৩ দিনৰ ভিতৰতেই সকলো পাকিস্তানীয়ে এৰিব লাগিব ভাৰত, ২৭ এপ্ৰিললৈহে বৈধ ভিছা
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ৫টা বৃহৎ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে এটা হ’ল ভাৰতৰ পৰা পাকিস্তানী নাগৰিকক ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত ঘূৰাই পঠোৱা। ভাৰতে কয় যে অহা ৩ দিনৰ ভিতৰত পাকিস্তানী নাগৰিকে ভাৰত এৰি যাব লাগে।
এই ভিছা ২৭ এপ্ৰিললৈকেহে বৈধ। লগতে ২৯ এপ্ৰিললৈকেহে পাকিস্তানী নাগৰিকৰ মেডিকেল ভিছা বৈধ কৰি দিয়া হৈছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে পাকিস্তানী নাগৰিকক ভাৰত এৰি যাবলৈ ৪৮ ঘণ্টীয়া সময়সীমা দিয়াৰ এদিন পিছতে বৃহস্পতিবাৰৰ পৰা এই চুবুৰীয়া দেশখনৰ বহু নাগৰিকে আটৰী-বাঘা সীমান্ত পথেৰে ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিছে।
কেৱল ভিছাৰ সময় শেষ কৰাই নহয় ১৯৬০ চনৰ সিন্ধু জল সন্ধি স্থগিত কৰা আৰু আটাৰীৰ স্থল ট্ৰেনজিট পোষ্ট তৎকালীনভাৱে বন্ধ কৰাকে ধৰি কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ভাৰত চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ