অসম লাইভ ২৪ : ২০ লাখ টকাত শচীন পুত্ৰ অৰ্জুন তেণ্ডুলকাৰক ক্ৰয় কৰিলে মুম্বাই ইণ্ডিয়ানছে। বৃহস্পতিবাৰে চেন্নাইত অনুষ্ঠিত ipl-2021ৰ নিলামত মুম্বাই ইণ্ডিয়ানছে ২০ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত ক্ৰয় কৰে অৰ্জুনক। মুম্বাই ইণ্ডিয়ানছৰ ডাইৰেক্টৰ অব্ ক্ৰিকেট অপাৰেচনছ আৰু প্ৰাক্তন ভাৰতীয় পেছ বলাৰ জাহিৰ খান আৰু প্ৰশিক্ষক মাহেলা জয়বৰ্ধনাই অৰ্জুন তেণ্ডুলকাৰৰ দলভুক্তিক আদৰণি জনায়। দুয়ো জনায় যে কেৱল নিজৰ উপাধিৰ বাবেই বাঁওহতীয়া পেছ বলাৰজনক মুম্বাই দলে ক্ৰয় কৰা নাই। নিলামত ২১২ নম্বৰ খেলুৱৈৰূপে নাম উঠা ২১ বছৰীয়া অৰ্জুন সন্দৰ্ভত প্ৰশিক্ষক জয়বৰ্ধনে কয় যে ‘আমি তেওঁক প্ৰতিভাৰ আধাৰত বিবেচনা কৰিছিলো। শচীন তেণ্ডুলকাৰৰ পুত্ৰ হোৱাটোৱে এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলোৱা নাই। কিয়নো অৰ্জুন বেটছমেন নহয়, বলাৰহে। মই ভাবো শচীন তেণ্ডুলকাৰে এই লৈ গৌৰৱবোধ কৰিলেহেঁতেন যদিহে তেওঁ অৰ্জুনৰ দৰে বলিং কৰিব পাৰিলেহেঁতেন।’ কিছুদিন পূৰ্বে মুম্বাই ছিনিয়ৰ দলৰ হৈ আত্মপ্ৰকাশ কৰা অৰ্জুন তেণ্ডুলকাৰক লৈ স্বাভাৱিকতে প্ৰত্যাশা বৃদ্ধি পাইছে ক্ৰিকেটপ্ৰেমীৰ। অৰ্জুনক কঠোৰ পৰিশ্ৰমী আৰু আগ্ৰহী ন-শিকাৰো হিচাপে প্ৰশংসা কৰে জাহিৰ খানেও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ