেম বিচ্ছেদৰ কথা জনাইছে অৰ্জুন কাপূৰে৷ দীৰ্ঘ ৬বছৰৰ একেলগে ফুৰা, চিনেমাৰ বিভিন্ন অনুষ্ঠানলৈ একেলগে যোৱা, সকলোবোৰ লগতে কৰিছিল মালাইকা-অৰ্জুনে৷ কিন্তু সেই জুঁটি ভাঙি গ’ল৷ যদিও প্ৰেম ভঙাৰ কষ্ট যেনেকৈ আছে, তেনেকৈ এইবাৰ তেওঁৰ জীৱনত সফলতাও আহিছে৷ দীৰ্ঘবিৰতিৰ অন্তত তেওঁ চিনেমাত সফলতা লাভ কৰিব৷ সিংহম এগেইন ছবিত খলনায়কৰ চৰিত্ৰত প্ৰশংসা পাইছে অৰ্জুনে৷
বিগত কেইবাবছৰ ধৰি অৰ্জুনৰ শৰীৰত বাহ বান্ধিছে এবিধ বিশেষ ৰোগে৷ হাছিমটো ৰোগত আক্ৰান্ত হৈছে অৰ্জুন কাপুৰ৷ মাতৃৰ পৰা এই ৰোগ আহিছে অৰ্জুনৰ শৰীৰলৈ৷ ৩০ বছৰ বয়সৰ পৰা এই ৰোগত আক্ৰান্ত তেওঁ৷ এই ৰোগত দ্ৰুত শৰীৰৰ ওজন বৃদ্ধি পায়৷ এই ৰোগৰ কাৰণে থায়ৰয়েড গ্লেণ্ড নষ্ট হৈ যায়৷ যাৰফলত ওজন বৃদ্ধি হয় অনিয়ন্ত্ৰিতভাৱে৷ কেৱল এই উপসৰ্গই নহয়, একাকিত্ব আৰু অৱসাদো আহিছে অৰ্জুনৰ৷
ঘনে ঘনে মনোবিদৰ কাষলৈ যাব লগা হৈছে তেওঁ৷ প্ৰকৃততে অৱসাদ তেওঁৰ সৰুৰে পৰাই আছে৷ সৰুৰে পৰাই ওজন বেছি হোৱাৰ বাবে দৈনিক থেৰাপি লৈ আছে অভিনেতাজনে৷ বক্স অফিচত তেওঁৰ ছবি ব্যৰ্থ হ’বলৈ আৰম্ভ হোৱাৰে পৰা অৱসাদৰো স্বীকাৰ হ’ব ধৰিলে অভিনেতা অৰ্জুন৷ অভিনেতাজনে এই সন্দৰ্ভত কয়, ‘বিগত বছৰৰ পৰা কৰ্মজীৱনক লৈ দুশ্চিন্তা আছিল৷ একোৱেই ভাল নলগা হৈছিল৷ নিজৰ ছবি নিজেই চোৱা বন্ধ কৰি দিছিলো৷ একাধিক মনোবিদক দেখুৱাইছো লাভ হোৱা নাই৷ অৱশেষত এজনে মোৰ চিকিৎসা কৰি আছে৷ প্ৰেম ভাঙিছে, শৰীৰ, মন ভালে নাই তাৰমাজতেই সিংহম এগেইনৰ সাফল্যৰ পাছত তেওঁৰ কৰ্মোদ্যম আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ