• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

1 year ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

33 minutes ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

1 hour ago
হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

হোটেলত কেৱল বগা বিচনা চাদৰ কিয় দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
স্নান কৰোতে প্ৰথম পানী ক’ত ঢালে? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ

কোনটো সময়ত গা ধোৱাটো উত্তম? গা ধোৱাৰ সঠিক পদ্ধতি জানক

2 hours ago
নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

নিশা কোনোবাই চাই থকা যেন অনুভৱ হয় নেকি? আঁৰৰ কাৰণ কি জানক

2 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’ল অহাত বিলম্ব, যাত্ৰীয়ে পাব বিনামূলীয়া খাদ্য! এই নিয়মটো জানেনে?

3 hours ago
বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

বিচনাৰ কাষত পানী ৰাখি শুৱে নেকি? মানসিক স্বাস্থ্যত পৰিব প্ৰভাৱ!

3 hours ago
চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

চলমানৰ প্ৰথম প্ৰেমিকাৰ সৈতে কিয়াৰাৰ বিশেষ সম্পৰ্ক, কেনেকৈ?

5 hours ago
Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

Honeymoonত বালিলৈ যোৱাৰ পৰিকল্পনা, কিন্তু বিয়াৰ পূৰ্বে হ’বলগীয়ে পত্নীয়ে পঠালে সিপুৰীলৈ!

6 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

ভুলতেও আওকাণ নকৰিব এই ৪ টা সপোনক, পাব ভৱিষ্যতৰ ইংগিত!

7 hours ago
ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

ৰোনাল্ডোৱে গঢ়িলে অভিলেখ, ফিফা বিশ্বকাপত ২৪ ঘণ্টাৰ ভিতৰতে ভংগ কৰিলে লিয়নেল মেছিৰ ৰেকৰ্ড।

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

editor by editor
February 19, 2025
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী
0
‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ
0
SHARES
33
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ভূতৰ মুখত ৰাম নাম’- সদনত বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

আজি ১৯ ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাৰ দ্বিতীয় দিন ৰাজধানী দিছপুৰৰ সংসদ ভৱনত অনুষ্ঠিত হয়। এই অধিৱেশনৰ প্ৰথম দিনটো ইতিহাস ৰচি ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত হৈছিল।

আজি সদনৰ মজিয়া লোণৰ প্ৰসংগৰ বাবে উত্তাল হৈ পৰে। অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈ আৰু নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দি বিৰোধীক তীব্ৰৰ কটাক্ষ কৰে।

‘বিধানসভাত বিৰোধীয়ে লোণ লৈ উন্নয়নমূলক কাম কৰিবলৈ কয় কিন্তু সদনৰ বাহিৰত গৈ ওলোটা খৰ মাৰে’, ‘বিধানসভাৰ বাহিৰত বিৰোধীয়ে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লোণ লৈ অসম ধ্বংস কৰিলে বুলি আস্ফালন কৰে’ । লগতে সদনত ‘ভূতৰ মুখত ৰাম নাম’ বুলি বিৰোধীক তীব্ৰ কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ।

অসম বিধানসভাত আজি লোণৰ প্ৰসংগত এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। আজি বিধানসভাত বিধায়ক অখিল গগৈ আৰু নন্দিতা দাসৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মন্ত্ৰী পীযুষ হাজৰীকাই এইদৰে মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক লোণ সম্পৰ্কত ৰাইজক বিপথে পৰিচালিত নকৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে আজি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং, দৰিকা আৰু জাঁজী নদীৰ বান সমস্যা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে৷ বিধায়কজন জিলাখনৰ কেইবাটাও সমস্যা জলসম্পদ বিভাগে সমাধান কৰি দিয়াৰ কথাও সদনত উল্লেখ কৰে৷ বিধায়কজনে সমষ্টিটোত আমগুৰিলৈকে ২৬ কিলোমিটাৰ মথাউৰিৰ ১১ কিলোমিটাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা বুলি উল্লেখ কৰে। বিধায়কজনে ইয়াৰ কাৰণে এছিয়ান ডেভলপমেণ্ট বেংক তথা বিশ্ব বেংকৰ এটা প্ৰজেক্ট দাখিল কৰি থোৱা আছে বুলি উল্লেখ কৰি এই প্ৰজেক্ট যদি হৈ নুঠে, তেন্তে শিৱসাগৰখন বানপানীৰ কবলত পৰিব বুলি কয়৷ এই প্ৰজেক্টটোৰ বৰ্তমান কি পৰ্যায়ত আছে সেই সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে মন্ত্ৰীগৰাকীৰ পৰা জানিবলৈ বিচাৰে৷

মন্ত্ৰী পীযুষ হাজৰীকাই সদস্যগৰাকীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কয় যে, সদনত আজি ভূতৰ মুখত ৰাম নাম হৈছে৷ সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই সংবাদমেলেই হওক বা ছ’চিয়েল মিডিয়াতেই হওক প্ৰকাশ কৰে যে চৰকাৰখনে লোণ লৈ অসমখন ধ্বংস কৰিলে৷ কিন্তু তেওঁ আজি লোণ ল’বলৈ পৰামৰ্শ দিলে৷ তেওঁক এডিবিৰ পইচা লাগে৷ এছিয়ান ডেভলপমেণ্টৰ টকাৰে তেওঁৰ সমষ্টিত উন্নয়ন লাগে, গতিকে তেওঁ আমাৰ লোণ লোৱাৰ যি প্ৰক্ৰিয়া তাক ন্যাৰ্যতা প্ৰদান কৰিলে।

মন্ত্ৰী পীযুষ হাজৰীকাই অখিল গগৈৰ সমষ্টিত যথেষ্ট কাম কৰাৰ কথা উল্লেখ কৰে৷ যাৰ বাবে অখিল গগৈয় মন্ত্ৰীগৰাকীক ধন্যবাদ দিয়া বুলিও কয়৷ আজিৰ সদনত মন্ত্ৰীগৰাকীয়েও বিধায়কগৰাকীক প্ৰতি ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে শিৱসাগৰ সমষ্টিত এডিবিত প্ৰথম পৰ্যায়ত ৩৪৮ কোটি টকাৰ কাম কৰিবলৈ প্ৰচেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে৷ অহা ডিচেম্বৰ মাহৰ ভিতৰত সেইখিনি কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলি কয়৷ আনহাতে, এডিবিৰ দ্বিতীয় পৰ্যায়ৰ যাতে কাম কৰিব পাৰে প্ৰত্যেক ১৫ দিনৰ পাছত ফ্ৰেমাৰ অফিচত বৈঠক অনুষ্ঠিত কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে যিমানকেইখন জিলাত এডিবিৰ কাম চলি আছে তাৰ অভিযন্তা, ঠিকাদাৰৰ সৈতে বৈঠক কৰি থকা হয়।

মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰচেষ্টাত যদি সক্ষম হয় তেতিয়াহ’লে শিৱসাগৰ জিলাত ৪৪৮ কোট টকা, গোলাঘাটত ৪৬৩ কোটি টকা, যোৰহাটত ৪৪৪ কোটি টকা, ধেমাজিত ৩৭৯ কোটি টকা মুঠ ১৬৪২ কোটি টকা এইবছৰ ল’বলৈ সক্ষম হ’ব। আৰু যদি সক্ষম হয় নৱেম্বৰ বা ডিচেম্বৰত তাৰ কামো আৰম্ভ হ’ব। ঠিক তেনেকৈ বিশ্ব বেংকৰো কামৰ প্ৰক্ৰিয়া চলাই থকা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্ব বেংকৰ পৰাও প্ৰায় ৫০০ কোটি টকা পাব বুলি কয়। যদি কামখিনিত সফল হয় অহা বছৰ বিশ্ব বেংক এডিবিৰ প্ৰায় ২২ শ কোটি টকাৰ কাম কৰিবলৈ সক্ষম হ’ব বুলি সদনত জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam Governemntpiyush hazarika
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?
অসম

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

June 24, 2026
জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?
অপৰাধ

জয়পুৰৰ ৰাজপথত যুৱতীৰ ভাইৰেল দৃশ্য, প্ৰকৃততে ভুল কাৰ?

June 23, 2026
‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?
ভাৰত

‘শ্ৰী ৰাম’ৰ নাম লৈ কোনে লুটিলে ২০০ কোটি টকাৰ ধন, অলংকাৰ?

June 23, 2026
অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা
অসম

অঘোৰী বাবাসকলৰ জীৱন, সাধনা, খাদ্যাভ্যাস আৰু ৰহস্যময় পৰম্পৰা

June 23, 2026
Next Post
CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা

CBSEৰ ডাঙৰ সিদ্ধান্ত- বছৰি দুবাৰকৈ অনুষ্ঠিত হ'ব দশম শ্ৰেণীৰ পৰীক্ষা

সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.