‘মাজুলীবাসীক দলং নালাগে কোৱা গৌৰৱ গগৈয়ে দলৰ কৰ্মীৰ ফোনো নধৰে’- মন্ত্ৰী পিযূষ
ৰাজ্যত তুংগত নিৰ্বাচনী প্ৰচাৰ। সমষ্টিয়ে সমষ্টিয়ে সকলো টিকট লাভ কৰা প্ৰাৰ্থী নামি পৰিছে এতিয়া জোৰদাৰ প্ৰচাৰ অভিযানত।
তাৰমাজতেই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ এক মন্তব্যক লৈ সৰৱ হৈ পৰিছে বিজেপিৰ অন্যমত কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকা।
মাজুলী সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য আছিল- ‘মাজুলীবাসীয়ে দলং নালাগে বুলি কৈছিল, আমাৰ চৰকাৰ থকাৰ দিনত আমি দলঙৰ প্ৰস্তাৱ আগবঢ়াইছিলো কিন্তু সেই সময়ত দল সংগঠন তথা স্থানীয় লোকে ইয়াৰ বিৰোধিতা কৰিছিল। সেইবাবে আমি আলোচনাৰ মাজেৰে লোকতন্ত্ৰক গুৰুত্ব দি দলং নিৰ্মাণৰ কাম আমি লাহে লাহে আগবঢ়াইছিলো।’
গৌৰৱ গগৈৰ এই মন্তব্যৰ পাছতে উভতি ধৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পিযূষ হাজৰিকাই। মন্ত্ৰী পিযুষে কয় যে, ‘মাজুলীত দলং নালাগে বুলি কোৱা মন্তব্যৰে অপমান কৰা হৈছে মাজুলীবাসীক। মাজুলীবাসী ইমান অজ্ঞ নেকি যে তেওঁলোকে দলং নালাগে বুলি ক’ব।’
‘কংগ্ৰেছৰ দিনত মাজুলীত বাট পথেই নাছিল। সৰ্বানন্দ সোণোৱালৰ দিনতহে মাজুলীয়ে অন্য এক ৰূপ পালে।’
মন্ত্ৰী পিযূষ হাজৰিকাই লগতে কয় যে ‘গৌৰব গগৈ কলিয়াবৰ সাংসদ হৈ থাকোতে সদনত কিমান দিন কলিয়াবৰৰ সমস্যাৰ কথা কৈছিল? কিমান উন্নতি হৈছিল কলিয়াবৰৰ। কেইবাৰ সমষ্টিলৈ গৈছিল তেওঁ।’
লগতে মন্ত্ৰী পিযূষ হাজৰিকাই উদঙালে গৌৰব গগৈৰ আন এক কথাও। বহু কংগ্ৰেছ কৰ্মীৰ অভিযোগ, সহজতে হেনো ফোন ৰিছিভ নকৰে গৌৰৱ গগৈয়ে। যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় নেতা কৰ্মীসকল। যাৰ বাবে দল এৰিবলৈয়ো বাধ্য হয় একাংশ কংগ্ৰেছ কৰ্মী।
এনেদৰে নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিজৰ বলিষ্ঠ কণ্ঠেৰে ৰাইজৰ সমস্যাৰ বুজ লোৱা দেখা গ’ল মন্ত্ৰী পিযূষ হাজৰিকাক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















