৮ দিনৰ পাছতো ৭০০ ফুট দ’ গাঁতৰ পৰা উদ্ধাৰ কৰিব পৰা হোৱা নাই চেতনাক
শোকস্তব্ধ ৰাজস্থান। ৩ বছৰীয়া চেতনা আজিয়ো ৭০০ ফুট দ’ গাঁতত আৱদ্ধ। ৮ দিন পাছতো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চেতনাক। আজি ৯ ম টো দিনটো অব্যাহত আছে উদ্ধাৰ কাৰ্য।
বিগত এসপ্তাহ ধৰি ৰাজস্থানৰ কোটপুটলিয়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ৮ দিন পূৰ্বে হঠাতে এটা ব’ৰৱেলত সোমাই পৰিছিল ৩ বছৰীয়া চেতনা। তেতিয়াৰ পৰা উদ্ধাৰকাৰী দলে দিনে নিশাই চেতনাক বচাবলৈ চেষ্টা কৰি আহিছে যদিও বৰ্তমানলৈকে সফলতা পোৱা নাই। এতিয়াও অব্যাহত আছে উদ্ধাৰ অভিযান। চেতনাৰ স্বাস্থ্যক লৈ প্ৰশাসনেও মৌনতা অৱলম্বন কৰিছে।
উল্লেখ্য যে, ২৩ ডিচেম্বৰৰ দিনা খেলি থাকোতে ৩ বছৰীয়া নিৰীহ চেতনা হঠাতে ব’ৰৱেলত সোপাই পৰিছিল। ব’ৰৱেলৰ গভীৰতা ৭০০ ফুট, আনহাতে চেতনা ১৫০ ফুট গভীৰতাত আবদ্ধ হৈ পৰে। চেতনাক সেই গাঁতৰ পৰা উলিয়াবলৈ বহুতো থলুৱা কৌশল গ্ৰহণ কৰা হৈছিল যদিও তাইক মাত্ৰ ৩০ ফুট ওপৰলৈহে টানিব পৰা গৈছিল। ইয়াৰ পিছত বহু মেচিনৰ সহায়ত চেতনা উলিয়াবলৈ চেষ্টা কৰা হৈছিল যদিও সকলো প্ৰচেষ্টা বিফল হৈছে।
উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে এনডিআৰএফ আৰু এছডিআৰএফৰ দল। উদ্ধাৰকাৰী দলে জনোৱা মতে, ৭ ফুটৰ সুৰংগ খনন কৰা হৈছে। এতিয়া ১.৫ ফুট বহল শিল খনন কৰিবলগীয়া আছে। শিলটো অতি কঠিন, যাৰ ফলত ১ ঘণ্টাত মাথো ২-৪ ইঞ্চি ড্ৰিলিং কৰিব পৰা গৈছে।
২৩ ডিচেম্বৰৰ দুপৰীয়া প্ৰায় ১:৩০ মান বজাত চেতনা খেলি থাকোঁতে ব’ৰৱেলত সোমাই পৰিছিল। নিশা ৯:৩০ বজাত উদ্ধাৰকাৰী দল উপস্থিত হৈছিল। পিছদিনা পুৱা ৯:৩০ বজাত চেতনাক হুকেৰে ১৫ ফুট ওপৰলৈ টানি অনা হৈছিল। তাৰ পিছত হাৰিয়ানাৰ পৰা পাইলিং মেচিন আহিল, কিন্তু ৪০ ফুট খান্দি মেচিনটো বন্ধ হৈ যায়। তাৰ পিছত ৰেট মাইনাৰ্চ দলক মাতি অনা হ’য়। ১৭০ ফুটৰ এটা গাঁত খান্দিছিল দলে, কিন্তু বৰষুণৰ বাবে অভিযান বন্ধ কৰিবলগীয়া হৈছিল। ২৮ ডিচেম্বৰৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়। কিন্তু চেতনা এতিয়াও উদ্ধাৰ হোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ