পহলগামৰ ঘটনাৰ ওপৰত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ, লগতে কঠোৰ সিদ্ধান্ত
২২ এপ্ৰিল তাৰিখে ভূ-স্বৰ্গ খ্যাত কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা দেশৰ লগতে বিশ্ব কঁপাই যোৱা বৰ্বৰ ঘটনাত ভাৰত চৰকাৰ বহু কেইটা ডাঙৰ সিদ্ধান্ত। আজি সেই ঘটনাত গৰজি উঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৰিলে ডাঙৰ ঘোষণা। পেহেলগামত নিহত শ্বহীদৰ পৰিয়ালৰ কাষত ৰাজ্য চৰকাৰ। প্ৰতিগৰাকী শ্বহীদৰ পৰিয়ালক ৫ লাখকৈ সাহাৰ্যৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সকলো সময়তে শ্বহীদৰ পৰিয়ালৰ কাষত থাকিম বুলি সংবাদ মাধ্যম যোগে ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। লগতে কয়- ‘প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সংকল্প লৈছে। প্ৰধানমন্ত্ৰীৰ সংকল্পক আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ।’
ইয়াৰ উপৰি কঠোৰ সিদ্ধান্ত। সন্ত্ৰাসবাদীক কোনোপধ্যেই প্ৰশ্ৰয় নিদিয়াৰ হুংকাৰ। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়- ‘পাকিস্তানক সমৰ্থন কৰাসকলক ৰেহাই দিয়া নহ’ব। পাকিস্তানক সমৰ্থন কৰা কাম অসমৰ মাটিত হ’বলৈ নিদিওঁ। সামাজিক মাধ্যমত পোষ্ট দিলে আৰক্ষীয়ে ল’ব ব্যৱস্থা।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















