অসম লাইভ ২৪ : সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ভোটাৰক আকৰ্ষণ কৰিবলৈ হাতত লৈছে ন ন পদক্ষেপ। কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছে ‘অসম বচাওঁ আহক’ কাৰ্যসূচীৰ অংশ হিচাপে আয়োজন কৰিছিল এক প্ৰতিযোগিতা। অসমৰ সমস্যাসমূহৰ বিষয়ে কৈ ভিডিঅ’ প্ৰস্তুত কৰি লাভ কৰিব পাৰে আইফোন-১২। কংগ্ৰেছৰ এই প্ৰতিযোগিতালৈ সহাঁৰি জনালে অনেকজনে। তাৰ মাজৰে পৰা শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰেইনী বৰগোঁহাই আৰু মানস্বিতা বৰাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ