পূজাৰী সকলে প্ৰতিমাহে পাব ১৮ হাজাৰ টকা, নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ ঘোষণা
দিল্লী নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱালৰ আন এক ঘোষণা। এইবাৰ পূজাৰী সকলৰ বাবে এই বিশেষ ঘোষণা।
সকলো পূজাৰীকে প্ৰতিমাহে প্ৰদান কৰিব ১৮ হাজাৰকৈ টকা। সংবাদমেন যোগে এই কথা সদৰি কৰে কেজৰিৱালে।
আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ২০২৪ চনৰ শেষৰটো সোমবাৰে হিন্দু পুৰোহিত আৰু শিখ গ্ৰন্থীৰ বাবে এক আঁচনি ঘোষণা কৰিছে।
মাহিলী ১৮ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে কেজৰিৱালে।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে আপে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিত এই আঁচনিখনৰ বিষয়ে সদৰি কৰে।
আপে দিল্লীৰ ক্ষমতালৈ ঘূৰি অহাৰ পিছতে এই ‘পূজাৰী গ্ৰন্থি সন্মান যোজনা’ আৰম্ভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ